September 11, 2025 8:45 PM
26
ধুবুৰীত হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ
ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা নিশা ধুবুৰীত উপস্থিত হৈ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি ...