December 5, 2025 2:46 PM

views 23

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ’ব

● ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে অহা ১০ ডিচেম্বৰত ছহিদ দিৱস পালন কৰা হ'ব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সেইদিনা গুৱাহাটীৰ বৰাগাঁৱত অসম আন্দোলনৰ ছহিদসকলৰ স্মৃতিত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ উদ্বোধন কৰিব। পূৰ্বতে গৃহমন্ত্রী অমিত শ্বাহ এই কার্যসূচীলৈ অহাৰ কথা আছিল যদিও এতিয়া স্মাৰক ক্ষেত্ৰ উদ্বোধনী অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত থাকিব বুলি ৰাজ্য চৰকাৰৰ সূত্ৰত প্ৰকাশ। এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি পূর্ণগতিত অব্যাহত ৰাখিছে। উল্লেখযোগ্য যে ঐতিহাসিক অসম আন্দোলনৰ ছহিদসকলৰ প্ৰতি সন্...

December 3, 2025 12:07 PM

views 34

আলফা স্বাধীনৰ ২ সদস্যৰ ডিব্ৰুগড়ত অস্ত্ৰ সম্বৰণ

■ উগ্রপন্থী সংগঠন আলফা স্বাধীনৰ দুজন সদস্যই কালি ডিব্ৰুগড় জিলাৰ জ্যেষ্ঠ অধীক্ষক অভিজিত গৌৰৱ দিলীপৰ ওচৰত অস্ত্ৰ সম্বৰণ কৰে। আলফা সদস্য দুজন অস্তিত্ব অসম আৰু বন অসম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে বৰ্তমান দুয়োকে জেৰা কৰি আছে।

November 30, 2025 7:47 PM

views 17

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন

আকাশবাণী গুৱাহাটীৰ ৰিক্রিয়েচন ক্লাবৰ উদ্যোগত আজি আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত আয়োজিত এটা বর্ণাঢ্য অনুষ্ঠানত সুধাকণ্ঠ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীত সমূহীয়াভাৱে পৰিৱেশন কৰা হয়। এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহু কেইগৰাকী আমন্ত্রিত শিল্পীয়ে দুয়োগৰাকী শিল্পীৰ গীত পৰিৱেশন কৰে।

November 29, 2025 10:08 PM

views 21

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ পুনৰ খচৰা প্ৰস্তাৱৰ জাননী

■ মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ সীমা নির্ধাৰণৰ বাবে তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালে আজি পুনৰ খচৰা প্ৰস্তাৱৰ জাননী জাৰী কৰিছে। পৰিষদৰ ৩০ টা সমষ্টিৰ বাবে জিলাখনৰ ৪১০ খন ৰাজহ গাওঁ অন্তর্ভুক্ত কৰি এই জাননী জাৰি কৰা হৈছে। সেই অনুসৰি কাইলৈৰ পৰা ২০ ডিচেম্বৰলৈ এই সম্পৰ্কত কাৰোবাৰ দাবী বা আপত্তি থাকিলে লিখিতভাৱে নডেল বিষয়াৰ ওচৰত দাখিল কৰিব পাৰিব। এই দাবী আৰু আপত্তি সম্পৰ্কত ২১ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ শুনানি অনুষ্ঠিত হ'ব আৰু ৩১ ডিচেম্বৰত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব।

November 29, 2025 9:52 PM

views 22

আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি

সমাগত ৰাজ্য বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে পৰহিলৈৰ পৰা আকাশবাণী গুৱাহাটী যোগে প্ৰচাৰিত বাতৰি আৰু বাতৰি বিভাগৰ কেতবোৰ অনুষ্ঠানৰ সময়ৰ কিছু সালসলনি কৰা হৈছে। এই অনুসৰি দিনৰ ১১ বজাত প্ৰচাৰিত মুখ্য বাতৰি পৰহিলৈৰ পৰা পাঁচ মিনিটৰ বাতৰি বুলেটিন হিচাপে প্ৰচাৰ কৰা হ'ব। দিনৰ ১২ বাজি ৫ মিনিটত প্ৰচাৰ কৰা বাতৰিৰ সময় ১০ মিনিটলৈ বৃদ্ধি কৰা হ'ব। একেদৰে ৩ বজাৰ মুখ্য বাতৰিৰ পৰিৱৰ্তে ৫ মিনিটৰ বুলেটিন প্ৰচাৰ কৰা হ'ব। বিয়লি ৫ বাজি ১৫ মিনিটৰ আৰু সন্ধিয়া ৬ বজাৰ বাতৰি এ...

November 25, 2025 12:42 PM

views 32

সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস সোমবাৰে ডিব্ৰুগড়ৰ বকপাৰাত অনুষ্ঠিত হয়

■ সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস কালি ডিব্ৰুগড় জিলাৰ বকপাৰাত অনুষ্ঠিত হয়। এই সন্মিলনত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত মটক জনগোষ্ঠীৰ অৱদান অপৰিসীম বুলি উল্লেখ কৰে। প্ৰতিষ্ঠা দিৱসৰ এই অনুষ্ঠানত মটক জনগোষ্ঠীৰ কেইবাগৰাকীও নেতা আৰু ভালেসংখ্যক লোক উপস্থিত মন্ত্ৰীগৰাকী কালি ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত অধ্যাপিকা জ্যোতি বৰগোহাঁইৰ জ্যোতিস্নাতা শীৰ্ষক গ্ৰন্থখনৰ উন্মোচনী সভাত উপস্থিত...

November 13, 2025 1:04 PM

views 46

তিনিচুকীয়াৰ গোবিন্দপুৰ গাঁৱত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ

■ তিনিচুকীয়া জিলাৰ মাকুম উন্নয়ন খণ্ডৰ গোবিন্দপুৰ গাঁৱত গাহৰিৰ দেহত আফ্রিকান ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত জিলা প্ৰশাসনে মাকুম উন্নয়ন খণ্ড, ইটাখুলি উন্নয়ন খণ্ড, মাকুম আৰু তিনিচুকীয়া পৌৰ সভাৰ অধীনৰ এলেকাত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পর্যন্ত গাহৰিৰ ক্রয়-বিক্রয় বা গাহৰিৰ খাদ্যকে ধৰি অন্যান্য সামগ্ৰীৰ সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। প্রশাসনে লগতে গোবিন্দপুৰ গাঁৱৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধৰ এলেকাক ‘সতর্কতা মণ্ডল' হিচাপে ঘোষণা কৰিছে। উল্লেখযোগ্য যে জিলাখনৰ গোবিন্দপুৰ আৰু ধ...

November 13, 2025 1:00 PM

views 35

দীৰ্ঘদিন ধৰি শিৱসাগৰত ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক গ্ৰেপ্তাৰ

■ শিৱসাগৰ আৰক্ষীয়ে কালি অভিযান চলাই ৰাজপথত দীৰ্ঘদিন ধৰি ডকাইতি কৰি অহা এটা দলৰ কেইবাজনো সদস্যক কালি গ্ৰেপ্তাৰ কৰে। এই লোককেইজনে শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ডকাইতি কৰি আহিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। ৫ জনীয়া যুৱকৰ এটা দলে শিৱসাগৰ বাইপাছত দূৰণিবটীয়া যাত্রীবাহী বাহনৰ পৰা নিশা ভাবুকি দেখুৱাই ধন আদায় কৰিছিল। আৰক্ষীয়ে এই খবৰ লাভ কৰি কালি দলটোক আটক কৰে। আৰক্ষীয়ে ইতিমধ্যে ধন দাবীৰ গোচৰ ৰুজু কৰি যুৱককেইজনক গ্ৰেপ্তাৰ কৰিছে। যুৱক কেইজনৰ পৰা কেইবাখনো মটৰ চাইকেল জব্দ কৰা হৈছে। গ্ৰেপ্তাৰ...

November 13, 2025 12:17 PM

views 42

ৰাজ্যৰ ৫টা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ

■ ৰাজ্যৰ পাঁচটা বিৰোধী দলে ঐক্যবদ্ধ হৈ কাম কৰিবলৈ একমত প্ৰকাশ কৰিছে। কালি দিছপুৰৰ অসম বিধানসভাৰ কংগ্ৰেছ বিধায়িনী কক্ষত অনুষ্ঠিত এখন বৈঠকত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত শাসনাধিষ্ঠিত বিজেপি দলক প্রত্যাহ্বান জনোৱাৰ বাবে ঐক্যবদ্ধ বিৰোধী মঞ্চ গঠনৰ সম্ভাৱনীয়তা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰা হয়। এই সভাত কংগ্ৰেছ দলৰ জ্যেষ্ঠ নেতা জিতেন্দ্ৰ সিং, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শ‍ইকীয়া, সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদ্যুৎ বৰদলৈয়ে অংশগ্ৰহণ কৰে। ৰাইজৰ দলৰ হৈ বিধায়ক অখিল...

November 10, 2025 5:38 PM

views 33

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাস মহোৎসৱ উপলক্ষে উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। নগাঁও জিলাৰ কলিয়াবৰৰ শিলঘাটৰ ৰাসথলীত কালি ইংলেণ্ড, স্কটলেণ্ডকে ধৰি বহিঃৰাষ্ট্ৰৰ পৰা অহা ১৭ জনীয়া পৰ্যটকৰ এটা দলে ৰাসলীলা উপভোগ কৰে। নদীপথেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা পৰ্যটকৰ দলটোৱে নিশা শিলঘাটত নদীৰ বুকুত জাহাজতে অতিবাহিত কৰাৰ পাছত আজি পুৱা পুনৰ কাজিৰঙা দৰ্শনৰ বাবে যাত্ৰা কৰে। ইপিনে, বাক্সা জিলাত ৯২ সংখ্যক পূব খাগ্ৰাবাৰী ৰাস মহোৎসৱত জীৱন্ত ৰাসলীলাই অগণন লোকক মুগ্ধ কৰিছে। এই ৰাসলীলা উপভোগ কৰিবলৈ বহু লোকৰ সমাগম হৈছে।