November 1, 2025 12:06 PM

views 44

নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান

 অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক নগেন শইকীয়াক আজি অসম সাহিত্য সভাৰ সদসি ৱৰণ্যেঃ সন্মান প্রদান কৰা হ'ব। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ পৌৰাহিত্যত হ'বলগীয়া এই অনুষ্ঠানত ডিব্ৰুগড় আঞ্চলিক কাৰ্যালয়ৰ ৰামেশ্বৰ লাল চহৰীয়া সংহতি ভৱনত অধ্যাপক নগেন শইকীয়া প্রবোধ্য সন্মান সদসি বৰণ্যেঃ প্ৰদান কৰিব। অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কার্যালয়, ডিব্রুগড় জিলা সাহিত্য সভা আৰু ডিব্ৰুগড় সাহিত্য সভাৰ সহযোগত হ'বলগীয়া অনুষ্ঠানটোত ড° বসন্ত কুমাৰ গোস্বামী, ড° সমুদ্র গুপ্ত কাশ্যপ,...

October 12, 2025 12:16 PM

views 34

শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি

ঐক্য, শান্তি আৰু সমন্বয়ৰ সংকল্পৰে কালিৰে পৰা শিলচৰৰ বংগ ভৱনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ তৃতীয় কার্যনির্বাহকৰ পূৰ্ণাংগ অধিবেশনৰ আজি সামৰণি পৰিব। আজি দিনৰ ১০ বজাত অসম সাহিত্য সভাৰ সভাপতিৰ লগতে বিভিন্ন জনগোষ্ঠীয় সাহিত্য সভাৰ সভাপতিৰ অংশগ্রহণেৰে এটা বর্ণময় সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে। কালি পুৱা পতাকা উত্তোলনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ পাছত সদ্য প্রয়াত শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্রদ্ধা জনোৱাৰ লগতে সুধাকণ্ঠ ড০ ভূপেন হ...

June 6, 2025 12:21 PM

views 26

অসম সাহিত্য সভাৰ উদ্যোগত নগাঁৱত আজিৰে পৰা লেখক শিবিৰৰ আয়োজন

অসম সাহিত্য সভাৰ উদ্যোগত আৰু নগাঁও জিলা সাহিত্য সভা, মৰিগাঁও আৰু হোজাই জিলা সাহিত্য সভাৰ সহযোগত নগাঁৱত আজিৰে পৰা তিনিদিনীয়াকৈ লেখক শিবিৰৰ আয়োজন কৰা হৈছে। কবিতা, গল্প, উপন্যাস আৰু নাট্য সাহিত্যৰ মনোগ্ৰাহী অনুষ্ঠানেৰে এই শিবিৰ নগাঁও জিলা পুথিভঁৰাল, কমলাদেৱী তোদী স্মৃতিভৱন আৰু নগাঁও সাংস্কৃতিক প্ৰকল্পত আয়োজন কৰা হৈছে। এই অনুসৰি আজি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে উদ্বোধনী অনুষ্ঠান সঞ্চালনা কৰিব। অনুষ্ঠানত শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগু, নাগালেণ্ডৰ কবি, সাংবাদিক মনালিছা ছাংকিজা আ...

June 1, 2025 7:24 PM

views 42

অৰুণাচল প্ৰদেশৰ পাছিঘাটত সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন

অৰুণাচল প্ৰদেশৰ পাছিঘাটত অসম সাহিত্য সভাৰ উদ্যোগত আৰু পাছিঘাট শাখা সাহিত্য সভাৰ সহযোগত আজি দিনযোৰা কাৰ্যসূচীৰে বিশিষ্ট সাহিত্যিক লুম্মেৰ দাইৰ ৮৫ সংখ্যক জয়ন্তী উদযাপন কৰা হয়। এই অনুষ্ঠানত সাহিত্যিক গৰাকীৰ আবক্ষ মূৰ্তি উন্মোচনৰ লগতে লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰা হয়। পুৱাৰ ভাগত অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে সভাৰ পতাকা উত্তোলন কৰাৰ পাছত আদি বানে কিবাংৰ সভাপতি তাদুম লিবাং আৰু আদি আগম কিবাংৰ সভাপতি টায়েত তালমে সাহিত্যিকগৰাকীৰ আবক্ষ মূৰ্তি উন্মোচন কৰে। দিনৰ ভাগত আয়োজিত অ...

May 15, 2025 8:33 PM

views 30

কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত অহা ১৭, ১৮ আৰু ১৯ মে’ত অসম সাহিত্য সভাৰ সেতুবন্ধ কাৰ্যসূচী

অসম সাহিত্য সভাৰ ২০২৫-২০২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিয়ে গ্ৰহণ কৰা সেতুবন্ধ কাৰ্যসূচী অহা ১৭, ১৮ আৰু ১৯ মে'ত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত আয়োজন কৰা হৈছে। দেশৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰিবলৈ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সমিতিয়ে সেতুবন্ধ কাৰ্যসূচী ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই অনুসৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত আৰু অসম সাহিত্য সভাৰ স্বজাতীয় মৈত্রী বন্ধন উপ-সমিতিৰ সৌজন্যত কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দি জিলাত চতুৰ্থ সেতুবন্ধ ...

April 15, 2025 6:50 PM

views 45

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভা পহিলা বহাগক নিজৰ দিন হিচাপে পালন

অসম সাহিত্য সভাৰ পাটাছাৰকুছি শাখা সাহিত্য সভাই বজালী শিক্ষক প্রশিক্ষণ মহাবিদ্যালয়ৰ সহযোগত আজি নিজৰ দিন পালন কৰে। অনুষ্ঠানৰ পাটাছাৰকুছি অঞ্চলৰ সমাজৰ ভিন ভিন ক্ষেত্ৰৰ সৈতে জড়িত ২১ গৰাকী লোকক একোখনকৈ বিহুৱান আৰু অসম সাহিত্য সভাৰ ওলগনি পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়।

April 6, 2025 8:16 PM

views 53

ড° শশীকান্ত শ‍ইকীয়াক অসম সাহিত্য সভাৰ আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন

অসম সাহিত্য সভাৰ তৰফৰ পৰা আজি ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ডিব্ৰুগড় সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° শশীকান্ত শ‍ইকীয়াক আন্তৰাজ্যিক আৰু বিদেশ মৈত্রীবন্ধন উপ সমিতিৰ আহ্বায়কৰ দায়িত্ব অৰ্পন কৰে। অসম সাহিত্য সভাৰ কেন্দ্ৰীয় উপ সভাপতি পদুম ৰাজখোৱাই শ্ৰীশ‍ইকীয়াক নিযুক্তি পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰে। শ‍ইকীয়াই নিযুক্তিপত্ৰ গ্ৰহণ কৰি অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ সভাপতি ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিত বৰা প্ৰমুখ্যে সকলো বিষয়ববীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰে।

March 9, 2025 8:46 PM

views 40

অসম সাহিত্য সভাই তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ

অসম সাহিত্য সভাৰ নৱনিৰ্বাচিত কাৰ্যনিৰ্বাহক সমিতিৰ প্ৰথমখন বৈঠক যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত সভাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। সভাত তিনি তৰপীয়া ৰাজ্যভাষা প্ৰয়োগ কোষ গঠন কৰাৰ বাবে চৰকাৰক পৰামৰ্শ দিবলৈ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে সভাই কেন্দ্ৰ, জিলা আৰু সমজিলা পৰ্যায়ত গঠিত কোষসমূহত প্ৰশাসনীয় ভাষা প্রয়োগ নিশ্চিতকৰণতো গুৰুত্ব আৰোপ কৰে। সভাৰ প্ৰকাশন বিভাগৰ পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলীৰ ইংৰাজী আৰু হিন্দী সংস্কৰণ প্ৰকাশ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহ...

February 26, 2025 12:40 PM

views 35

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ ৰাওনা

অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ কাৰ্যনিৰ্বাহক সমিতিৰ সেতুবন্ধ কাৰ্যসূচীৰ অধীনত আজি সভাৰ এটা প্ৰতিনিধি দল অৰুণাচল প্ৰদেশলৈ যাব। সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীৰ নেতৃত্বত এই প্রতিনিধি দলটো আজি ৰাজ্যখনলৈ ৰাওনা হ'ব। বিভিন্ন ৰাজ্যৰ জাতি-জনগোষ্ঠীৰ মাজত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰাৰ বাবে লোৱা কাৰ্যসূচীৰ অধীনত অসম সাহিত্য সভাই এই ব্যৱস্থা গ্ৰহণ কৰিছে। সভাৰ প্রধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে অৰুণাচলৰ নিচি জনগোষ্ঠীয় সংগঠন নিচি ইলাইট ছ’চাইটিৰ উদ্যোগত চিজুছাত হ'বলগীয়া ন্যুকুম য়ল্লু অনুষ্ঠানত দলটো...

February 2, 2025 7:52 PM

views 45

তৰুণ কবি অভিজিত গগৈলৈ অসম সাহিত্য সভাৰ যুৱ বঁটা ঘোষণা

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বিবার্ষিক পাঠশালা অধিৱেশনৰ তৃতীয় দিনা পুৱা ধ্রুপদী অসমীয়া ভাষা শীর্ষক এখন আলোচনা চক্ৰৰে আজিৰ কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভ কৰা হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা আসনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক অৰ্পনা কোঁৱৰে উদ্বোধন কৰা আলোচনাসত্ৰখন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক কনক চন্দ্ৰ চহৰীয়াই সঞ্চালনা কৰে। আলোচনাসত্ৰখনত গৱেষক, সাহিত্যিক, লিপি বিশেষজ্ঞ অশোক শৰ্মা, কটন বিশ্ববিদ্যালয়ৰ পূৰাতত্ব বিভাগৰ অধ্যাপক ড° মঞ্জিল হাজৰিকা আৰু পশ্চিমবংগৰ বি...