ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী দিনৰ প্ৰায় ১.৩০ বজাত জয়পুৰ মলাহেৰা গাঁৱত উপস্থিত হ’ব

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জয়পুৰ কৰেল লোকসভা সমষ্টিৰ অধীনৰ কটপুটলীত এখন নির্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। শ্রীমোদীয়ে মলাহেৰা গাঁৱত আয়োজন কৰা সভাস্থলীত দিনৰ প্ৰায় ১.৩০বজাত উপস্থিত হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে লোকসভা সমষ্টিটোৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ দলীয় প্ৰাৰ্থী ৰাও ৰাজেন্দ্ৰ সিঙৰ হৈ এই সভাত অংশ ল’ব। নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পাছত এয়া হ’ল ৰাজস্থানত শ্ৰীমোদীৰ নিৰ্বাচনকেন্দ্ৰিক প্ৰথমখন সভা। ৰাজ্যখনত অহা ১৯ আৰু ২৬ এপ্ৰিলত দুটা পৰ্যায়ত লোকসভা নির্বাচন অনুষ্ঠিত হ’ব।