December 27, 2025 8:36 PM

views 29

ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কাইলৈ উত্তৰ কৰ্ণাটকাৰ কাৰৱাৰত থকা আই এন এছ কদম্বা নৌসেনা ঘাটিলৈ যাব। শ্ৰীমতী মুমুৱে বিমানেৰে গোৱাৰ পৰা কৰৱাৰলৈ যাব। কাৰৱাৰত কৰ্ণাটকৰ ৰাজ্যপাল থাৱৰচান্দ গেহলট ৰাজ্যখনৰ মন্ত্ৰীসকলে শ্ৰীমতী মুৰ্মুক আদৰণি জনাব। নৌসেনাৰ ঘাটিত উপস্থিত হোৱাৰ পাছত শ্ৰীমতী মুৰ্মুৱে কাৰৱাৰ বন্দৰত এখন ছাবমেৰিনত কিছুসময়ৰ বাবে যাত্ৰা কৰিব। প্ৰাক্তন ৰাষ্ট্ৰপতি এ পি জে আব্দুল কালামৰ পাছত ছাবমেৰিনত যাত্ৰা কৰা শ্ৰীমতী মুৰ্মু হ’ব দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিৰ ভ্ৰমণ আৰু ছাবমেৰিণ যাত্ৰাৰ...

December 27, 2025 7:10 PM

views 24

ৰাষ্ট্ৰপতি মুৰ্মু আজি ৪ দিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি চাৰিদিনীয়া কাৰ্যসূচীৰে গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ভ্ৰমণৰ প্রথম পৰ্যায়ত আজি ৰাষ্ট্ৰপতিগৰাকী সন্ধিয়া গোৱাত উপস্থিত হ'ব। কাইলৈ শ্ৰীমতী মুর্মু কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। পৰহি তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। উল্লেখযোগ্য যে অ' আই চিকিয়ে চাওতাল জনগোষ্ঠীৰ সংস্কৃতি আৰু ভাষাৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব বহন কৰে। একেদিনাই তেওঁ এন আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ...

December 26, 2025 9:03 PM

views 26

৪ দিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ ৰাষ্ট্ৰপতি মুৰ্মু

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাৰিদিনীয়া কাৰ্যসূচীৰে কাইলৈ গোৱা, কৰ্ণাটক আৰু ঝাৰখণ্ডলৈ যাব। ৰাষ্ট্ৰপতিগৰাকীয়ে ভ্ৰমণৰ প্ৰথম পৰ্যায়ত কাইলৈ সন্ধিয়া গোৱাত উপস্থিত হ'ব। শ্ৰীমতী মুৰ্মুৱে পৰহিলৈ কৰ্ণাটকৰ কাৰ্‌ৱাৰ বন্দৰত এখন চাবমেৰিণত কিছু সময়ৰ বাবে যাত্ৰা কৰিব। ইয়াৰ পাছদিনা তেওঁ ঝাৰখণ্ডৰ জামছেদপুৰত অ' আই চিকি অর্থাৎ চাওতালী লিপিৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত ভাগ ল'ব। একে দিনাই তেওঁ এম আই টি জামছেদপুৰৰ পঞ্চদশ সমাৱৰ্তনত অংশ ল'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে ৩০ ডিচেম্বৰত ঝাৰখণ্ডৰ গুমলাৰ আন্তঃৰাজ্য জ...

December 26, 2025 8:13 PM

views 23

ৰাষ্ট্ৰপতি মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা প্রধানমন্ত্ৰী মোদীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে চাওতালী ভাষাৰ সংবিধানৰ সংস্কৰণ উন্মোচন কৰাৰ বিষয়ক প্ৰশংসা কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্রীমোদীয়ে কয় যে ইয়াৰ ফলত সংবিধানৰ প্ৰতি অধিক সজাগতা বৃদ্ধি কৰাৰ লগতে জনসাধাৰণৰ গণতান্ত্রিক প্রক্রিয়াত অংশগ্ৰহণত সহায়ক হ'ব। শ্রীমোদীয়ে লগতে কয় যে দেশৰ প্ৰগতিৰ বাবে চাওতালী লোকৰ অৱদান আৰু চাওতালী সংস্কৃতিক লৈ দেশ অতি গৌৰৱান্বিত।

December 10, 2025 3:01 PM

views 43

মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ: ৰাষ্ট্ৰপতি

● মানৱ অধিকাৰক সুৰক্ষা প্ৰদান কৰাই নহয়, বৰং সন্মান কৰা এখন ৰাষ্ট্ৰৰূপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আয়োজিত মানৱ অধিকাৰ দিৱসৰ অনুষ্ঠান আৰু নিত্য আৱশ্যকতা নিশ্চিতকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে মর্যাদাৰ সৈতে কেতিয়াও আপোচ কৰিব পৰা নাযায় আৰু কোনো ব্যক্তিকে তেওঁৰ অধিকাৰৰ পৰা বঞ্চিত কৰা উচিত নহয়। মানৱ অধিকাৰ দিৱসে ন্যায্য, সমতাপূৰ্ণ আৰু দয়াশীল সমাজত...

December 10, 2025 11:50 AM

views 24

ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে ভাষণ দিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত মানৱ অধিকাৰ দিৱস উপলক্ষে আয়োজিত এটা অনুষ্ঠানত ভাষণ দিব। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে আয়োজন কৰা এই অনুষ্ঠানত ১৯৪৮ চনত গ্ৰহণ কৰা সাৰ্বজনীন মানৱ অধিকাৰ ঘোষণাৰ বিষয়ে গুৰুত্ব আৰোপ কৰা হ'ব। এইবেলি মানৱ অধিকাৰ দিৱসৰ মূল বিষয়বস্তু হৈছে অত্যাৱশ্যকীয় জনসেৱা আৰু সকলোৰে বাবে মর্যাদা। মানৱ অধিকাৰ আয়োগে এই বিষয়ৰ লগত ৰজিতা খোৱাকৈ এখন সন্মিলনৰ আযোজন কৰিব। সন্মিলনত প্রধানমন্ত্ৰীৰ কাৰ্যালয়ৰ প্ৰধান সচিব ড° পি কে মিশ্ৰই সকলোৰে বাবে সাৰ্বজন...

December 5, 2025 4:26 PM

views 27

৯ ডিচেম্বৰত ৰাষ্ট্ৰপতি মুৰ্মুৱে কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে নতুন দিল্লীত অহা ৯ ডিচেম্বৰত কুশলী কাৰিকৰসকলক হস্তশিল্প বঁটা প্ৰদান কৰিব। অনুষ্ঠানত কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিং আৰু ৰাজ্যমন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে হস্তশিল্পৰ কাৰিকৰসকলৰ অসামান্য প্রতিভাক স্বীকৃতি দিয়াৰ হকে এই বঁটা প্ৰদান কৰা হ'ব। ইয়াৰ জৰিয়তে দেশৰ বৰ্ণাঢ্য হস্তশিল্পৰ ঐতিহ্যক সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক পুনৰ নিশ্চিত কৰা হ'ব। ৰাষ্ট্ৰীয় হস্তশিল্প সপ্তাহ উদযাপনৰ অংশ হিচাপে এ...

December 3, 2025 4:09 PM

views 39

দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক’ব পাৰি: ৰাষ্ট্ৰপতি

● দিব্যাংগসকলক সম পৰ্যায়ৰ বুলি গণ্য কৰিলেহে এখন সমাজক প্রকৃত অৰ্থত উন্নত সমাজ বুলি ক'ব পাৰি বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে উল্লেখ কৰিছে। আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱস উপলক্ষে আজি নতুন দিল্লীত বিশেষভাৱে সক্ষম লোকসকলৰ সৱলীকৰণৰ বাবে উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তি আৰু প্ৰতিষ্ঠানসমূহক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰি শ্ৰীমতী মুৰ্মুৱে এইদৰে মন্তব্য কৰে। তেওঁ কয়, যে দিব্যাংগসকলক পুতৌৰ নহয়, বৰং সন্মান আৰু মৰ্যাদাৰহে প্ৰয়োজন। দিব্যাংগসকলক প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে তেওঁলোকৰ অতুলনী...

December 3, 2025 3:54 PM

views 27

দেশৰ বিভিন্ন অংশত ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন

■ দেশৰ বিভিন্ন অংশত আজি প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মবার্ষিকী পালন কৰা হৈছে। ১৮৮৪ চনত বিহাৰৰ জিৰাদেইত জন্মগ্ৰহণ কৰা ৰাজেন্দ্ৰ প্ৰসাদে দেশৰ স্বাধীনতা আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ৰাজেন্দ্ৰ প্ৰসাদ ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ১৯৬২ চনৰ ১৩ মে’লৈ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত আছিল। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে জন্মবার্ষিকী উপলক্ষে ৰাজেন্দ্ৰ প্ৰসাদলৈ শ্রদ্ধার্ঘ্য নিবেদন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে জন্মবার্ষিকী উপলক্ষে আজি ৰাষ্ট্ৰপতি ভৱনত দেশৰ প্ৰথমগৰাক...

December 3, 2025 12:29 PM

views 25

নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৱে অংশগ্ৰহণ কৰিব

● ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আজি নৌসেনাৰ অভিযানমূলক প্ৰদৰ্শনী মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাত উদ্দেশ্যে আজি বিয়লি থিৰুৱনন্তপুৰমত উপস্থিত হ'ব। আমাৰ সংবাদদাতাই জনাইছে যে বিয়লি থিৰুৱনন্তপুৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ পাছত তেওঁ শ্বাংগুমুঘাম সাগৰ তীৰত হবলগীয়া অনুষ্ঠানত অংশগ্ৰহণ কৰিব। তাত ৰাষ্ট্ৰপতিগৰাকীক MH 60 R হেলিকপ্টাৰখনে গ্ৰেণ্ড চেলুট প্ৰদান কৰিব। এই প্রদর্শনীত নৌসেনাৰ শক্তি আৰু যুদ্ধৰ প্ৰস্তুতিৰ ওপৰত আলোকপাত কৰা হ'ব য'ত যুদ্ধ বিমান আৰু নিৰীক্ষণকাৰী বিমানকে ধৰি ১৯খন ডা...