December 27, 2025 6:36 PM

views 28

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত

আকাশবাণী গুৱাহাটীৰ আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত প্ৰধানমন্ত্ৰী সূৰ্য্যৰ বিনামূলীয়া বিদ্যুৎ আঁচনি সম্পৰ্কত কথোপথন শুনিবলৈ পাব। ইয়াত ভাগ ল'ব অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ উপ-প্ৰৱন্ধক বৈশালী তালুকদাৰ আৰু আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশিকা জিণ্টীৰাণী ডেকাই।

December 27, 2025 6:32 PM

views 26

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত

আজি অসম সাহিত্য সভাৰ ১০৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন জিলাত থকা জিলা আৰু শাখা সাহিত্য সভাসমূহৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। ১৯১৭ চনৰ ২৬ ডিচেম্বৰত শিৱসাগৰত সভাৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হৈছিল। এই উপলক্ষে আজি শিৱসাগৰত বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। গুৱাহাটীৰ অসম সাহিত্য সভাৰ ভৱনতো আজি এই উপলক্ষে বিশেষ কার্যসূচী অনুষ্ঠিত হয়। বজালী জিলাৰ পাটাছাৰকুছিত আজি অসম সাহিত্য সভাৰ পাটাছাৰকুছি শতদল শাখা সাহিত্য সভাৰ উদ্যোগত কাৰ্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে শাখাৰ সভাপতি হর্ষমোহন শর্মাই পতাক...

December 27, 2025 6:27 PM

views 28

অসম গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়

অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সহযোগত গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত গ্রন্থমেলাত আজি যুৱ লেখক সন্মিলন অনুষ্ঠিত হয়। লেখক, অনুবাদক তথা জর্জিয়া বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰুণি কাশ্যপ নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থকা এই সন্মিলন লেখক তথা জ্যেষ্ঠ জনসংযোগ বিষয়া সমীৰ শান্দিল্যই সঞ্চালনা কৰে। জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্যৰ আলোচনা সত্ৰত ‘আধুনিকতাবাদ আৰু কবি অজিত বৰুৱা' সন্দৰ্ভত এখন আলোচনা অনুষ্ঠিত হয়। কিছু সময়ৰ পাছত গ্ৰন্থমেলাৰ বাকৰিত...

December 27, 2025 6:22 PM

views 19

কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কাইলৈ দুদিনীয়া ভ্রমণসূচীৰে অসমলৈ আহিব। ভ্ৰমণকালত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ পৰহিলৈ নগাঁও জিলাৰ বটদ্ৰৱাত অসম চৰকাৰে নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ঐতিহাসিক বটদ্ৰৱা প্ৰকল্পৰ উদ্বোধন কৰিব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাক কলা-সংস্কৃতি আৰু আধ্যাত্মিকতাৰ অন্যতম প্রাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কৰি তোলাত এই প্ৰকল্পই গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। একেদিনাই গৃহমন্ত্ৰী শ্বাহে গুৱাহাটীৰ নতুন আৰ...

December 27, 2025 6:12 PM

views 78

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে

ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ আজি খচৰা প্ৰকাশ কৰা হৈছে। এই খচৰা ভোটাৰ তালিকাৰ ভিত্তিত ৰাইজে অহা ২২ জানুৱাৰী পৰ্যন্ত ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওজৰ আপত্তি নিষ্পত্তিৰ বাবে ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত হ'ব। ২ ফেব্ৰুৱাৰীৰ ভিতৰত এই ওজৰ-আপত্তিসমূহ নিষ্পত্তি কৰি ১০ ফেব্ৰুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ'ব। ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথে ২০২৬ বৰ্ষৰ খচৰা ভোটাৰ তালিকা প্রকাশ কৰে। আয়ুক্তগৰাকীয়ে কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত সংবাদমেলত কয়, যে যোৱা ২২ নৱেম্বৰৰ পৰা বুথ পৰ্যায়ৰ বি...

December 27, 2025 7:20 PM

views 22

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতৰ গভীৰ উদ্বেগ প্রকাশ

বাংলাদেশত সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে অব্যাহত আতিশায্যৰ ঘটনাক লৈ ভাৰতে গভীৰ উদ্বেগ প্রকাশ কৰিছে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্র ৰণধীৰ জয়শোৱালে কয় যে ভাৰতে বাংলাদেশত ময়মনসিং চহৰত অলপতে এজন হিন্দু যুৱকৰ হত্যাৰ ঘটনাক তীব্ৰ গৰিহণা দিয়ে আৰু এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক আইনৰ কাঠগড়ালৈ আনিবই লাগিব। বাংলাদেশৰ আসন্ন নির্বাচন সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত শ্ৰী জয়শোৱালে কয় ভাৰতে দেশখনত মুক্ত, নিকা, সর্বাত্মক আৰু অংশীদাৰমূলক নিৰ্বা...

December 27, 2025 7:18 PM

views 21

সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত গৃহমন্ত্রী অমিত শ্বাহৰ পোষকতা

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সমগ্র দেশত সন্ত্রাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তোলাত পোষকতা কৰিছে। তেওঁ লগতে বিভিন্ন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানসকলক শীঘ্ৰে এই ব্যৱস্থা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছে। নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় তদন্ত সংস্থাৰ দুদিনীয়া সন্ত্ৰাসবাদ প্ৰতিৰোধী সন্মিলন মুকলি কৰি শ্ৰী শ্বাহে কালি এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে সমগ্ৰ দেশত সন্ত্ৰাসবাদ প্ৰতিৰোধী উমৈহতীয়া পৰিকাঠামো গঢ়ি তুলিলে এই সকলে পৰ্যায়ত সন্ত্রাসবাদী কার্যকলাপ ৰোধ কৰা সহায় কৰিব।

December 27, 2025 7:40 PM

views 30

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে

থাইলেণ্ড আৰু কম্বোডিয়াই সীমান্তৰ বিবাদক লৈ চলি থকা সংঘাতৰ সাময়িকভাৱে অন্ত পেলাই এখন যুদ্ধ বিৰতি চুক্তিত উপনীত হৈছে। থাইলেণ্ডৰ প্ৰতিৰক্ষা মন্ত্ৰী নাথাপন নাকপানিচ আৰু কম্বোডিয়াৰ উপ প্রধানমন্ত্ৰী তথা প্ৰতিৰক্ষা মন্ত্ৰী টিয়ে ছেইহায়ে থাইলেণ্ডৰ চানথাবুড়ী প্ৰদেশৰ সীমান্তৱৰ্তী পহৰা চকীত আজি যুদ্ধ বিৰতি চুক্তিত স্বাক্ষৰ কৰে। এখন বিশেষ বৈঠকৰ পাছত দুয়োখন দেশৰ প্ৰশাসনে এখন যৌথ বিবৃতিত প্রকাশ কৰে। চলিত বছৰৰ জুলাইত যুদ্ধ বিৰতি ভংগ হোৱাৰ পাছত চলিত মাহৰ আৰম্ভণিতে দুয়োখন চুবুৰীয়া দেশৰ মাজত সংঘাতৰ সৃষ্টি...

December 27, 2025 7:37 PM

views 29

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত

ডাঠ কুঁৱলীৰ বাবে দেশৰ বিভিন্ন প্ৰান্তলৈ ৰে’লগাড়ীৰ চলাচলত ব্যাঘাত জন্মিছে। ভাৰতীয় ৰে'লৱেই প্ৰকাশ কৰা অনুসৰি প্ৰায় ১৯খন ৰে'লগাড়ীৰ চলাচল দুঘণ্টাৰো অধিক পলম হৈছে। ৰে'ল ষ্টেচনলৈ যোৱাৰ পূৰ্বে ৰে'লগাড়ীসমূহৰ শেহতীয়া তথ্য পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক আহ্বান জনোৱা হৈছে।

December 27, 2025 7:35 PM

views 11

সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন

সমগ্র দেশতে আজি দশম তথা অন্তিমগৰাকী শিখগুৰু গুৰু গোবিন্দ সিঙৰ ৩৫৯ সখ্যক জন্ম বার্ষিকী পালন কৰা হৈছে। এই উপলক্ষে দেশৰ বিভিন্ন স্থানত ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰু গোবিন্দ সিঙৰ পৱিত্ৰ প্ৰকাশ উৎসৱ উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুমুৱে কয় যে গুৰু গোবিন্দ সিঙৰ অদম্য সাহস আৰু অসাধাৰণ বুদ্ধিমত্তাই জনসাধাৰণক সঠিক জীৱন যাপন কৰিবলৈ ...