May 29, 2025 7:22 PM

views 54

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষা সেতু এপৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ দৈনিক উপস্থিতিৰ তথ্য ৰখাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগে এটা নিৰ্দেশনা জাৰি কৰি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি সন্দৰ্ভত মাধ্যমিক শিক্ষা সঞ্চালক আৰু প্ৰাথমিক শিক্ষা সঞ্চালকক নিয়মীয়াকৈ বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ সৈতে বৈঠক অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে। এই অনুসৰি বিদ্যালয়সমূহৰ পৰিদৰ্শক, প্রাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়া...

May 29, 2025 6:26 PM

views 23

ৰাজ্য চৰকাৰৰ ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান

ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৩ হাজাৰ ৩৬৭ খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ তিনিমহীয়া প্...

May 29, 2025 1:00 PM

views 23

ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান ৰাজ্য চৰকাৰৰ

ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৩ হাজাৰ ৩৬৭ খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ তিনিমহীয়া প্...

May 26, 2025 12:26 PM

views 30

পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত

জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ সিদ্ধান্তমৰ্মে মন্ত্ৰী বিমল বৰাই কালি কৰ্ণাটকৰ বেংগালুৰুত তিনিটা ভুক্তভোগী পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে বেংগালুৰুৰ শিৱমোগাৰ নিহত মঞ্জুনাথ ৰাওৰ বাসগৃহলৈ গৈ পৰিয়ালক সদস্যক সমবেদনা জ্ঞাপনৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্রদ্ধাঞ্জলি তৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাওৰ পত্নীৰ পল্লৱী ৰাওৰ হাতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ ৫ লাখ টকাৰ সাহায্য চে...

May 6, 2025 6:47 PM

views 33

শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলিৰ বাবে WWW.HRMSASSAM.IN প'ৰ্টেলৰ জৰিয়তে ২০ মে'ৰ মাজ নিশা পৰ্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফলাইন আবেদন পত্র গ্রহণ কৰা নহ'ব বুলি নিৰ্দেশনাটোত উল্লেখ কৰা হৈছে।

May 5, 2025 7:50 PM

views 18

প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন

উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সন্দৰ্ভত অসম চৰকাৰৰ মাধ্যমিক শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ ১০ খন শিক্ষানুষ্ঠানৰ ৯ গৰাকী অধ্যক্ষ, ভাৰপ্ৰাপ্ত অধ্যক্ষ আৰু এগৰাকী বিষয় শিক্ষকক চাকৰিৰ পৰা নিলম্বন কৰিছে। মাধ্যমিক শিক্ষা সঞ্চালকালয়ে প্রশ্নকাকত ফাদিলৰ ঘটনাক লৈ শিক্ষককেইগৰাকীলৈ কাৰণ দৰ্শোৱা জাননী জাৰি কৰিছিল আৰু এই ক্ষেত্ৰত সন্তোষজনক উত্তৰ লাভ নকৰাৰ বাবে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হয়। সেই অনুসৰি শোণিতপুৰৰ নাৰেংকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ড০ ৰোহিত চন্দ্ৰ ৰাভা,...

May 5, 2025 6:40 PM

views 24

মুখ্যমন্ত্রীৰ অশোভনীয় মন্তব্যৰ অভিযোগ তুলি অসম প্রদেশ মহিলা কংগ্ৰেছৰ অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অসমৰ মহিলাসকলৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ অভিযোগ তুলি আজি অসম প্রদেশ মহিলা কংগ্ৰেছে অসম ৰাজ্যিক মহিলা আয়োগত লিখিত অভিযোগ দাখিল কৰে। মহিলা প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীৰ নেতৃত্বৰ এটা দলে এই অভিযোগ পত্ৰ দাখিল কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী জনায়। অসম প্রদেশ মহিলা কংগ্ৰেছে আজি এই সন্দৰ্ভত ৰাষ্ট্ৰীয় মহিলা আয়োগলৈও অভিযোগ পত্ৰ প্ৰেৰণ কৰিছে। উল্লেখযোগ্য যে, পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মহিলাক ল...

May 5, 2025 6:26 PM

views 20

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে

ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগে শিক্ষকসকলৰ বদলিকৰণৰ বাবে অনলাইন আবেদনৰ সময়সীমা ২০ মে’লৈ বৃদ্ধি কৰিছে। এই সন্দৰ্ভত বিদ্যালয় শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰাথমিক, মাধ্যমিক শিক্ষা সঞ্চালকালয় আৰু সমগ্ৰ শিক্ষাৰ অধীনৰ শিক্ষকসকলে একক অথবা পাৰস্পৰিক বদলিৰ বাবে WWW.HRMSASSAM.IN প'ৰ্টেলৰ জৰিয়তে ২০ মে'ৰ মাজ নিশাপর্যন্ত আবেদন কৰিব পাৰিব। এই ক্ষেত্ৰত কোনোধৰণৰ অফ ...

April 27, 2025 7:01 PM

views 21

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল

ৰাজ্যত ২০২৫ বৰ্ষৰ প্ৰথম চাৰি মাহত ১১ হাজাৰৰো অধিক ৰেচন কাৰ্ড বাতিল কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা বিতৰণ বিভাগৰ তথ্যত এই কথা প্রকাশ পাইছে। বিভাগে প্রকাশ কৰা মতে জানুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৩১ খন আৰু অগ্রাধিকাৰ প্রাপ্ত পৰিয়াল আঁচনি অধীনৰ ৮৮৯ খন কার্ড বাতিল কৰা হৈছে। একেদৰে ফেব্ৰুৱাৰীত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ২২৮ খন আৰু অগ্ৰাধিকাৰ প্ৰাপ্ত পৰিয়াল আঁচনি অধীনৰ ৪,৬৯২ খন কার্ড বাতিল কৰা হৈছে। ইয়াৰোপৰি মাৰ্চত অন্ত্যোদয়া অন্ন যোজনাৰ অধীনৰ ৯১ খন আৰু অগ্ৰাধিকাৰ প্রাপ্ত পৰিয়াল আঁচ...

April 21, 2025 11:14 AM

views 42

ৰাজ্যৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ৰাজ্য চৰকাৰৰ ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত

● ৰাজ্যখনৰ সম্ভাব্য বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে ১৬টা জলাশয় খনন কৰাৰ সিদ্ধান্ত লৈছে। বাৰিষা বৰষুণৰ পানী জমা কৰিবলৈ এই জলাশয়সমূহ খনন কৰাৰ বাবে বিভাগটোৱে যুগুত কৰা ৬৩৪ কোটি ৮৩ লাখ টকাৰ বিতং প্রকল্প প্ৰতিবেদনত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণৰ কাৰ্যবাহী পৰিষদে অনুমোদন জমাইছে। এই পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে জনসম্পদ বিভাগে পুঁজি বিচাৰি শীঘ্ৰেই কেন্দ্ৰ চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিব। এই জলাশয়সমূহ শোণিতপুৰ, যোৰহাট, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, মৰিগাঁও আৰু কামৰূপ...