May 8, 2024 7:58 PM

views 75

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি

আজি শ্ৰীশ্ৰী দামোদৰ দেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। এই উপলক্ষে মহাপুৰুষজনাই স্থাপন কৰা বৰপেটা জিলাৰ আদিসত্ৰ পাটবাউসীত ৭ দিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে পালন কৰা হৈছে। কালি বন্তি প্রজ্বলন, থিয়নাম পৰিবেশন আদি কাৰ্যসূচীৰে গোন্ধ যাত্ৰা অনুষ্ঠিত কৰাৰ পাছত আজি মূল তিথি পালন কৰা হয়। আজিৰ কাৰ্যসূচী হিচাপে কৰভাৰ প্ৰদান কৰা হয়। শ্ৰীশ্ৰীদেৱ দামোদৰ সংঘৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তসকলে শোভাযাত্ৰা কৰি গুৰুজনাৰ আদিসত্ৰখনত পৰম্পৰাগত ৰীতি-নীতিৰে কৰভাৰ প্ৰদান কৰে। তদুপৰি প্ৰসংগ, আয়তিৰ নাম আদি কাৰ্যসূচী ৰূপায়ণ...

May 8, 2024 6:54 PM

views 21

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন

গোলাঘাট জিলাৰ মিছামৰাৰ দুলীয়াগাঁৱত শিশু ভাওনাৰ আয়োজন কৰা হৈছে। গাঁওখনৰ ৩০০ বছৰ গৰকা বৰ নামঘৰত পৰম্পৰা অক্ষুণ্ণ ৰাখি এই ভাওনাৰ বাবে প্রস্তুতি অব্যাহত আছে। শংকৰী কলা-কৃষ্টিৰ চৰ্চা অব্যাহত ৰখা এই নামঘৰত গায়ন-বায়নৰ পৰা আৰম্ভ কৰা অভিনেতা-অভিনেত্ৰীলৈকে প্ৰতিটো কাম শিশুৰ দ্বাৰা কৰোৱাৰ বাবে গাঁওবাসীয়ে প্ৰয়াস চলাইছে। অহা ২৬ মে'ত ৰাৱনৰ মুক্তিলাভ নামৰ এখন ভাওনা শিশুসকলৰ দ্বাৰা পৰিৱেশিত হ'ব।

May 7, 2024 8:38 PM

views 28

প্রতিকূল বতৰ, শাৰীৰিক বাধা নেওচি নাগৰিকৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত

প্রতিকূল বতৰকো নেওচি আজি ৰাজ্যৰ ৪টা সমষ্টিত অনুষ্ঠিত হোৱা নিৰ্বাচনত ভোটদাতাই ব্যাপক উছাহ, উদ্দীপনাৰে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। আদর্শ ভোটগ্রহণ কেন্দ্ৰসমূহত প্ৰথমবাৰৰ বাবে ভোটদান কৰা নতুন ভোটাৰক গামোচা পিন্ধাই আদৰণি জনোৱা হয়। একেদৰে ভোটকেন্দ্ৰসমূহত পুৰুষ-মহিলা আৰু দিব্যাংগ, গৰ্ভৱতী মহিলা, জ্যেষ্ঠ নাগৰিকৰ পৃথক পৃথক শাৰীৰ ব্যৱস্থা কৰা হয়। কেইবাটাও ভোটকেন্দ্ৰত নৱজাত শিশুসহ অহা মাতৃ, শাৰীৰিক বাধা অতিক্ৰম কৰি হুইলচেয়াৰত নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিবলৈ অহা বহুকেইজন জ্যেষ্ঠ নাগৰিকে দৃষ্টি আক...

May 7, 2024 8:17 PM

views 33

তৃতীয় পৰ্যায়ত গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিৰ বাবে লোকসভা নির্বাচন

ৰাজ্যখনত তৃতীয় পৰ্যায়ত আজি গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী এই ৪টা সমষ্টিৰ বাবে লোকসভা নির্বাচন অনুষ্ঠিত হয়। গুৱাহাটী সমষ্টিত বিজেপি মিত্রজোটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধি আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে প্রতিদ্বন্দিতা আগবঢ়াইছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত গুৱাহাটী সমষ্টিটোত গোৱালপাৰা, কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ১০ টা বিধানসভা সমষ্টি সামৰি লোৱা হৈছে। সম্প্রতি এন ডি এৰ সাংসদ কুইন ওজাই প্রতিনিধিত্ব কৰা এই সমষ্টিটো ইয়াৰ পূৰ্বে বিজেপিৰ বিজয়া চক্ৰৱৰ্তী আৰু ২০০৪ চনত কংগ্ৰ...

May 7, 2024 8:10 PM

views 47

অসমৰ ৪ টা সমষ্টিত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ৭৪.৮৬ শতাংশ অধিক ভোটদান

ৰাজ্যৰ ৪ টা সমষ্টিত আজি ৫ বজাৰ লগে লগে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ সম্পন্ন হৈছে। অৱশ্যে ৫ বজাৰ আগেয়ে ভোটকেন্দ্ৰসমূহত উপস্থিত হোৱা ভোটদাতাসকলক ভোটদানৰ সুবিধা প্রদান কৰি থকা হৈছে। বিয়লি ৫ বজালৈকে লাভ কৰা তথ্য অনুসৰি ৰাজ্যখনত ৭৪.৮৬ শতাংশ অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰিছে। প্ৰতিকূল বতৰ স্বত্বেও আজি প্ৰতিটো সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত পুৱা ৭ বজাৰে পৰা ভোটদাতাৰ দিঘলীয়া শাৰী পৰিলক্ষিত হয়। গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী সমষ্টিত নিয়াৰিকৈ ভোটগ্রহণ সম্পন্ন হৈছে ...

May 7, 2024 7:53 PM

views 24

১১ মে’ত ৰাজ্যজুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে'ত ৰাজ্যজুৰি ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এই ৰাষ্ট্ৰীয় লোক আদালতৰ জৰিয়তে যান বাহন আইন উলংঘা গোচৰ, দেৱানী গোচৰ, পাৰিবাৰিক গোচৰ, মটৰ দুৰ্ঘটনা দাবী, ন্যায়াধীকৰণৰ গোচৰ, চেক বাউন্স গোচৰ, ৰাজহ সংক্রান্তীয় গোচৰ আদিকে ধৰি বিভিন্ন আপোচযোগ্য গোচৰৰ খৰতকীয়া নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি বেংকৰ ঋণ লেন দেন সম্পৰ্কীয় গোচৰ, টেলিফোন বিল, বিদ্যুৎ মাচুল সম্পৰ্কীয় বিবাদসমূহো নিষ্পত্তিৰ ব্যৱস্থা কৰা হৈছে। ৰাইজৰ স...

May 7, 2024 1:00 PM

views 25

শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে বৈঠক

♦ শোণিতপুৰ জিলাৰ চাহ বাগিছা এলেকাত পানীৰ পৰা উদ্ভৱ হোৱা কলেৰা, ডায়েৰীয়া, জণ্ডিজ আদি ৰোগ প্ৰতিৰোধ কৰাৰ বাবে কালি এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত জিলাখনৰ চাহ বাগিছাসমূহত এই ৰোগসমূহ প্ৰতিৰোধ কৰিবলৈ শ্ৰমিকসকলক বিশুদ্ধ খোৱাপানী ব্যৱহাৰৰ বাবে সজাগ কৰিবলৈ প্ৰচাৰ চলোৱাৰ সিদ্ধান্ত লোৱা হয়। জিলাখনৰ ৩৬ খন চাহ বাগিছাৰ চিকিৎসা বিষয়া আৰু শ্রমিক কল্যাণ বিষয়াই অংশ লোৱা এই বৈঠকত জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে ৰোগসমূহ প্ৰতিৰোধ কৰাৰ উপায় সম্পর্কে আলোচনা কৰে। উল্লেখযোগ্য যে ডিব্ৰুগড়ৰ এখন চাহ বাগিছাত ...

May 7, 2024 12:54 PM

views 34

হাইলাকান্দিত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগৰ এই ৰোগক লৈ সতর্কতা

হাইলাকান্দি জিলাত স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ অলপতে এটি শিশুৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে এই ৰোগক লৈ সতর্কতা জাৰি কৰিছে। ইফালে কাছাৰ জিলাতো ৩ জন ব্যক্তিৰ দেহত এইচ ওৱান এন ওৱান ভাইৰাছৰ সংক্ৰমন নিশ্চিত হোৱাৰ পাছত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে। হাইলাকান্দি স্বাস্থ্য বিভাগে কালি এই ৰোগ সন্দৰ্ভত এখন জৰুৰী সংবাদমেলৰ আয়োজন কৰে। হাইলাকান্দি কাটাশালৰ ১৩ বছৰীয়া আন এটি কিশোৰ স্বোৱাইন ফ্লুত আক্ৰান্ত হৈ চিকিৎসা মহাবিদ্যালয়খনত ভৰ্তি হৈ আছে বুলিও স্বাস্থ্য বিভাগে সদৰি কৰে।

May 7, 2024 12:49 PM

views 26

পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত

যোৰহাট জিলাৰ পুলিবৰ আৰক্ষীৰ গুলীচালনাত বিভিন্ন ডকাইতি কাণ্ডৰ সৈতে জড়িত কুশ কুটুম নামৰ এজন ব্যক্তি আহত হয়। আৰক্ষীয়ে লোকজনক আজি পুৱতি নিশা ৰান্ধনীজান অঞ্চলৰ পৰা আটক কৰাৰ সময়তে তেওঁ পলায়ন কৰিবলৈ চেষ্টা কৰাত গুলীচালনা কৰিবলৈ বাধ্য হয়। পাছত তেওঁক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰোৱা হয়।

May 7, 2024 12:13 PM

views 24

ৰাজ্যৰ ৪টা সমষ্টিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি

♦ ৰাজ্যৰ চাৰিটা সমষ্টিত অনুষ্ঠিত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত আজি পুৱাৰেপৰা বিভিন্ন ভোটকেন্দ্ৰত ই ভি এম বিকল হৈ ভোটগ্রহণ প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি হয়। গোসাইগাঁও সমষ্টিৰ অন্তৰ্গত শ্ৰীৰামপুৰ হাইস্কুলৰ ১৩১ নম্বৰ ভোটকেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ফলত পুৱা ৮.৩০ বজা পর্যন্ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ নোহোৱাকৈ থাকে। Read More : ৰাজ্যত প্ৰতিকুল বতৰৰ মাজতে পুৱা ৭ বজাৰে পৰা লোকসভা নিৰ্বাচনৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ ধুবুৰীৰ ১৩৬ নম্বৰ মাত্ৰাঘোলা ভোটকেন্দ্ৰ, বঙাইগাঁৱৰ ১৩৪ নম্বৰ ধলাগাঁও ভোটকেন্দ্ৰ, বজ...