December 9, 2024 1:56 PM December 9, 2024 1:56 PM
11
গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাত মহিলাৰ ডাবলছৰ খিতাপ বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ
ভাৰতীয় বেডমিণ্টন তাৰকা অশ্বিনী পোনাপ্পা আৰু টানিছা ক্ৰাষ্টৰ যুটীয়ে কালি গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ হান্ড্রেড প্রতিযোগিতাৰ মহিলাৰ ডাবলছৰ খিতাপ দখল কৰে। যুটীটোৱে কেৱল ৪৩ মিনিটতে চীনৰ প্ৰতিদ্বন্দ্বী লী হুৱা ঝৌ আৰু ৱাং জী মেঙক ২১-১৮, ২১–১২ পোনপটীয়া গেমত পৰাস্ত কৰে। পেৰিছ অলিম্পিকত দেখুওৱা বেয়া প্ৰদৰ্শনৰ পাছত এই বিজয়ৰে ভাৰতীয় যুটীটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰিলে। ইপিনে পুৰুষৰ একক শাখাত সতীশ কুমাৰ কৰুণাকৰণে চীনৰ ঝু ছুৱান চেনক ২১–১৭, ২১-১৮ গেমত পৰাস্ত কৰি দ্বিতীয়বাৰৰ বাবে ছুপাৰ হান্ড্রেড খিতাপ দখ...