January 24, 2026 9:36 PM

views 64

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গণৰাজ্য দিৱসৰ প্ৰাকসন্ধ্যা কাইলৈ দেশবাসীক উদ্দেশ্যি ভাষণ দিব। সন্ধিয়া ৭ বজাৰ পৰা এই ভাষণ আকাশবাণীৰ সকলো নেটৱৰ্ক আৰু দূৰদৰ্শনৰ সকলো চেনেলে সম্প্ৰচাৰ কৰিব। হিন্দী আৰু ইংৰাজীত এই ভাষণ প্ৰচাৰৰ পাছতে আঞ্চলিক ভাষাতো এই ভাষণ প্ৰচাৰ কৰা হ'ব। আকাশবাণী গুৱাহাটীয়ে নিশা ৯.৩০ বজাত এই ভাষণৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব৷

January 24, 2026 7:50 PM

views 55

ৰাষ্ট্ৰপতি ভৱন চৌহদৰ নতুন গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাঁচিপতীয়া পুথি সংৰক্ষণ

ৰাষ্ট্ৰপতি ভৱন চৌহদত কালি সন্ধিয়া মুকলি কৰা গ্ৰন্থ কুটীৰত অসমৰ কেইবাখনো সাচিপতীয়া পুথিয়ে স্থান লাভ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন সত্রানুষ্ঠান তথা বিজ্ঞ ব্যক্তিৰ পৰা সংগৃহীত ৫ খন প্রাচীন সাচিপতীয়া পুথিকে ধৰি মুঠ ৮ খন এনে পুথিয়ে কুটীৰত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে কালি সন্ধিয়া ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে মুকলি কৰা গ্ৰন্থ কুটীৰত অসমীয়াকে ধৰি দেশৰ মুঠ ১১ টা ধ্রুপদী ভাষাৰ প্রাচীন পুথি, পাণ্ডুলিপি আৰু অন্যান্য সাহিত্য সম্ভাৰক সংৰক্ষণ কৰাৰ ব...

January 21, 2026 9:46 PM

views 16

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুক সাক্ষাৎ‍ ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছৰ

ইউৰোপীয় সংঘ আৰু স্পেইনৰ বৈদেশিক পৰিক্ৰমা আৰু সহযোগিতা মন্ত্ৰী জোছ মেনুৱেল আলবেয়াৰ্ছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রোপদী মুৰ্মুক আজি ৰাষ্ট্ৰপতি ভৱনত সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু স্পেইনৰ মাজৰ সাংস্কৃতিক, পৰ্যটন আৰু কৃত্রিম বুদ্ধিমত্তাৰ ক্ষেত্ৰখনত থকা সহযোগিতাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ কয় যে এই দ্বিপাক্ষিক সহযোগিতাই দুয়োখন দেশৰ জনসাধাৰণৰ মাজত আত্মীয়তা, কাৰিকৰী সহযোগিতা আৰু পৰ্যটনৰ ক্ষেত্ৰখনতো সহযোগিতাৰ পথ প্ৰশস্ত কৰে।

December 27, 2025 8:36 PM

views 27

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব। শ্ৰীমতী মুমুৱে বিমানেৰে গোৱাৰ পৰা কৰৱাৰলৈ যাব। কাৰৱাৰত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট ৰাজ্যখনৰ মন্ত্ৰীসকলে শ্ৰীমতী মুৰ্মুক আদৰণি জনাব। নৌসেনাৰ ঘাটিত উপস্থিত হোৱাৰ পাছত শ্ৰীমতী মুৰ্মুৱে কাৰৱাৰ বন্দৰত এখন ছাবমেৰিনত কিছুসময়ৰ বাবে যাত্ৰা কৰিব। প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পাছত ছাবমেৰিনত যাত্ৰা কৰা শ্ৰীমতী মুৰ্মু হ’ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ ভ্ৰমণ আৰু ছাবমেৰিণ যাত্ৰাৰ...

December 27, 2025 7:10 PM

views 21

ৰাষ্ট্ৰপতি মুৰ্মু আজি ৪ দিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে অ' আই চিকিয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একেদিনাই তেওঁ এন আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ...

December 26, 2025 9:03 PM

views 24

৪ দিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সন্ধিয়া গোৱাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। ইয়াৰ পাছদিনা তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। একে দিনাই তেওঁ এম আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জ...

December 26, 2025 9:24 PM

views 32

বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত বীৰ বাল দিৱস উপলক্ষে প্রধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ প্ৰদান কৰে। চলিত বৰ্ষত ১৮খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ উল্লেখিত সাফল্য প্ৰদৰ্শন কৰা ২০গৰাকী শিশুক এই পুৰস্কাৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ভাষণ প্ৰসঙ্গত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই বঁটাই বঁটা প্ৰাপকসকলক উৎসাহিত কৰাৰ লগতে সমগ্ৰ দেশৰ শিশুসকলক অনুপ্ৰাণিত কৰে। ৰাষ্ট্ৰপতি শ্রীমতী মুৰ্মুৱে কয় যে বঁটাপ্রাপ্ত শিশুসকলে সাহসিকতা, কলা আৰু সংস্কৃতি, পৰিবেশ, উদ্ভাৱন আৰু বিজ্ঞান আৰু প্ৰযুক্তিৰ...

December 26, 2025 8:13 PM

views 21

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।

December 10, 2025 3:01 PM

views 34

মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মর্যাদাৰ সৈতে কেতিয়াও আপোচ কৰিব পৰা নাযায় আৰু কোনো ব্যক্তিকে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। মানৱ অধিকাৰ দিৱসে ন্যায্য, সমতাপূৰ্ণ আৰু দয়াশীল সমাজত...

December 10, 2025 11:50 AM

views 22

ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মর্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আযোজন কৰিব। সন্মিলনত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজন...