ৰাজ্য চৰকাৰে কন্যা সন্তানৰ বিদ্যায়তনিক শিক্ষাৰ লগতে তেওঁলোকক আত্মৰক্ষাৰ ক্ষেত্ৰত শক্তিশালী কৰি গঢ়ি তোলাৰ বাবে ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে বৰ্তমানলৈকে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা উল্লেখ কৰি কয়, যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অধীনত ২০২৪-২৫ বৰ্ষত ১৩ হাজাৰ ৩৬৭ খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ অধীনত ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলক কাৰাটে, জুডো আৰু টাইকোৱাণ্ডোৰ সমৰকলাৰ তিনিমহীয়া প্ৰশিক্ষণ প্ৰদান কৰা হয়।
Site Admin | May 29, 2025 1:00 PM | Assam Govt
ৰাণী লক্ষ্মীবাই আত্মৰক্ষা প্ৰশিক্ষণৰ জৰিয়তে ১০ লাখ ৫ হাজাৰ কন্যাক সমৰকলাৰ প্ৰশিক্ষণ প্ৰদান ৰাজ্য চৰকাৰৰ
