ৰাষ্ট্ৰপতি মুৰ্মুৱে পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত পঞ্চম ৰাষ্ট্ৰীয় জল বঁটাসমূহ প্ৰদান কৰিব। কেন্দ্ৰীয় জল শক্তি মন্ত্ৰালয়ে শ্ৰেষ্ঠ ৰাজ্য, শ্রেষ্ঠ জিলা, শ্রেষ্ঠ গাঁও পঞ্চায়ত, শ্রেষ্ঠ নগৰ অঞ্চল, শ্ৰেষ্ঠ জল ব্যৱহাৰকাৰী সংস্থা আৰু শ্ৰেষ্ঠ নাগৰিক সমাজ –আদি ৯ টা শাখাত ৩৮টা বঁটা প্ৰদান কৰিব। শ্ৰেষ্ঠ ৰাজ্যৰ শিতানত ওড়িশাই প্রথম, উত্তৰ প্রদেশে দ্বিতীয় আৰু গুজৰাট আৰু পুডুচেৰীয়ে যুটীয়াভাৱে তৃতীয় স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় জল বঁটাৰ বাবে চৰকাৰৰ জল সমৃদ্ধ ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে কাম কৰা বা প্রয়াস চলোৱা ব্যক্তি-সংগঠনক বাছনি কৰা হয়। প্ৰতিটো শাখাৰ বিজেতাক একোখনকৈ প্রশস্তিপত্র, ট্রফী আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে, চৰকাৰে জলব্যৱস্থাপনা আৰু জল সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত সৰ্বাত্মক অভিযান ৰূপায়ণ কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।