January 21, 2026 12:52 PM

views 21

জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ

 গৱেষক শিক্ষার্থীসকলৰ সহায়ক হোৱাকৈ জীৱন অনুপ্ৰেৰণা আঁচনিৰ সাহায্যৰাশি অহা ১১ ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে শিক্ষার্থীসকলে গবেষণা সুচাৰুৰূপে চলাই ৰাজ্যৰ শৈক্ষিক উত্তৰণৰ একো একোজন অগ্রণী সেনানি হোৱাত উৎসাহ যোগোৱাৰ উদ্দেশ্যে এই আঁচনিখন গ্ৰহণ কৰা হৈছে। এই আঁচনিৰ অধীনত গবেষক শিক্ষার্থীসকললৈ ২৫ হাজাৰ টকাকৈ আৰু দিব্যাংগ গবেষক ছাত্র-ছাত্রীসকলক ৪০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব।

January 12, 2026 12:28 PM

views 8

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্রাচীন জাতি চুতীয়াসকলৰ সোণালী ইতিহাস, গৌৰৱময় সংস্কৃতি আৰু পৰম্পৰাৰ প্ৰতিফলনেৰে আয়োজন কৰা এই অনুষ্ঠানত ভাগ লৈ তেওঁ অতিশয় আনন্দিত হৈছে। বহু ঐতিহাসিক ঘটনাৰাজি আৰু বীৰ বীৰাংগনাৰ কালজয়ী গাথাঁৰে চুতীয়া জাতিৰ...

January 10, 2026 6:53 PM

views 18

কাইলৈ উত্তৰ গুৱাহাটীৰ ৰংমহলত সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উত্তৰ গুৱাহাটীৰ ৰংমহলত কাইলৈ সংহত ন্যায়িক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হ'ব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূর্যকান্তে এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানত আইন মন্ত্ৰ্যালয়ৰ ৰাজ্য মন্ত্রী অর্জুন ৰাম মেঘৱাল, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জ্বল ভূঞা, সন্দীপ মেহতা, এন কৌটিশ্বৰ সিং, বিজয় বিষ্ণয় আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰ উপস্থিত থকাৰ কথা। অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ আন ২৪ গৰাকী ন্যায়াধীশো উপস্থিত থাকিব। মুখ্যমন্ত্রী ড০...

January 10, 2026 6:46 PM

views 8

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

দুর্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো কাৰণতে দুর্নীতিক প্রশ্রয় দিয়া নাই আৰু আগলৈও এই ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি গ্রহণ কৰিব। ২০২৫ বৰ্ষত ৰাজ্য চৰকাৰৰ দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ সঞ্চালকালয়ে দুর্নীতি নির্মূলৰ ক্ষেত্ৰত অভিলেখ সংখ্যক কার্য সম্পন্ন কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে বিগত বৰ্ষত দুর্নীতি নিৰীক্ষণ আৰু নিবাৰণ...

January 8, 2026 7:22 PM

views 9

ডিব্ৰুগড়ত ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ খোৱাং বিধান সভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় ২৩ হাজাৰ মহিলাৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰে। ৰাঙচালি পঞ্চায়তৰ ৰাজহুৱা খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্রী যোগেন মহন, স্থানীয় বিধায়ক চক্ৰধৰ গগৈকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ পূৰ্বে আজি লখিমপুৰ জিলাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰাৰ লগতে ১৩২ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপনৰ কাৰ্যসূচীত অংশ লয়। মুখ্যমন্ত্...

January 2, 2026 12:46 PM

views 9

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ

সত্ৰৰ উদাসীন ভকতসকললৈ বিত্তীয় সাহায্য প্রদান আঁচনিৰ আজি শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত তেওঁলোকক মাহিলী এহেজাৰ ৫০০ টকাকৈ আর্থিক অনুদান প্রদান কৰা হ'ব। দিছপুৰৰ লোকসেৱা ভবনত আয়োজিত অনুষ্ঠানত আঁচনি মুকলি কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে ৰাজ্যৰ সত্ৰৰ ভকতসকলৰ আধ্যাত্মিক, সাংস্কৃতিক আৰু সামাজিক অৱদানৰ স্বীকৃতিস্বৰূপে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছে। অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা উপস্থিত থাকে।

December 18, 2025 6:47 PM

views 12

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ দেহাৱসানত মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশ

বিশিষ্ট ভাস্কৰ্য্য শিল্পী ৰাম সুতাৰৰ যোৱা নিশা উত্তৰ প্ৰদেশৰ নয়ডাত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ১০০ বছৰ। পদ্মভূষণ সন্মানেৰে বিভূষিত ভাস্কৰ্য্য শিল্পীগৰাকী গুজৰাটত স্থাপন কৰা বিশ্বৰ সবাটোকৈ ওখ প্রতিমূর্তি একতাৰ মূৰ্তিৰ আৰ্হি প্ৰস্তুত কৰাৰ বাবে জনাজাত। তেওঁ লাচিত বৰফুকনৰ বিশাল প্রতিমূর্তি আৰু অলপতে উন্মোচন কৰিবলগীয়া লোকপ্ৰীয় গোপীনাথ বৰদলৈৰ প্ৰতিমূর্তিও নির্মাণ কৰিছিল। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাম সুতাৰৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। ড০ শৰ্মাই সামাজিক মাধ্যমযোগে দিয়া এটা ব...

December 11, 2025 12:05 PM

views 11

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রীৰ ৰাজ্যবাসীক সতর্কবাণী

অচিনাকী মানুহক মাটি বিক্রী কৰিলে জাতিটোৰ ভৱিষ্যত পংগু হৈ পৰিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক সতর্কবাণী শুনাইছে। জাতিটোক জীয়াই ৰাখিবলৈ নিৰন্তৰ সংগ্রাম কৰি যাব লাগিব বুলি উল্লেখ কৰি আর্থিক অসুবিধা হ'লেও অচিনাকী মানুহক মাটি বিক্রী নকৰিবলৈ আৰু ব্যৱসায়, উদ্যোগ আদিত অচিনাকী মানুহক নিয়োগ নকৰিবলৈ মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক আহ্বান জনাইছে। ৰাজ্যৰ অর্থনীতি, মাটি, সংস্কৃতি আনৰ হাতত এৰি দিয়া জাতিৰ বহ্নিমান শিখা নির্বাপিত হ'বলৈ বেছি সময় নালাগে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কালি নিজৰ জাতি,...

December 9, 2025 7:17 PM

views 30

কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ অংশগ্ৰহণ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি কটন বিশ্ববিদ্যালয়ৰ চতুৰ্থ সমাৱৰ্তন সমাৰোহত অংশগ্ৰহণ কৰে । অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শিক্ষাৰ্থীসকলক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয়, যে ১৯৮৫ চনত অসম আন্দোলনৰ পাছত অসম চুক্তি স্বাক্ষৰিত হৈছিল। সকলোৱে ৰাজ্যখনক লৈ ইতিবাচক মনোভাৱ পোষণ কৰি আছিল যদিও আলফাকে ধৰি বিভিন্ন উগ্রবাদ তথা গুপ্তহত্যাৰ দৰে বিষয়সমূহে ৰাজ্যখনৰ সমাজ ব্যৱস্থা স্খলিত কৰিছিল বুলি তেওঁ উল্লেখ কৰে। এনে নেতিবাচক পৰিৱেশৰ পৰিৱৰ্তে সম্প্ৰতি ৰাজ্যখন উন্নয়ন আৰু প্ৰগতিৰ নতুন দিগন্তৰ ...

December 6, 2025 11:49 AM

views 12

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

সমাগত বিধানসভা নির্বাচনত বিজেপিয়ে নতুন প্রার্থীক অগ্রাধিকাৰ দিব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। উমৰাংদ্ভুত কালি আয়োজিত অনুষ্ঠানত অংশ লোৱাৰ পাছত সাংবাদিকৰ আগত মুখ্যমন্ত্রীয়ে কালি কয়, যে এই নির্বাচনত মহিলা আৰু যুৱ শক্তিক প্রাধান্য দিয়া হ'ব। দলটোক তৰুণৰ শক্তিৰে শক্তিশালী কৰি তোলাৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি সৰহসংখ্যক আসনতে বিজেপি আৰু অগপয়ে বুজা বুজিৰে প্ৰতিদ্বন্দ্বিত কৰিব বুলি মুখ্যমন্ত্রীয়ে স্পষ্ট কৰি দিয়ে। অগপৰ সৈতে ইতিমধ্যে আসন বুজাব...