December 11, 2025 12:30 PM

views 18

আজিৰে পৰা ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ অনুষ্ঠিত

সমাগত বিধানসভা নির্বাচনৰ প্রস্তুতিৰ অংশ হিচাপে কামৰূপ জিলাত ই ভি এম আৰু ভিভিপেটৰ প্ৰথম পর্যায়ৰ পৰীক্ষণ আজিৰে পৰা অনুষ্ঠিত হৈছে। পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ কামৰূপ জিলাৰ সংহত জিলা আয়ুক্ত কার্যালয় চৌহদত অৱস্থিত ই ভি এম গুডামঘৰত অহা ২৩ ডিচেম্বৰলৈ এই পৰীক্ষণ কৰা হ'ব। এই পৰীক্ষণ কার্য কামৰূপ জিলাৰ নির্বাচনী বিষয়াৰ অধীনৰ অধীনত সম্পন্ন হ'ব। দৰং নির্বাচনী জিলাৰ তিনিটা বিধানসভা সমষ্টিৰ বাবেও আজি ইভিএম আৰু ভিভিপেটৰ প্রথম পর্যায়ৰ পৰীক্ষণ আৰম্ভ হৈছে। অহা ২৫ ডিচেম্বৰলৈকে চলিবলগীয়া এই পৰীক্ষণ তদাৰকৰ বাবে...

December 3, 2025 3:45 PM

views 50

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ উপ-নির্বাচনত বিজেপিৰ ৭ খন আসন লাভ

দিল্লী পৌৰ নিগমৰ ১২টা ৱাৰ্ডৰ বাবে অনুষ্ঠিত উপ-নির্বাচনত বিজেপিয়ে ৭ খন আসন লাভ কৰিছে। এই উপ-নির্বাচনত আম আদমী পার্টিয়ে ৩ খন আৰু কংগ্ৰেছ আৰু অল ইণ্ডিয়া ফৰৱাৰ্ড ব্লক দলে এখনকৈ আসনত জয়লাভ কৰিছে। ফলাফল ঘোষণা হোৱাৰ পাছত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত চান্দনী চৌক সমষ্টিৰ সাংসদ প্রবীণ খাণ্ডেলৱালে কয় যে পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত দিল্লীত বিজেপিয়ে কৰা কাম-কাজৰ প্ৰতিফলন পৰিলক্ষিত হৈছে। উল্লেখযোগ্য যে যোৱা ৩০ নৱেম্বৰত মুঠ ৫৮০ টা ভোট কেন্দ্ৰত ভোটগ্রহণ সম্পন্ন হোৱা এই উপ-নির্বাচনত ২৬ গৰাকী মহিলাকে ধৰ...

November 11, 2025 6:25 PM

views 50

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত

ঝাৰখণ্ডৰ ঘাটচিলা বিধানসভা সমষ্টিত আজি উপ-নির্বাচন অনুষ্ঠিত হৈছে। নির্বাচন আয়োগৰ তথ্য অনুসৰি পুৱা ৯ বজালৈকে সমষ্টিটোত ১৭ দশমিক ৩ ৩ শতাংশ ভোটদান হৈছে। পুৱা ৭ বজাত সমষ্টিটোৰ ৩০০ টা ভোটকেন্দ্ৰত ভোটদান আৰম্ভ হয় আৰু সন্ধিয়া ৫ বজালৈকে ভোটদান অব্যাহত থাকিব। উপ-নির্বাচনত ২ লাখ ৫৫ হাজাৰৰো অধিক ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰিব। ৰাজ্যখনৰ শিক্ষামন্ত্ৰী তথা জে এম এমৰ বিধায়ক ৰামদাস ছোৰেনৰ মৃত্যুৰ পৰিপ্ৰেক্ষিতত সমষ্টিটোত উপ-নির্বাচন অনুষ্ঠিত হৈছে। উপ-নির্বাচনত মুঠ ১৩ গৰাকী প্রার্থী অৱতীৰ্ণ হৈছে যদিও প্রয়াত...

November 10, 2025 6:02 PM

views 56

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত

৭ খন ৰাজ্যৰ ৮টা বিধানসভা সমষ্টিৰ বাবে কাইলৈ উপ-নির্বাচন অনুষ্ঠিত হ'ব। উপ-নির্বাচন হ'বলগীয়া সমষ্টিকেইটা হৈছে- জম্মু-কাশ্মীৰৰ বুদগাম আৰু নাগ্রোতা, ৰাজস্থানৰ আন্তা, ঝাৰখণ্ডৰ ঘাটছিলা, তেলেংগানাৰ জুবিলি হিলছ, পাঞ্জাবৰ তাৰ্ন তাৰান, মিজোৰামৰ দাম্পা আৰু ওড়িশাৰ নোৱাপাড়া সমষ্টি। বিহাৰ বিধানসভা নিৰ্বাচনৰ সমান্তৰালভাৱে অহা ১৪ নৱেম্বৰত এই সমষ্টিকেইটাৰ ভোটগণনা কৰা হ'ব।

September 25, 2025 7:46 PM

views 39

কাইলৈ পুৱা ৮ বজাৰ পৰা বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা

● বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগণনা কাইলৈ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ'ব। ৪০টা পৰিষদীয় সমষ্টিৰ বাবে হ'বলগীয়া এই ভোটগণনা প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে বিটিআৰৰ জিলাকেইখনৰ প্ৰশাসন সাজু হৈ উঠিছে। প্রশাসনে স্থাপন কৰা ষ্ট্ৰং ৰুমসমূহত বেলট বাকচসমূহ কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে। এই ভোটগণনাৰ জৰিয়তে ৩১৬ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নির্ণয় হ'ব। উল্লেখযোগ্য যে যোৱা ২২ ছেপ্তেম্বৰত বিটিচি পৰিষদীয় নিৰ্বাচনৰ ভোটগ্রহণত ৭৮.৪২ শতাংশ লোকে ভোটদান কৰিছিল। ইয়াৰ ভিতৰত কোকৰাঝাৰ জিলাৰ ১২টা সমষ্টিত ৮২....

September 17, 2025 6:58 PM

views 172

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত দুটা দিন বাকী

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ চলাইছে। বিটিআৰৰ অন্তৰ্গত কোকৰাঝাৰ, চিৰাং, বাক্সা, তামুলপুৰ আৰু ওদালগুৰি জিলাত বিজেপিৰ লগতে ইউ পি পি এল, বিৰোধী দল কংগ্ৰেছ, বি পি এফ, অসম গণ পৰিষদে প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই আজি কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা আৰু জমদুৱাৰত বিজেপিৰ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বাক্সা জিলাৰ ভলুকামুৰীত ইউ পি পি এলৰ মুৰববী প্রমোদ বড়োৱে দলীয় প্ৰাৰ্থীৰ হৈ ন...

September 11, 2025 12:52 PM

views 50

বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান অব্যাহত

■ আসন্ন বিটিচি নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে নিজ নিজ দলীয় প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে। ওদালগুৰি জিলাৰ ভেৰগাঁও পৰিষদীয় সমষ্টিত কালি ইউ পি পি এল দলৰ এখন সংকল্প সভা অনুষ্ঠিত হয়। বিটিচিৰ খৈৰাবাৰী, ভেৰগাঁও, নোনাই ছেৰফাং, খালিংদুৱাৰ আৰু মুদৈবাৰী পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থীকেইগৰাকীৰ সমৰ্থনত চলোৱা এই প্ৰচাৰ সভাত দলৰ সভাপতি প্রমোদ বড়োৱে অংশগ্ৰহণ কৰে। তেওঁ বি টি আৰৰ ২৬ টা জনগোষ্ঠীৰ জনসাধাৰণৰ শান্তি-সম্প্ৰীতি আৰু প্ৰগতিৰ স্বাৰ্থত বি টি চিত পুনৰ ইউ পি পি এল দলক চৰকাৰ গঠনৰ সুযোগ দিয়...

September 8, 2025 9:15 PM

views 42

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন

দেশৰ পঞ্চদশগৰাকী উপৰাষ্ট্ৰপতিৰ বাবে কাইলৈ নিৰ্বাচন অনুষ্ঠিত হ'ব। এন ডি এ মিত্ৰজোটৰ প্ৰাৰ্থী তথা মহাৰাষ্ট্ৰৰ ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণ আৰু আই এন ডি আই মিত্রজোটৰ প্ৰাৰ্থী তথা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত উপৰাষ্ট্ৰপতি পদৰ বাবে প্ৰতিদ্বন্দিতা হ'ব। সাংবিধানিক ব্যৱস্থা অনুযায়ী লোকসভা আৰু ৰাজ্যসভাৰ সদস্যসকলক লৈ গঠিত ভোটদাতা মণ্ডলীয়ে সমানুপাতিক প্রতিনিধিত্বৰ আধাৰত উপৰাষ্ট্ৰপতি পদৰ বাবে গোপন বেলটৰ যোগেৰে ভোটদান কৰে। বৰ্তমান লোকসভাৰ সদস্যৰ সংখ্যা হৈছে ৫৪২ আৰু ৰাজ্যসভাৰ ...

August 24, 2025 12:37 PM

views 41

কোকৰাঝাৰ জিলা ভ্ৰমণেৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা

সমাগত বিটিচি নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙে কালি কোকৰাঝাৰ জিলা ভ্ৰমণ কৰি জিলাখনৰ আইন-শৃংখলা পৰিস্থিতি পর্যালোচনা কৰে। তেওঁ জিলা আৰক্ষী বিষয়াসকলৰ সৈতে বৈঠকতো মিলিত হয়। সঞ্চালক প্ৰধানগৰাকীয়ে নির্বাচন শান্তিপূৰ্ণ আৰু নিয়াৰিকৈ পৰিচালনা কৰাৰ বাবে আইন শৃংখলা ব্যৱস্থা শক্তিশালী কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে এই নির্বাচন পৰিচালনাৰ বাবে অসম আৰক্ষী সম্পূৰ্ণৰূপে সাজু বুলিও মন্তব্য কৰে।

June 27, 2025 12:50 PM

views 38

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত

সমাগত বি টি চি নিৰ্বাচনৰ বাবে বি চি আৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহে নিজৰ নিৰ্বাচনী ৰণকৌশল প্রস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কালি বাক্সা জিলাৰ জালাহত দলীয় কৰ্মীক সাক্ষাৎ কৰি অঞ্চলটোত দলৰ স্থিতি সম্পৰ্কে আলোচনা কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে কয়, যে প্ৰতিটো পৰিষদীয় সমষ্টিৰ ৩০ গৰাকী কাৰ্যকৰ্তাক বুথ সমূহৰ তথ্য আহৰণৰ দায়িত্ব দিয়া হৈছিল। তেওঁ ককলাবাৰী পৰিষদীয় সমষ্টিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী জয়ী হ'ব বুলি আশা প্ৰকাশ কৰে। বি টি এডিৰ পাঁচখন জিলাতে ...