May 9, 2024 9:02 PM May 9, 2024 9:02 PM

views 11

আক্ৰাছুৰ উদ্যোগত অহা ১১ মে’ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ আয়োজন

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ তৰাবাৰী হাতীবান্ধা আঞ্চলিক সমিতি আৰু টংলা আঞ্চলিক আক্ৰাছুৰ উদ্যোগত অহা ১১ মে'ত দিনযোৰা কাৰ্যসূচীৰে তৰাবাৰীত বিছুৱা উৎসৱৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিৰ সমাৰোহৰ আয়োজন কৰা হৈছে। সেইদিনা সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হ'ব। ইয়াৰ পাছত স্মৃতি তৰ্পন আৰু গছপুলি ৰোপণ আৰু মুকলি সভা অনুষ্ঠিত হ'ব। সন্ধিয়া সাংস্কৃতিক সমাৰোহত বিভিন্ন জনগোষ্ঠীয় অনুষ্ঠান পৰিবেশন কৰা হ'ব।

May 9, 2024 8:58 PM May 9, 2024 8:58 PM

views 17

নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন

নলবাৰী জিলাৰ দক্ষিণগাঁৱত স্থাপন কৰা নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত আজি চিকিৎসা মহাবিদ্যালয়খনৰ প্ৰথম বৰ্ষপূর্তি উৎসৱ উদযাপন কৰা হয়। অনুষ্ঠানৰ শুভাৰম্ভ কৰি শ্ৰীমন্ত শংকৰদেৱ চিকিৎসা মহাবিদ্যালয়ৰ উপাচাৰ্য ডাঃ ধ্ৰুৱজ্যোতি বৰাই মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলক ৰাইজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, চিকিৎসা মহাবিদ্যালয়খনে পৰৱৰ্ত্তী সময়ত এইমছৰ সৈতে মিলিত হৈ শৈক্ষিক আৰু কাৰিকৰী দিশত সেৱা আগবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। মহাবিদ্যালয়খনৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত এইমছৰ কার্যবাহী স...

May 9, 2024 8:51 PM May 9, 2024 8:51 PM

views 3

তামুলপুৰৰ দৰঙাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতামূলক সভা

তামুলপুৰ জিলাৰ অন্তৰ্গত এন কে দৰঙাত আজি মাদক দ্ৰব্যৰ বিৰুদ্ধে এখন সজাগতামূলক সভা অনুষ্ঠিত হয়। এই সভাখনৰ জৰিয়তে ভাৰত-ভূটান সীমান্তৰ এন কে দৰঙাত চলি থকা মাদক দ্ৰব্যৰ বেহাৰ লগতে তিৰ, জুৱা আদিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰাৰ প্ৰয়াস গ্ৰহণ কৰা হৈছে। ইয়াৰ উপৰি সভাত অবৈধ কার্যকলাপ প্ৰতিৰোধ কৰিবলৈ কেইবাটাও কাৰ্যপন্থা গ্ৰহণ কৰাৰ লগতে সন্দেহজনক ব্যক্তিক দেখিলে প্ৰশাসনক খবৰ দিবলৈ ৰাইজক আহ্বান জনোৱা হয়।

May 9, 2024 8:35 PM May 9, 2024 8:35 PM

views 4

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত অস্ত্রসহ দুজনক আটক

অসম নাগালেণ্ড সীমান্তৰ নিমনাগড়ৰ চিংফাং অঞ্চলত আজি চি আৰ পি এফে দুজন যুৱকক অস্ত্রসহ আটক কৰে। যুৱক দুজনৰ পৰা এটা ৯ এম এম পিষ্টল আৰু ৫ জাই গুলি জব্দ কৰা হৈছে। জানিব পৰা মতে, নাগালেণ্ডৰ যুৱকজনে পিষ্টল বিক্ৰী কৰিবলৈ চিংফাঙলৈ অহাৰ সম্ভেদ পাই চি আৰ পি এফৰ দলে অভিযান চলাই যুৱক দুজনক আটক কৰে। সম্প্ৰতি দুয়োজনকে মথুৰাপুৰ থানাত গটাই দিয়াৰ লগতে জেৰা কৰি থকা হৈছে।

May 9, 2024 8:05 PM May 9, 2024 8:05 PM

views 7

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা পুনৰ আৰম্ভ

♦ ব্ৰহ্মপুত্ৰৰ জলস্তৰ সামান্য নিম্নগামী হোৱাৰ পৰিপ্ৰেক্ষিতত গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰীসেৱা আজি পুনৰ আৰম্ভ কৰা হৈছে। জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে যোৱা ৬ মে'ৰ পৰা ফেৰী সেৱা বন্ধ হৈ আছিল। আজি উত্তৰ গুৱাহাটীৰ ৩ টা ঘাট, মধ্যমখণ্ড, ৰজাদুৱাৰ আৰু মাজগাও ঘাটৰ পৰা ফেৰী সেৱা আৰম্ভ হয়। উল্লেখযোগ্য অভ্যন্তৰীণ জল পৰিবহন বিভাগে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৩ দিন ফেৰী সেৱা বন্ধ ৰখাৰ ফলত যাত্ৰীসকলৰ সমস্যাৰ সৃষ্টি হৈছিল।

May 9, 2024 8:54 PM May 9, 2024 8:54 PM

views 10

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ'ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল'ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উ...

May 9, 2024 6:55 PM May 9, 2024 6:55 PM

views 13

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত এটি শিশু মৃত্যুৰ পৰিপ্ৰেক্ষিতত যথোপযুক্ত ব্যৱস্থা গ্ৰহণৰ কথা প্ৰকাশ স্বাস্থ্যমন্ত্ৰীৰ

ছোৱাইন ফ্লুত আক্ৰান্ত হৈ বৰাক উপত্যকাত কালি এটি শিশু মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা বুলি ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এই ক্ষেত্ৰত জনসাধাৰণক আতংকিত নহবলৈ আহ্বান জনাইছে। লগতে তেওঁ ছোৱাইন ফ্লুৰ সংক্রমণ নিশ্চিত কৰি লইয়াৰ আনুসঙ্গিক ঠাইসমূহৰ বিভিন্ন ব্যক্তিৰ শৰীৰৰ পৰীক্ষাৰ লগতে সজাগতা সৃষ্টিৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ চিকিৎ‍সা মহাবিদ্যালয়সমূহতো প্ৰাৰম্ভিক ব্যৱস্থা গ্...

May 9, 2024 6:42 PM May 9, 2024 6:42 PM

views 10

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী...

May 9, 2024 5:32 PM May 9, 2024 5:32 PM

views 13

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮...

May 8, 2024 7:58 PM May 8, 2024 7:58 PM

views 27

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে কৰভাৰ প্ৰদান কৰা হয়। শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰখনত পৰম্পৰাগত ৰীতি-নীতিৰে কৰভাৰ প্ৰদান কৰে। তদুপৰি প্ৰসংগ, আয়তিৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ...