December 18, 2024 10:37 AM

views 34

আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান

সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে কালি চলিত বৰ্ষৰ বাবে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেত্রী সীমা বিশ্বাসক আইদেউ সন্দিকৈ সোঁৱৰণী শিল্পী বঁটা প্ৰদান কৰে। সমিতিয়ে বিগত বৰ্ষৰ পৰা প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ নাম ভূমিকাত অভিনয় কৰা শিল্পী আইদেউ সন্দিকৈৰ সোঁৱৰণত তেওঁৰ মৃত্যু তিথি ১৭ ডিচেম্বৰৰ দিনা অসমৰ একোগৰাকীকৈ মহিলা শিল্পীক এই বঁটা প্ৰদান কৰি আহিছে। কালি বঁটা প্ৰদান অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজিত মুকলি সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্রসাদ তাছা প্ৰম...

December 18, 2024 10:33 AM

views 33

ভূটানৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ভূটান ভ্ৰমণৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশখনৰ ৰজা জিগমে খেছাৰ নামগিয়াল ৱাংচুকক সাক্ষাৎ কৰি অসম আৰু ভূটানৰ মাজৰ ঐতিহ্যপূৰ্ণ সম্পৰ্ক অধিক সূদৃঢ় কৰাৰ বিষয়ে আলোচনা কৰে। মুখ্যমন্ত্ৰীয়ে ভূটানৰ প্ৰধানমন্ত্ৰী দাছ’ চেৰিং টবগেৰ সৈতে দুয়োখন ৰাষ্ট্ৰৰ পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন বিষয়ৰ লগতে বাণিজ্যিক অংশীদাৰিত্ব শক্তিশালী কৰাৰ বাবে আলোচনা কৰে। তেওঁ কয়, যে ভূটান আৰু অসমৰ মাজত পূৰ্বৰে পৰা ৭টা বাণিজ্যিক পথেৰে যাতায়াত ব্যৱস্থা অব্যাহত আছে। দুয়োখন ভূখণ্ডৰ মাজৰ ব্যৱসায়-বাণিজ্য বৃদ্ধিৰ বাবে অ...

December 18, 2024 10:05 AM

views 34

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনা জাৰি

পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থীৰ ধন ব্যয়ৰ সীমা বৃদ্ধি কৰি ৰাজ্যিক নিৰ্বাচন আয়োগে কালি এটা নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি ২০১২ চনৰ নিৰ্বাচনৰ তুলনাত এইবাৰ ডেৰশ শতাংশ ব্যয় বৃদ্ধিত আয়োগে অনুমোদন জনাইছে। নির্বাচনী ফলাফল ঘোষণা দুমাহৰ ভিতৰতে ব্যয়ৰ হিচাপ জিলা আয়ুক্তৰ জৰিয়তে আয়োগক দাখিল নকৰিলে পৰৱৰ্তী পঞ্চায়ত নিৰ্বাচনতত প্ৰাৰ্থীৰ্গৰাকী প্রতিদ্বন্দ্বিতাত অৱতীৰ্ণ হব নোৱাৰিব বুলি কোৱা হৈছে। উল্লেখযোগ্য যে ২০১২ চনত জিলা পৰিষদৰ প্ৰাৰ্থীৰ বাবে ব্যয়ৰ সীমা ৪ লাখ টকা আছিল। আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এইব...

December 14, 2024 3:06 PM

views 71

ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা পঞ্চায়ত নিৰ্বাচনৰ খচৰা ভোটাৰ তালিকা সন্দৰ্ভত ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ’ব

অসমত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ বাবে ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটাৰ তালিকা সন্দৰ্ভত থকা ওজৰ আপত্তিসমূহ ২১ ডিচেম্বৰৰ ভিতৰত নিষ্পত্তি কৰা হ'ব। এইবাৰ পঞ্চায়ত নিৰ্বাচন ৰাজ্যৰ দুহেজাৰ ৭৮১ টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ'ব। ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত অঞ্চল আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যখনৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ গৰাকী ভোটদাতা অন্তর্ভুক্ত হৈছে। আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১,৩৩০...

December 14, 2024 10:51 AM

views 52

তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ

আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ বাবে তিনিচুকীয়া জিলাৰ পঞ্চায়ত সমষ্টিসমূহৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰা হৈছে। ২২টা জিলা পৰিষদ সমষ্টিৰ অধীনৰ ৭টা আঞ্চলিক পঞ্চায়ত আৰু ৮৬খন গাঁও পঞ্চায়ত সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৮লাখ ২৮ হাজাৰ ৩২৫। ইয়াৰে ৪লাখ ৬হাজাৰ ৭৮৭জন পুৰুষ আৰু ৪লাখ ২১ হাজাৰ ৫০৭গৰাকী মহিলা। কোনো লোকে ভোটাৰ তালিকাৰ সন্দৰ্ভত কিবা দাবী বা আপত্তি দাখিল কৰিব বিচাৰিলে আজিৰ পৰা ২১ ডিচেম্বৰৰ ভিতৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া বা জিলা আয়ুক্ত কাৰ্যালয়ত অথবা অনলাইন যোগে দাখিল কৰিব পাৰিব বুলি জিলা আয়ুক্...

December 14, 2024 10:47 AM

views 41

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ ৰাজ্যিক নির্বাচন আয়োগৰ

ৰাজ্যিক নির্বাচন আয়োগে সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি খচৰা ভোটাৰ তালিকা প্রকাশ কৰিছে। ষষ্ঠ অনুসূচীভুক্ত আৰু পৌৰ সভা এলেকাক বাদ দি ৰাজ্যৰ ২৭খন জিলা সামৰি খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। ৰাজ্যিক নির্বাচন আয়োগে প্ৰকাশ কৰা খচৰা ভোটৰ তালিকাত এক কোটি ৭৫ লাখ ৫৪ হাজাৰ ৫৮৯ জন ভোটাৰ অন্তৰ্ভুক্ত হৈছে। ৰাজ্যিক নির্বাচন আয়োগে ৩৯৭ খন জিলা পৰিষদ, ১৮১ খন আঞ্চলিক পঞ্চায়ত, ২,১৯৩ খন গাঁও পঞ্চায়ত আৰু ২১ হাজাৰ ৩৩০টা ৱাৰ্ড সামৰি এইবাৰৰ পঞ্চায়তৰ ভোটৰ তালিকাৰ খচৰা প্ৰকাশ কৰিছে। এইবাৰ পঞ্চায়ত নিৰ্ব...

December 13, 2024 7:50 PM

views 21

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ ৩গৰাকী ছাত্ৰীৰ অসমলৈ গৌৰৱ

৬৮ সংখ্যক নেচনেল স্কুল গেমছ প্রতিযোগিতাত অসমৰ তিনিগৰাকী ছাত্ৰীয়ে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে। নতুন দিল্লীৰ থ্যাগাৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ১৭ বছৰ অনুৰ্ধৰ ছোৱালীৰ কুমিটে-৩৬ কিলোগ্রাম শাখাত তানায়া নাথে সোণৰ পদক অৰ্জন কৰিছে। ইপিনে পঞ্জাবৰ লুধিয়ানাত চলি থকা একে প্রতিযোগিতাত সুনয়না গগৈয়ে ১৪ বছৰ অনুৰ্ধৰ কুমিটে-৩৪ কিলোগ্রাম শাখাত আৰু ৰশ্মি প্রধানে কুমিটে-৪২ কিলোগ্রাম শাখাত ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। এই প্রতিযোগিতাখন যোৱা ১১ ডিচেম্বত আৰম্ভ হৈছে আৰু অহা ১৭ ডিচেম্বৰত সামৰণি পৰিব। সদৌ অসম কাৰাট...

December 13, 2024 6:28 PM

views 18

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ মৃত্যু

বিশিষ্ট শিক্ষাবিদ, তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য তথা শিক্ষা বিভাগৰ প্ৰাক্তন উপদেষ্টা ড° মিহিৰকান্তি চৌধুৰীৰ আজি মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৭ বছৰ। খড়গপুৰৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, জাৰ্মানীৰ ব'চামৰ ৰুৰ বিশ্ববিদ্যালয় আৰু কল্যাণী বিশ্ববিদ্যালয়ত শিক্ষা লাভ কৰা ড০ চৌধুৰী এগৰাকী প্ৰসিদ্ধ অজৈৱ ৰসায়নবিদ হিচাপে দেশ বিদেশত পৰিচিত আছিল। গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে দেশৰ কেইবাখনো বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত ৬০ চৌধুৰীয়ে অধ্যাপকৰূপ...

December 11, 2024 10:31 AM

views 21

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত ২৬,৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা

অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত আজিৰেপৰা ২৬ হাজাৰ ৯৬৯ গৰাকী শিক্ষাৰ্থীলৈ আনন্দৰাম বৰুৱা বঁটা আগবঢ়োৱা হ'ব। এই কাৰ্যসূচীৰ অধীনত দশম শ্ৰেণীৰ পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলক সামৰি লোৱা হ'ব। আনহাতে ৬০ বাণীকান্ত কাকতি বঁটা প্ৰদান আঁচনিৰ অধীনত দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত কৃৰ্তিত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসক স্কুটী বিতৰণ কাৰ্যসূচীৰ আজি শুভাৰম্ভ কৰা হ'ব। তেওঁ কয়, যে আনন্দৰাম বৰুৱা বঁটাপ্ৰাপ্ত শিক্ষার্থীক বেংক একাউণ্টৰ জৰিয়তে ১২,৫০০ টকাকৈ প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে এই বঁটা...

December 10, 2024 9:17 PM

views 25

শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাৰ প্ৰতিবাদ

বাংলাদেশৰ সংখ্যালঘু হিন্দু আৰু অন্যান্য ধৰ্মীয় লোকৰ ওপৰত অব্যাহত থকা উৎপীড়ন সোনকালে বন্ধ কৰাৰ দাবী উত্থাপন কৰি আজি গুৱাহাটীৰ শিলপুখুৰীস্থিত বাংলাদেশ সহকাৰী উচ্চায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত লোক জাগৰণ মঞ্চৰ অসম শাখাই প্ৰতিবাদ সাব্যস্ত কৰে। বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছলৈ বুলি দিয়া এখন স্মাৰক পত্ৰ মঞ্চৰ কৰ্মকৰ্তাসকলে সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিনৰ হাতত অৰ্পণ কৰে। স্মাৰক পত্ৰখনত বাংলাদেশত হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু সকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ দাবী উত্থাপন কৰা...