February 2, 2025 6:33 PM February 2, 2025 6:33 PM
20
অসম সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ তৃতীয় দিনত সাংস্কৃতিক শোভাযাত্ৰা, মুকলি সভা, আলোচনা চক্ৰ অনুষ্ঠান
অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ আজি তৃতীয় দিন। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত আজি সাহিত্য সভাৰ নতুন সভাপতি ড° বসন্ত কুমাৰ গোস্বামীক ময়ুৰপংক্ষী ৰথত লৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। পদ্মভূষণ স্বীকৃতি প্রাপ্ত নৃত্যাচাৰ্য যতীন গোস্বামীয়ে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। সাংস্কৃতিক শোভাযাত্ৰাৰ অন্তত সাহিত্য সভাৰ পাঠশালা অধিবেশনৰ মুকলি সভা অনুষ্ঠিত হয়। সাহিত্যিক ফনীন্দ্ৰ কুমাৰ দেবচৌধুৰীৰ প্ৰথমখন মুকলি সভা উদ্বোধন কৰে। ইয়াৰ পিছতে অসম সাহিত্য সভাৰ সভাপতি ড° সূর্যকান্ত ...