November 24, 2025 8:57 PM November 24, 2025 8:57 PM

views 7

২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণৰ

ভাৰতীয় দূৰসংযোগ নিয়ামক প্ৰাধিকৰণে এই বছৰটোত ২১ লাখ বিসঙ্গতিপূর্ণ ফোন নম্বৰ আৰু বিসঙ্গতিপূৰ্ণ মেছেজ পঠিওৱা ১ লাখ উৎসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। ভাৰতীয় নাগৰিকসকলে ৰুজু কৰা গোচৰৰ ভিত্তিত প্ৰাধিকৰণে এই ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে। কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰালয়ে জানিবলৈ দিয়া মতে সমগ্ৰ দেশতে দূৰসংযোগ ব্যৱস্থাৰ ক্ষেত্ৰখনত হোৱা অপপ্ৰয়োগৰ বাবে গ্ৰাহকসকলে এনে ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় আৰু তৎকালীনভাৱে ল'ব পৰা উপায় হিচাপে গ্রাহকসকলক ডি এন ডি ব্যৱস্থাৰ সহায় ল'ব পাৰে। ইয়াৰ জৰিয়তে প্ৰাধ...

November 24, 2025 8:55 PM November 24, 2025 8:55 PM

views 7

উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ’ৰামৰ

জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল অ'ৰামে আজি নতুন দিল্লীত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে তেওঁক জনজাতি লোকসকলৰ কল্যাণৰ বাবে মন্ত্ৰালয়ে গ্রহণ কৰা উদ্যমসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। শ্ৰীৰাধাকৃষ্ণণে চৰকাৰৰ কল্যাণকামী আঁচনিসমূহৰ লাভালাভ জনজাতি সম্প্ৰদায়ৰ সকলো শ্ৰেণীৰ বাবে সুনিশ্চিত কৰা সন্দৰ্ভত আলোকপাত কৰে। জনজাতি সম্প্ৰদায়ৰ কল্যাণ সুনিশ্চিত হ'লেহে বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হ'ব পৰা যাব বুলি উপ-ৰাষ্...

November 24, 2025 8:49 PM November 24, 2025 8:49 PM

views 9

ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছেঃ বিজেপি

দেশৰ কেইখনমান ৰাজ্যত ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া নিয়াৰিকৈ চলাই নিয়াৰ ক্ষেত্ৰত কংগ্ৰেছ আৰু টি এম চিকে ধৰি বিৰোধী দলসমূহে বাধাৰ সৃষ্টি কৰিছে বুলি বিজেপিয়ে অভিযোগ উত্থাপন কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিজেপিৰ মুখপাত্র শুধাংশু ত্রিবেদীয়ে কয় যে দেশত স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ বাবে ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ অত্যন্ত প্রয়োজন। কংগ্ৰেছৰ নেতা আৰু ঝাৰখণ্ডৰ মন্ত্ৰী ইৰফান আনচাৰিয়ে বুথ পৰ্যায়ৰ বিষয়াসকলৰ সন্দৰ্ভত কৰা মন্তব্য সন্দৰ্ভত উদ্বেগ প্রকাশ কৰি শ্রীত্রিবেদ...

November 24, 2025 8:42 PM November 24, 2025 8:42 PM

views 4

কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ’ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলৰ সাক্ষাৎ

কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীয়ুষ গোৱেলে কানাডা ভ্ৰমণৰ সময়ত অণ্টেৰিঅ'ৰ অৰ্থনৈতিক উন্নয়ন, নিয়োগ সৃষ্টি আৰু বাণিজ্য মন্ত্ৰী ভিক্টৰ ফেডেলীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীগোৱেলে কয় যে তেওঁলোক দুয়োগৰাকীয়ে ভাৰত আৰু কানাডাৰ মাজৰ বাণিজ্য শক্তিশালী কৰাৰ লগতে বিনিয়োগৰ সুযোগ বৃদ্ধি আৰু বিভিন্ন খণ্ডত সহযোগিতা বৃদ্ধি কৰাৰ বিষয়ে বিশদভাৱে আলোচনা কৰে৷

November 24, 2025 8:36 PM November 24, 2025 8:36 PM

views 12

ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৰ সাক্ষাৎ

কেন্দ্ৰীয় মন্ত্রী কিৰেণ ৰিজিজুৱে আজি ভূটানত উপস্থিত হৈ প্ৰধানমন্ত্ৰী শ্বেৰিং টৰ্গেক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে ভূটানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে হোৱা আলোচনাই ভাৰত আৰু ভূটানৰ সম্পৰ্ক অধিক সুদৃঢ় কৰিব আৰু দুয়োখন দেশ বিভিন্ন দিশত সহযোগিতাৰে আগবাঢ়ি যাবলৈ সক্ষম হ'ব।

November 24, 2025 8:31 PM November 24, 2025 8:31 PM

views 8

৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্বাহিদ ষ্টুডিঅ’ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত

গোৱাত অনুষ্ঠিত হৈ থকা ৫৬ সংখ্যক ভাৰত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত আজি শ্বাহিদ ষ্টুডিঅ'ৰ দ্বাৰা পৰিচালিত কংকনী চুটি ছবি ঘৰ প্ৰদৰ্শিত হৈ যায়। ৰবি কিশোৰ আৰু ৰোহিত খাণ্ডেকৰে মুখ্য ভূমিকা ৰূপায়ণ কৰা এই ছবিখনত এখন ঘৰ আৰু ঘৰখনৰ সদস্যসকলৰ মাজত থকা বিভিন্ন অনুভূতিসমূহ সুন্দৰভাৱে দেখুৱাবলৈ চেষ্টা কৰা হৈছে। সম্পূৰ্ণৰূপে গোৱাত চিত্ৰগ্ৰহণ কৰা এই ছবিখনৰ বাহিৰেও পূৰ্বৰ গোৱাৰ চলচ্চিত্ৰ মহোৎসৱত একে প্ৰযোজনাৰ ৫খন ছবি প্ৰদৰ্শিত হৈছে।

November 24, 2025 8:03 PM November 24, 2025 8:03 PM

views 11

ৰাজ্যৰ ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ

ৰাজ্যৰ কমেও ৭ খন জিলাত আফ্রিকান ছোৱাইন ফিভাৰে ব্যাপক ৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জিলা কেইখনত গাহৰী সৰবৰাহ আৰু ক্ৰয় বিক্ৰী নিষিদ্ধ কৰাৰ লগতে সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। বিশ্বনাথ জিলাৰ পশু পালন আৰু পশু চিকিৎসা বিভাগ তথা বিশ্বনাথ জিলা প্রশাসনে এই ৰোগ নিয়ন্ত্ৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা লৈছে। বিশ্বনাথ উন্নয়ন খণ্ডৰ অধীনৰ উত্তৰ মৰল গাওঁ এই ৰোগৰ সংক্ৰমনৰ কেন্দ্ৰ হিচাপে চিনাক্ত হোৱাৰ পাছতে সকলো গাহৰী পালকক সতৰ্ক কৰি দিয়া হৈছে। উত্তৰ মৰল গাওঁৰ নিৰ্দিষ্ট গাহৰী পামখনক কেন্দ্ৰ হিচাপে...

November 24, 2025 7:52 PM November 24, 2025 7:52 PM

views 7

সাংবিধানীক ৰক্ষা কৱচ সন্দৰ্ভত ৰাজ্যিক মন্ত্রীসভাই বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনত ৬৭টা বিষয় চিনাক্ত কৰিছে

সাংবিধানীক ৰক্ষা কৱচ সম্পৰ্কে বিপ্লৱ কুমাৰ শৰ্মা সমিতিৰ প্ৰতিবেদন সন্দৰ্ভত আজি উজান বজাৰৰ ছহিদ ন্যাসত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই এখন সংবাদমেল সম্বোধন কৰে। অসম চুক্তি ৬ নম্বৰ দফাৰ আধাৰত কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠন কৰা উচ্চস্তৰীয় সমিতিৰ প্রতিবেদন কাৰ্যকৰীকৰণৰ সন্দৰ্ভত ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসম চৰকাৰৰ সৈতে পৰহি দিছপুৰত থকা মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সভাকক্ষত তৃতীয়লানি আলোচনাত অংশগ্রহণ কৰে বুলি আজিৰ সংবাদমেলত জানিবলৈ দিয়া হয়। উল্লেখযোগ্য যে ৰা...

November 24, 2025 6:47 PM November 24, 2025 6:47 PM

views 11

পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ

ৰাজস্থানত আজি পঞ্চম খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্রীড়া মহোৎসৱ আৰম্ভ হৈছে। এই মহোৎসৱত দেশৰ ২৩০খন বিশ্ববিদ্যালয়ৰ প্ৰায় ৫হাজাৰ শিক্ষাৰ্থী তথা খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। এইবাৰ ২৩বিধ খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। লগতে খো খোৰ প্ৰদৰ্শনীমূলক খেল অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাসমূহ ৰাজ্যখনৰ জয়পুৰ, উদয়পুৰ, যোধপুৰ, কোটা, আজমেৰ, ভৰতপুৰ আৰু বিকানেৰত আয়োজিত হ'ব। জয়পুৰৰ ছাৱাই মানসিং ষ্টেডিয়ামত আজি সন্ধিয়া ৬বজাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হ'ব। মুখ্যমন্ত্রী ভজন লাল শৰ্মা, কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া ...

November 24, 2025 6:45 PM November 24, 2025 6:45 PM

views 5

দেশৰ মহিলাসকলে ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ২৪ ঘণ্টাই উপলব্ধ হেল্পলাইন নম্বৰ মুকলি

ৰাষ্ট্ৰীয় মহিলা আয়োগে দেশৰ মহিলাসকলে সংকটকালৰ ততালিকে সহায় লাভ কৰাটো নিশ্চিত কৰিবলৈ ২৪ ঘণ্টাই উপলব্ধ এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে। ১৪৪৯০ বিনামূলীয়া এই হেল্পলাইন নম্বৰটো আয়োগৰ সম্প্ৰতি ব্যৱহৃত হেল্পলাইনৰ সৈতে সংযুক্ত ছুটী কোড হিচাপে ব্যৱহৃত হ'ব। ইয়াৰ ফলত কোনো বিলম্ব নোহোৱাকৈ মহিলাসকলে সহায় লাভ কৰিব পাৰিব। নম্বৰটো ব্যৱহাৰৰ ফলত হিংসা, আতিশয্য আৰু যিকোনো নিৰ্যাতনৰ বলী হোৱা মহিলাক তাৎক্ষণিকভাৱে সকাহ দিয়াটো সম্ভৱ হ'ব।