January 15, 2026 10:25 AM
18
মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্রকাশ
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত ১০ হাজাৰ টকাকৈ প্ৰাৰম্ভিক মূলধন বিতৰণৰ প্ৰক্ৰিয়া ৫ ফেব্ৰুৱাৰীৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি প্রকাশ কৰিছে। ডিফুত কালি ২৫ হাজাৰ মহিলাৰ মাজত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই আজি ধুবুৰী জিলাৰ বিলাসীপাৰা আৰু চিৰাং জিলাৰ বিজনীত আঁচনিখনৰ চেক বিতৰণ কৰিব। ইয়াৰে ধুবুৰীৰ বিলাসীপাৰা বিধানসভাৰ অধীনৰ বিলাসীপাৰা ইন্দ্ৰ নাৰায়ণ খেলপথাৰত ১৮ হাজাৰৰো অধিক আৰু বিজনী জিলা ক্রীড়া সন্থা...