December 7, 2025 9:06 PM December 7, 2025 9:06 PM

views 10

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত সোমবাৰে স্কুটাৰ বিতৰণ

২০২৫ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত ৮০ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা শিক্ষাৰ্থীক কাইলৈ ড০ বাণীকান্ত কাকতি মেধা বঁটা আঁচনিৰ অধীনত স্কুটাৰ বিতৰণ কৰা হ'ব। এই বঁটা লাভ কৰা ১১,২৫০ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৬,৮৬০ গৰাকী ছাত্ৰী আৰু ৪,৩৯০ গৰাকী ছাত্র আছে। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্রী ডা০ ৰণোজ পেণ্ড উপস্থিত থাকিব। উল্লেখযোগ্য যে মুখ্যমন্ত্রীৰ নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰা ছাত্রীয়ে এই বঁটা লা...

November 5, 2025 7:37 PM November 5, 2025 7:37 PM

views 23

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকী পালন

ৰাজ্যৰ ৩৫ খন জিলা আৰু ২৭ খন সমজিলাত ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যুবার্ষিকীত আজি বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা- কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে মানুহে মানুহৰ বাবে শীৰ্ষক গীতটি পৰিৱেশন কৰে । ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত চৌকিডিঙ্গি খেলপথাৰত সুধাকণ্ঠক স্মৰণ কৰি বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হয়। ৫ হাজাৰ লোকে মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰে। চৰাইদেউ জিলা প্ৰশাসনৰ উদ্যোগত জিলাখনৰ ৩ হাজাৰ শিল্পীয়ে আজি সুধাকণ্ঠৰ কেইবাটাও গীত পৰিৱ...

October 20, 2025 7:26 PM October 20, 2025 7:26 PM

views 22

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্ৰকাশ

ৰাজ্য চৰকাৰে ৰাজ্যত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। আৰক্ষী প্ৰশাসন আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অনুপ্ৰৱেশৰ ঘটনা ৰোধ কৰাৰ বাবে ৰাজ্যৰ বিভিন্ন প্রান্তত সহযোগিতাৰে অভিযান চলাই আছে। ইয়াৰ অংশ হিচাপে আজি শ্রীভূমি জিলাৰ পৰা আটক কৰা ১৮ গৰাকী ৰোহিংগাক সীমান্তৰ সীপাৰলৈ ওভতাই পঠোৱা হৈছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সামাজিক মাধ্যমযোগে এই কথা জানিবলৈ দিছে।

October 5, 2025 11:53 AM October 5, 2025 11:53 AM

views 25

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রীৰ বিটিআৰৰ বাহিৰে সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা

অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় ৰূপায়ণৰ প্ৰস্তুতি সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিটিআৰৰ জিলাসমূহৰ বাহিৰে ৰাজ্যৰ সকলো জিলাৰ আয়ুক্তৰ সৈতে আলোচনা কৰে। মুখ্যমন্ত্রীয়ে জিলা আয়ুক্তসকলক এই আঁচনিৰ ৰূপায়ণ সম্পৰ্কীয় সকলো কাম যথাযথভাৱে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিয়ে। এই অনুষ্ঠানৰ মূল কাৰ্যসূচী ৭ অক্টোবৰত গুৱাহাটীত আয়োজন কৰা হ'ব আৰু সেইদিনাই ৩০ লাখ ৫৪ হাজাৰ ১৮৮ গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টযোগে ১২৫০ টকাকৈ লাভ কৰিব। মুখ্যমন্ত্ৰীয়ে কালিৰ বৈঠকত প্রধানমন্ত...

September 29, 2025 6:42 PM September 29, 2025 6:42 PM

views 22

শাৰদীয় দুর্গাপূজাৰ সপ্তমীৰ দিন মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ কেইবাখনো পূজা মণ্ডপত দেৱীৰ আশীষ গ্রহণ

আজি শাৰদীয় দুর্গাপূজাৰ সপ্তমী। কালি ষষ্ঠীত দেৱী দুৰ্গাৰ প্ৰাণ প্রতিষ্ঠা কৰা হয়। আজি দেৱীক কালৰাত্ৰি ৰূপত পূজা-অৰ্চনা কৰা হয়। এইবাৰ দেৱী দুৰ্গাৰ হস্তীত আগমন ঘটিছে আৰু দোলাত গমন হ'ব বুলি বিশ্বাস কৰা হৈছে। অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিয়োগত ৰাজ্যজুৰি সৃষ্টি হোৱা শোকাকুল পৰিস্থিতিৰ মাজতে জনসাধাৰণে অশুভ শক্তিৰ ওপৰত শুভ শক্তিৰ বিজয় বিচাৰি শক্তিৰূপিনী দুর্গাৰ আৰাধনা কৰিছে। শক্তিপীঠ কামাখ্যা ধাম, বেলশৰৰ বিশ্বেশ্বৰ দেৱালয়কে ধৰি প্রাচীন দেৱালয়সমূহত নৱৰাত্রিৰ প্রথম দিনাৰে পৰা আধ্যাত্মিকতা ৰক্ষ...

September 11, 2025 8:45 PM September 11, 2025 8:45 PM

views 11

ধুবুৰীত হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক আখ্যা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ

ধুবুৰীত কালি সন্ধিয়া এটা ছাত্ৰ সংগঠনৰ প্ৰতিবাদী সমদলৰ সময়ত আৰক্ষীৰ লাঠিচালনাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা অপ্রীতিকৰ ঘটনা অত্যন্ত দুর্ভাগ্যজনক বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মন্তব্য কৰিছে। তেওঁ এই ঘটনাটো অনাকাংক্ষিত বুলি উল্লেখ কৰি কয় যে ইতিমধ্যে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীক নিলম্বন কৰা হৈছে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই যোৱা নিশা ধুবুৰীত উপস্থিত হৈ গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীক তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ নিলম্বন কৰা বুলি ...

August 6, 2025 8:00 PM August 6, 2025 8:00 PM

views 16

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ’ব : ড০ হিমন্ত বিশ্ব শৰ্মা

অসমীয়া জাতিক নিঃশেষ কৰিবলৈ চলোৱা কোনো অপচেষ্টা সহ্য কৰা নহ'ব আৰু তেনে লোকক আইনৰ গণ্ডীৰে ৰোধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীত সকীয়াই দিয়ে। মুখ্যমন্ত্রীয়ে কয়, যে জাতিটোৰ বৰঘৰত কোনো লোকে অবৈধভাৱে প্ৰৱেশ কৰিব খুজিলে মানুহে মাত মাতিবই। সঠিক সময়ত মাত নামাতিলে, সেই জাতিক কোনে উদ্ধাৰ কৰিব বুলিও তেওঁ প্ৰশ্ন উত্থাপন কৰে। ড০ শৰ্মাই আইন হাতত তুলি নোলোৱাকৈ অন্যায়ৰ বিৰুদ্ধে মাত মাতি যাবলৈ খিলঞ্জীয়া লোকসকলক আহ্বান জনায়।

July 10, 2025 12:48 PM July 10, 2025 12:48 PM

views 17

ৰাজ্যৰ হিতাধিকাৰী বাছনি প্রক্রিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

ৰাজ্য চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ ৰূপায়ণ শীঘ্ৰে আৰম্ভ কৰিব পৰাকৈ হিতাধিকাৰী বাছনি প্ৰক্ৰিয়া অহা ১৫ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিছে। চিৰাং জিলাত কালি বিভিন্ন জনকল্যাণমূলক আঁচনিৰ অগ্ৰগতিৰ বুজ লৈ মুখ্যমন্ত্ৰীয়ে এই নির্দেশ দিয়ে। তেওঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত অংশ লৈ তৃতীয় পৰ্যায়ৰ অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আত্ম নিৰ্ভৰ অসম অভিযান, মহিলা উদ্যমিতা অভিযান আৰু ৰেচন কাৰ্ড বিতৰণৰ সফল ৰূপায়ণৰ বাবে জিলা প্ৰশাসনৰ প্ৰস্তুত...

June 20, 2025 11:51 AM June 20, 2025 11:51 AM

views 15

প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে : মুখ্যমন্ত্রী

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি প্ৰকাশ কৰা অনুসৰি প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাসৰ ক্ষেত্ৰত ৰাজ্যই অভাৱনীয় সফলতা লাভ কৰিছে। দিছপুৰত কালি অনুষ্ঠিত এখন সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে প্ৰকাশ কৰা ২০০১-২০০৩ চনৰ চেম্পুল ৰিচাৰ্চ চিষ্টেম অনুসৰি ৰাজ্যত প্ৰতি লাখ প্ৰসূতিৰ ভিতৰত ৪৯০গৰাকীয়ে মৃত্যুক সাৱতি লৈছিল। ২০১৮-২০২০ একেটা সংস্থাৰ প্ৰতিবেদন মতে ৰাজ্যত প্ৰসূতিৰ মৃত্যুৰ সংখ্যা ১৬৭লৈ হ্ৰাস পায়। একেদৰে, ২০২০-২০২২চনত এই হাৰ ১২৫লৈ হ্ৰাস পায়। ফলত মধ্যপ্রদেশ, ছট্টিশগড়, উত্তৰ প্ৰদেশ...

April 14, 2025 7:39 PM April 14, 2025 7:39 PM

views 12

চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ’বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাৰ সঞ্চালকৰ সৈতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমৰ প্ৰৱেশ পৰীক্ষা হ'বলগীয়া ১৭খন জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক আৰু ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থা এন-টি-এৰ সঞ্চালকৰ সৈতে আজি এখন বৈঠকত মিলিত হয়। অসম আৰক্ষীৰ বিশেষ অনুসন্ধানত ৰাজ্যৰ ব্যক্তিগত পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষাত উত্তীৰ্ণ কেইগৰাকীমান শিক্ষার্থীয়ে অস্বাভাৱিকভাৱে বেছি নম্বৰ লাভ কৰাক লৈ এই বৈঠকৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে এই বৈঠকত ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই পৰীক্ষা নিয়াৰিকৈ পৰিচালনা...