ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

অসম চিনিয়ৰ্ছ বেডমিন্টন ক্লাবৰ উদ্যোগত ৩ দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ

আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ উদ্যোগত গুৱাহাটী নেহৰু ষ্টেডিয়ামৰ দেশভক্ত তৰুণৰাম ফকুন ইনডৰ ষ্টেডিয়ামত কাইলৈৰ পৰা তিনি-দিনীয়াকৈ অষ্টম নৰ্থ-ইষ্ট ভেটাৰ্ণ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হ’ব। উত্তৰ-পূবৰ লগতে ভূটান, নেপালৰ খেলুৱৈয়ে এই চেম্পিয়নশ্বিত অংশ ল’ব। আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আৰক্ষী সেৱাৰ বিষয়া প্ৰদীপ কুমাৰে এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। আয়োজকসকলৰ মতে কাইলৈ সন্ধিয়া ৬ বজাত চেম্পিয়নশ্বিপৰ উদ্বোধনী অনুষ্ঠানত অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান হৰমিত সিং উপস্থিত থাকিব। প্রতিযোগিতাসমূহ ৬টা শাখাত অনুষ্ঠিত হ’ব। দুজন খেলুৱৈৰ বয়স যোগ কৰাৰ ভিত্তিত এই শাখাসমূহ নিৰ্ধাৰণ কৰা হ’ব। আনহাতে, ৭৫ বছৰ উৰ্ধৰ শাখাত আন এটা মিক্সড ডাবল শাখা অনুষ্ঠিত হ’ব। খেলখনত পুৰস্কাৰৰ হিচাপে ৪ লাখ টকা ধাৰ্য কৰা হৈছে। অহা ১২ মে’ত চেম্পিয়নশ্বিপৰ সামৰণি পৰিব। প্ৰতিযোগিতাত কমেও ২৫০গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিছে। আজিৰ এই সংবাদ মেলত আছাম ছিনিয়ৰ্ছ বেডমিণ্টন ক্লাবৰ সাংগাঠনিক সম্পাদক বিষ্ণু ডেকা, অসম বেডমিণ্টন সন্থাৰ সম্পাদক তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ যুটীয়া সম্পাদক ওমৰ ৰছিদ, মানস প্ৰতীম শৰ্মাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।