অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিনা বিভিন্ন শাখা সাহিত্য সভাত ব্যস্ততা অব্যাহত আছে। যোৱা ২১ নৱেম্বৰৰ পৰা চলা ভোটদান প্রক্রিয়া শেষ হোৱাৰ পাছত কাইলৈ পুৱা ১০ বজাত বেলট বাকচ বন্ধ কৰা হ‘ব। সভাৰ সভাপতি ডº সূর্যকান্ত হাজৰিকাই জানিবলৈ দিয়া অনুসৰি বেলট বাকচসমূহ বন্ধ কৰাৰ পাছত মেঘদূত ভৱনত ৰখা হ‘ব। অহা ২৯ ডিচেম্বৰত ভোটগণনা অনুষ্ঠিত হ‘ব। উল্লেখযোগ্য যে সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ নিৰ্বাচনৰ বাবে সভাপতি পদত ডº বসন্ত কুমাৰ গোস্বামী আৰু ডº উপেন ৰাভা হাকাচাম, উপ-সভাপতি পদত পদুম ৰাজখোৱা, ডাº বিপিন কলিতা, ছহিৰ ভূঞা আৰু প্রধান সম্পাদক পদত অজিৎ প্ৰসাদ শৰ্মা, দেৱজিৎ বৰা আৰু ডº সঞ্জীৱ কুমাৰ শৰ্মাই প্রতিদ্বন্দ্বিতা কৰিছে। এইবাৰ মুঠ ৮৪৯ খন জিলা আৰু শাখাই ভোটদানৰ অধিকাৰ লাভ কৰিছে। ৰাজ্যৰ বিভিন্ন স্থানৰ শাখাসমূহৰ লগতে দিল্লী, মুম্বাই, কলকাতা, আহমেদাবাদ আদিত থকা সভাৰ শাখাসমূহেও ইতিমধ্যে ভোটদান কৰিছে বুলি সাহিত্য সভাৰ সূত্ৰই প্ৰকাশ কৰিছে।
Assamese | December 4, 2024 12:22 PM | Assam Sahitya Sabha
অসম সাহিত্য সভাৰ ২০২৫-২৭ বৰ্ষৰ বিষয়ববীয়া নিৰ্বাচনৰ ভোটগ্ৰহণৰ আজি অন্তিম দিন