January 24, 2026 9:49 PM

views 74

গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন

গুৱাহাটীৰ জ্যোতি চিত্ৰবনত যোৱা বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত গুৱাহাটী এছিয়ান চলচ্চিত্ৰ মহোৎসৱ ২০২৬ৰ দ্বিতীয় সংস্কৰণত আজি কেইবাখনো দেশী-বিদেশী ছবি প্ৰদৰ্শন কৰা হয়। জ্যোতি চিত্ৰবনৰ ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত আজি অসমীয়া ভাষাৰ ছবি কক কক ককক, দক্ষিণ কোৰিয়াৰ ছবি এ পয়েট অৱ দা ৰিভাৰ আৰু মংগোলীয়ান ইফ অলি আই কোড হাইবাৰনেট ছবি প্রদর্শিত হয়। একেদৰে বিষ্ণুৰাভা প্ৰেক্ষাগৃহত তুলু ভাষাৰ ছবি ইম্বু, বাংলা ছবি পৰবাসী, হংকঙৰ ছবি লেছ হেভ এ কাফ অফ দুধ পট্টি চায় ছবিকেইখন প্রদর্শিত হয়। মহোৎসৱৰ সৈতে সংগতি ৰাখি চলচ...

January 13, 2026 5:39 PM

views 22

শিৱসাগৰ জিলাত লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ নিষেধাজ্ঞা

শিৱসাগৰ জিলাত গৰুৰ খাদ্য হিচাপে ব্যৱহাৰ কৰা লালী গুৰৰ মজুত আৰু বিক্ৰীৰ ক্ষেত্ৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিছে। লালীগুৰ ব্যৱহাৰ কৰি অবৈধভাৱে প্ৰস্তুত কৰা দেশী সুৰাই জনস্বাস্থ্য লৈ গুৰুতৰ ভাৱুকি সৃষ্টি কৰাৰ উপৰি শান্তি-শৃংখলা বিঘ্নিত হোৱাৰ আশংকা কৰি জিলা প্ৰশাসনে এই নিষেধাজ্ঞা জাৰি কৰিছে। নিৰ্দেশটোত লগতে গৰুৰ খাদ্য হিচাপে লালীগুৰ ক্ৰয়ৰ বাবে জিলা দণ্ডাধীশ অথবা পশুপালন বিভাগৰ পৰা আগতীয়া অনুমতি ল'ব লাগিব বুলি উল্লেখ কৰা হৈছে।

January 3, 2026 7:20 PM

views 27

বজালীৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত সংঘটিত পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত

বজালী জিলাৰ বাঘমাৰাৰ সমীপৰ গড়বজাৰত আজি সংঘটিত এটা পথ দুৰ্ঘটনাত ৪ গৰাকী শিক্ষার্থীসহ ৫ জন লোক আহত হয়। গুৰুতৰভাৱে আহত হোৱা লোককেইজনক পাঠশালাৰ ছহিদ মদনৰাওতা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে এজনক গুৱাহাটীলৈ আৰু আন ৩ জনক বৰপেটা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইপিনে দুৰ্ঘটনাত আহত ট্ৰেক্টৰখনৰ চালক ধনন বড়োকো গুৱাহাটীলৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইপিনে বাক্সা জিলাৰ বাৰেঙাবাৰী মায়ংপাৰাত সংঘটিত আন এটা পথ দুৰ্ঘটনাত এগৰাকী ট্ৰেক্টৰ চালক গুৰুতৰভাৱে আহত হৈছে। ...

January 3, 2026 7:15 PM

views 27

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে

নগাঁও আৰক্ষীয়ে আজি পুৱা গোপন সূত্ৰৰ পম খেদি কাটিমাৰি গ্ৰাণ্টত অভিযান চলাই বুজন পৰিমাণৰ ভাংসহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ধৃত সৰবৰাহকাৰী দুজন কাটিমাৰী গ্ৰাণ্টৰ আব্দুল দুলাল আৰু ছেলিমা বেগম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে তেওঁলোকৰ জিম্মাৰ পৰা আঢ়ৈ কিলোগ্ৰাম ভাং জব্দ কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ধৃত লোক দুজনক জেৰা কৰি আছে।

December 29, 2025 11:52 AM

views 25

গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন, পূৰ্ণাংগ নাট প্ৰতিযোগিতা

ধেমাজী জিলাৰ গোগামুখত অসম নাট্য সন্মিলনৰ স্বৰ্ণপীঠ মণ্ডলৰ নাট সমাৰোহৰ দ্বিবাৰ্ষিক অধিবেশন আৰু পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। কালি দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ মুকলি সভাত ৰাজ্য চৰকাৰৰ শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যান বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু উপস্থিত থাকি নাট্যপ্রেমী ৰাইজৰ সৈতে ৰাইজৰ সৈতে মত বিনিময় কৰে।

December 29, 2025 11:44 AM

views 28

নগাঁও জিলাৰ কলিয়াবৰত ২ জানুৱাৰীৰ পৰা ৪দিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশন

নগাঁও জিলাৰ কলিয়াবৰৰ কুঁৱৰীটোলৰ গান্ধী খেল-পথাৰত অহা ২ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ সোণালী জয়ন্তী তথা ত্রিংশতিতম দ্বিবার্ষিক অধিৱেশনৰ আয়োজন কৰা হৈছে। ইয়াৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। সমিতিৰ সভানেত্ৰী সুৱৰ্ণ শ‍ইকীয়াই প্ৰকাশ কৰা মতে এই সমাৰোহত আলোচনাচক্র, কবি সন্মিলন, প্রতিনিধি সভা আৰু মুকলি সভা অনুষ্ঠিত হোৱাৰ লগতে এহেজাৰ ১১১ খন অনলাইন গ্ৰন্থ উন্মোচন কৰা হ'ব। লেখিকা সমাৰোহ সমিতিৰ স্বর্ণজয়ন্তী উপলক্ষে নাট্যকাৰ- পৰিচালক তথা আকাশবাণী গুৱাহাটী কেন্দ...

December 26, 2025 5:55 PM

views 22

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত  ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত

ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত চিত্রশিল্পী ৰাতুমণি দাসৰ প্ৰচেষ্টাত ২০১৯ চনত তেজপুৰত আৰম্ভ হোৱা যাত্ৰাৰ ১১ সংখ্যক চিত্র প্রদর্শনী আজিৰে পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে। এই প্রদর্শনীত অনুষ্ঠিত হ'বলগীয়া কেইবাখনো কর্মশালাত পদ্মভূষণ যতীন দাস, আন্তঃৰাষ্ট্ৰীয় শিল্পী অমিত দত্তকে ধৰি কেইবাজনো শিল্পী সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আন্তঃৰাষ্ট্রীয় স্বীকৃতিপ্রাপ্ত শিল্পী তথা চৰকাৰী চাৰুকলা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিলীপ তামুলীয়ে আজি এই প্রদর্শনীখন উদ্বোধন কৰে। তেওঁৰ লগত অসমৰ প্ৰাক্তন শিক্ষা মন্ত্...

December 22, 2025 9:49 PM

views 29

বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ

■ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত আজি বজালী জিলাৰ মহিলা উদ্যোগীসকলক ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰে। পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে অসম ৰাষ্ট্ৰীয় গ্রামীন জীৱিকা অভিযানৰ অধীনত ২৬ হাজাৰ ৩২৫ গৰাকী আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ দুহেজাৰ ৪৮০ গৰাকী মহিলাক চেক প্ৰদান কৰে। অনুষ্ঠানত মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, সাংসদ ফণীভূষণ চৌধুৰী, বিধায়ক ফণীধৰ তালুকদাৰ, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ মিছন সঞ্চালক কুন্তল মণি শৰ্মা ...

December 18, 2025 4:24 PM

views 26

নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰ উদ্বোধন সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনৰ

শিশুৰ সৰ্বাঙ্গীন বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে সৰুপথাৰ সমষ্টিৰ নাহৰণি গ্রেজিঙত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অঙ্গনবাড়ী কেন্দ্ৰটো আজি সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত সৰুপথাৰ সম-জিলা আয়ুক্ত, খণ্ড উন্নয়ণ বিষয়া, সৰুপথাৰ মহাবিদ্যালয়ৰ অধ্যাপককে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

December 10, 2025 11:28 AM

views 59

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি

গুৱাহাটী মহানগৰীৰ এ বি চিৰ সোহম এম্পৰিয়াত যোৱানিশা সংঘটিত অগ্নিকাণ্ডত বিস্তৰ ক্ষতি হয়। অট্টালিকাটোৰ প্ৰথম মহলাত অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটাৰ পাছত প্ৰায় ছটাকৈ মহলা জুইয়ে ছানি ধৰে। পুৱা পৰ্যন্ত অগ্নি নির্বাপক বাহিনী আৰু উদ্ধাৰকাৰী দলে জুই নুমুওৱাৰ চেষ্টা কৰি আছে যদিও সম্পূর্ণৰূপে অগ্নি নির্বাপন কৰিবলৈ সমৰ্থ হোৱা নাই। অট্টালিকাটোৰ দ্বিতীয় মহলাত থকা ভাৰতীয় ষ্টেটবেংকৰ কেইবাটাও শাখাত অগ্নিকাণ্ডৰ ফলত ব্যাপক ক্ষতি হৈছে।