ডাউনলোড
মোবাইল এপ

android apple
signal

May 26, 2025 12:26 PM | Assam Govt

printer

পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰৰ সিদ্ধান্ত

জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুওৱা ২৬ গৰাকী নিৰীহ লোকক আর্থিক সাহায্য প্ৰদানৰ বাবে অসম চৰকাৰে গ্ৰহণ সিদ্ধান্তমৰ্মে মন্ত্ৰী বিমল বৰাই কালি কৰ্ণাটকৰ বেংগালুৰুত তিনিটা ভুক্তভোগী পৰিয়ালক সাহায্যৰ ধন প্ৰদান কৰে। মন্ত্ৰীগৰাকীয়ে বেংগালুৰুৰ শিৱমোগাৰ নিহত মঞ্জুনাথ ৰাওৰ বাসগৃহলৈ গৈ পৰিয়ালক সদস্যক সমবেদনা জ্ঞাপনৰ লগতে মৃতকৰ প্ৰতিকৃতিত শ্রদ্ধাঞ্জলি তৰ্পণ কৰে। মন্ত্ৰীগৰাকীয়ে ৰাওৰ পত্নীৰ পল্লৱী ৰাওৰ হাতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হৈ ৫ লাখ টকাৰ সাহায্য চেক প্ৰদান কৰে। কালি বিয়লি মন্ত্ৰীগৰাকীয়ে আন এজন ভুক্তভোগী ভাৰত ভূষণৰ পৰিয়ালক সাক্ষাৎ কৰি অসম চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ সাহায্যৰ চেক মৃতকৰ সুজাতাক অৰ্পণ কৰে। সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত বেংগালুৰুৰ আন এগৰাকী ব্যক্তি আই বি এম জ্যেষ্ঠ স্থপতিবিদ ছমীৰ চেট্টী মধুসূধন ৰাওৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰা লগতে তেওঁৰ পত্নী কামাক্ষীৰ হাতত সাহায্যৰ চেক অৰ্পণ কৰে। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কেইবাগৰাকী মন্ত্ৰীয়েও যোৱা দুটা দিনত এই আক্ৰমণত নিহতসকলৰ পৰিয়ালৰ আৰ্থিক সাহায্য প্ৰদান কৰে। মন্ত্ৰী কৃষেন্দু পালে পশ্চিমবংগত প্রয়াত বিতন অধিকাৰী আৰু সমীৰ গুহৰ পৰিয়াল, মন্ত্ৰী কেশৱ মহন্তই ভাৰতীয় নৌসেনা বিষয়া বিনয় নৰোৱালৰ পৰিয়াল, ৰণজিৎ কুমাৰ দাসে উত্তৰ প্ৰদেশৰ শুভম দ্বিৱেদী আৰু ডা০ ৰণোজ পেগুৱে ৰাজস্থানৰ প্ৰয়াত নীজ উধৱানীৰ পৰিয়ালৰ সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰাৰ লগতে সাহায্যৰ চেক প্ৰদান কৰে।

অধিক পঢ়ক

সকলো চাওক