December 18, 2025 6:47 PM December 18, 2025 6:47 PM

views 4

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তিও নির্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা ব...

December 11, 2025 12:05 PM December 11, 2025 12:05 PM

views 3

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রীৰ ৰাজ্যবাসীক সতর্কবাণী

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ'লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। ৰাজ্যৰ অর্থনীতি, মাটি, সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিখা নির্বাপিত হ'বলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কালি নিজৰ জাতি,...

December 9, 2025 7:17 PM December 9, 2025 7:17 PM

views 20

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্রবাদ তথা গুপ্তহত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ ...

December 6, 2025 11:49 AM December 6, 2025 11:49 AM

views 3

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি সৰহসংখ্যক আসনতে বিজেপি আৰু অগপয়ে বুজা বুজিৰে প্ৰতিদ্বন্দ্বিত কৰিব বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। অগপৰ সৈতে ইতিমধ্যে আসন বুজাব...

December 6, 2025 11:44 AM December 6, 2025 11:44 AM

views 3

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী আজি শিলচৰলৈ ৰাওনা

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা দুদিনীয়া ভ্রমণসূচীৰে আজি শিলচৰলৈ যাব। তেওঁ হাইলাকান্দি আৰু শিলচৰত কেইবাটাও কার্যসূচীত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে শিলচৰত উপস্থিত হৈ হাইলাকান্দিলৈ যাব আৰু তাত দিনৰ ভাগত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত হিতাধিকাৰীসকলৰ মাজত চেক বিতৰণ কৰিব। কাইলৈও মুখ্যমন্ত্রীয়ে কেইবাটাও কার্যসূচীত অংশ ল'ব।

December 4, 2025 12:40 PM December 4, 2025 12:40 PM

views 5

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ৰ প্রকাশ

অপৰাধৰ তদন্তৰ ক্ষেত্ৰত অসম সম্প্রতি দেশৰ ভিতৰতে শীর্ষস্থানত আছে বুলি কেন্দ্রীয় গৃহ মন্ধ্যালয়ে প্রকাশ কৰিছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি অসম আৰক্ষী আৰু গৃহ বিভাগৰ মুঠ ৫ হাজাৰ ৮১৮ গৰাকী বাছনি লাভ কৰা প্ৰাৰ্থীক নিযুক্তি-পত্র প্রদান কৰি দিয়া ভাষণত এই কথা উল্লেখ কৰে। নতুন ফৌজদাৰী আইনৰ অধীনত অসম আৰক্ষীয়ে অনুসন্ধানৰ ক্ষেত্ৰত সৰ্বশ্রেষ্ঠ পাৰদৰ্শিতা দেখুৱাইছে বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে নিযুক্তি প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে ইতিমধ্যে পূৰ্বৰ ...

December 4, 2025 12:36 PM December 4, 2025 12:36 PM

views 7

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে শীঘ্রেই এখন সমিতি গঠন কৰা হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

চাহ শ্রমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ বাবে বাগিচাসমূহত জৰীপ চলাবলৈ শীঘ্রেই এখন সমিতি গঠন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি চাহ শ্রমিকক ভূমি হস্তান্তৰ সন্দৰ্ভত জিলা আয়ুক্তসকলৰ সৈতে অনুষ্ঠিত এখন বৈঠকত এই বিষয়ে প্রকাশ কৰে। এই বৈঠকতে প্রতিখন চাহ বাগিচাত এখনকৈ চাৰিজনীয়া সমিতি গঠনৰ জৰিয়তে ভূমি জৰীপ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। এই সমিতিয়ে চাহ শ্ৰমিকসকলৰ আবেদন পত্র সংগ্ৰহ কৰাত সহায় কৰিব। জৰীপৰ পাছতহে পর্যায়ক্রমে ভূমিপটা দিয়াৰ ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে জানিবলৈ দিয়ে। ইতিমধ্যে বিধানসভাত...

November 27, 2025 7:58 PM November 27, 2025 7:58 PM

views 6

এ আইৰ জৰিয়তে মুখ্যমন্ত্রীক লৈ ভিডিঅ প্ৰস্তুত কৰা গোচৰত ৩জন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ

আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে আজি কৃত্রিম বুদ্ধিমত্তা, এ আইৰ জৰিয়তে ভিডিঅ প্ৰস্তুত কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক জনমানসত হেয় প্রতিপন্ন কৰা গোচৰত তিনিজন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰ কৰা কংগ্রেছ কর্মীকেইজনক মাজুলীৰ জিলা কংগ্ৰেছৰ সামাজিক মাধ্যম আৰু তথ্যপ্রযুক্তি শাখাৰ অধ্যক্ষ জিবেশ্বৰ গাম, অসম প্রদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্র উপেন ৰাজ নাথ আৰু নগাঁও জিলাৰ জুৰিয়াৰ ছাহিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। দুষ্টচক্রই এ আইৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক সাঙুৰি অমিতাভ বচ্চনে ...

November 22, 2025 8:21 PM November 22, 2025 8:21 PM

views 11

মুখ্যমন্ত্রীৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চন্তৰীয় সমিতিৰ প্ৰতিবেদন কার্যকৰীকৰণ সন্দর্ভত আজি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত ৰাজ্য চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত আলোচনা অনুষ্ঠিত হৈছে। দিছপুৰৰ লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই আলোচনাত সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্যকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাই অংশগ্ৰহণ কৰিছে। ইপিনে, অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাই কালি এই সন্দৰ্ভত জনতা ভৱনৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ উচ...

November 22, 2025 7:04 PM November 22, 2025 7:04 PM

views 18

অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩, ৯৪৯ গৰাকী সদস্যাক চেক বিতৰণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি বঙাইগাঁও জিলাৰ অভয়াপুৰীত মহিলা উদ্যমিতা আঁচনিৰ অধীনত আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৯৪৯ গৰাকী সদস্যাক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। অভয়াপুৰীৰ অভয়েশ্বৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ড০ শৰ্মাই তেওঁৰ চৰকাৰে ৰাইজক দিয়া প্রতিশ্রুতিসমূহ পূৰণ কৰিছে বুলি মন্তব্য কৰে। বৰ্তমান ৰাজ্যখনৰ মহিলাসকল আত্মনির্ভৰশীল হোৱাৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় আঁচনিৰ জৰিয়তে মহিলাসকলৰ আত্মসম্মান বৃদ্ধি পাইছে। অনুষ্ঠানত মুখ্...