November 6, 2025 10:45 AM

views 33

শনিবাৰে আকাশবাণী গুৱাহাটীৰ বিশেষ দৃষ্টিপাত অনুষ্ঠান

■ আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওঁলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। এনে কেইগৰাকীমান প্রাক্তন সতীৰ্থৰ স্মৃতি ৰোমন্থনেৰে মুখৰিত হ'ব অহা শনিবাৰ ৮ নৱেম্বৰৰ নিশা আকাশবাণীৰ ষ্টুডিঅ'ত সেইদিনা...

November 4, 2025 10:55 AM

views 71

● আজিৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আৰম্ভ

■ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ আজি আৰম্ভ হ'ব। সত্ৰ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলী, লখিমপুৰ, ধেমাজি আৰু নামনি অসমৰ হাউলী, পলাশবাৰী, টিহু, নলবাৰী, পাঠশালা, পাটাছাৰকুছি, তামুলপুৰ, নগাঁও, মৰিগাঁৱকে ধৰি বিভিন্ন ঠাইত ৰাস উৎসৱৰ আয়োজন কৰা হৈছে। যোৱা এমাহজোৰা আখৰাৰ পাছত শিল্পী, কলা- কুশলীসকলে ৰাস মহোৎসৱৰ শ শ বছৰীয়া পৰম্পৰা পালনৰ বাবে সাজু হৈছে। মাজুলীৰ ৬৭ খন ৰাস মহোৎসৱৰ কেইবাখনো আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে জিলাখনৰ উত্তৰ-কমলাবাৰী সত্ৰত ৩৫২ বছৰীয়া পৰম্পৰা অক্ষুণ্ণ ৰাখি...

October 28, 2025 11:09 AM

views 52

কাইলৈ গুৱাহাটীত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল

● আই চি চি মহিলা বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ প্ৰথমখন ছেমি ফাইনেল কাইলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব। বি চি চি আইৰ সচিব দেৱজিৎ লন শ‍ইকীয়াই কালি এখন সংবাদমেলত এইকথা প্ৰকাশ কৰে। তেওঁ কয়, যে ছেমি ফাইনেলৰ বাবে বৰ্ষাপাৰা ষ্টেডিয়ামত সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। কাইলৈ ছেমি ফাইনেলত দক্ষিণ আফ্ৰিকা ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। অসমত প্ৰথমবাৰৰ বাবে হ'বলগীয়া মহিলা বিশ্বকাপ ক্রিকেটৰ ছেমি ফাইনেল খেলখনৰ বাবে বুক মাই শ্বত টিকট উপলব্ধ বুলি শ্ৰীশ‍ইকীয়াই জানিবলৈ দিয়ে।

October 27, 2025 6:34 PM

views 30

মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ

নাৰী শিক্ষাৰ ক্ষেত্ৰত যুগান্তকাৰী পদক্ষেপ হিচাপে মুখ্যমন্ত্ৰীৰ নিযুত ম‍ইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি উচ্চ শিক্ষা লাভৰ বাবে ছাত্ৰীসকলৰ মাজত চেক বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ড° শৰ্মাই তেওঁৰ ভাষণত কয়, যে ২০২৪-২৫ বৰ্ষত এই আঁচনিৰ অধীনত এক লাখ ৬০ হাজাৰ ছাত্ৰীলৈ ১৩৩ কোটি টকা মোকলাই দিয়াৰ বিপৰীতে ২০২৫-২৬ বৰ্ষত ৩ লাখ ৫০ হাজাৰ ছাত্ৰীক...

October 17, 2025 12:34 PM

views 49

৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত লখিমপুৰ টাইকোৱানডো একাডেমীৰ ৩ খেলুৱৈ

● লখিমপুৰ জিলা টাইকোৱানডো সন্থাৰ অধীনৰ সদৰ আৰু তেলাহী টাইকোৱানডো একাডেমীৰ তিনিগৰাকী খেলুৱৈয়ে ৬৯ সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়া প্রতিযোগিতালৈ নিৰ্বাচিত হৈছে। নির্বাচিত খেলুৱৈকেইগৰাকী হ'ল দিশা প্ৰিয়া সোণোৱাল, গিৰি শংকৰ কোঁৱৰ আৰু ৰনিতা কাকতি।

October 12, 2025 12:00 PM

views 49

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি সোঁৱৰণ

আকাশবাণীক লৈ বহুজনৰ সুদীর্ঘ দিনৰ অভিজ্ঞতা আৰু স্মৃতি আছে। আকাশবাণী গুৱাহাটীৰ  দৃষ্টিপাত অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ৰেডিঅ' শুনাৰ আৰু আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এনে স্মৃতি আৰু অভিজ্ঞতাৰ কথা উল্লেখ কৰে। এই অনুষ্ঠানত বিশিষ্ট বিজ্ঞানী কল্পবিজ্ঞান লেখক ড০ দীনেশ চন্দ্র গোস্বামীয়ে ৰেডিঅ'ৰ সৈতে নিজৰ দীর্ঘদিনীয়া অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰাৰ লগতে আকাশবাণীত অনুষ্ঠানৰ ঘোষণা নাইবা বাতৰি পঢ়োতাসকলক সাবধান হৈ আৰু শুদ্ধতা অটুত ৰাখি শব্দ উচ্চাৰণ কৰিবলৈ আহ্বান জনায়।  অনুষ্ঠানত অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত শীর্ষ ব...