ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মু-কাশ্মীৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা

জম্মু-কাশ্মীৰত গ্ৰীষ্ম প্ৰৱাহৰ প্ৰতি লক্ষ্য ৰাখি জম্মুৰ জিলা দণ্ডাধীশে দিনৰ ১২ বজাৰ পৰা ৩ বজাৰ ভিতৰত জীৱ-জন্তুসমূহক বোজা কঢ়িওৱা আৰু সামগ্ৰী টনা কামত নিয়োগ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে, জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ১৯৬০ আৰু ১৯৬৫ অনুসৰি এনে নিষেধাজ্ঞা জাৰি কৰা হৈছে। প্ৰতি বছৰে জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা কম কৰাৰ লগতে সিহঁতৰ আঘাত আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ বাবে এনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰি অহা হৈছে। তাপমান ৩৭ ডিগ্রী ছেণ্টিগ্রেডতকৈ বৃদ্ধি পালে এই আইনৰ অধীনত তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। এই নিৰ্দেশ অহা দুমাহৰ বাবে নাইবা পৰৱৰ্তী নির্দেশ নিদিয়া পর্যন্ত বাহাল থাকিব। এই আইন অনুসৰি কোনো লোকে যিকোনো জীৱ-জন্তুকে বাহন টনা বা বোজা কঢ়িওৱাৰ বাবে এদিনত ৯ ঘণ্টাতকৈ অধিক বা জিৰণি নোহোৱাকৈ একেৰাহে ৫ ঘণ্টাতকৈ অধিক সময়ৰ বাবে কামত লগাব নোৱাৰিব।