January 13, 2026 8:52 PM

views 20

সন্ত্রাসবাদী সংস্থাৰে জড়িতৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল নিৰ্দেশ

  জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই নিষিদ্ধ সন্ত্রাসবাদী সংস্থাৰ লগত সক্ৰিয়ভাৱে জড়িত থকাৰ অভিযোগত ৫ গৰাকী চৰকাৰী কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ নিৰ্দেশ দিছে। আকাশবাণী জম্মুৰ সংবাদদাতাৰ আগত শ্রীসিনহাই জনায় যে, নিলম্বিত কৰ্মচাৰীসকলৰ ভিতৰত এজন চৰকাৰী শিক্ষক, এজন লেবৰেটৰি টেকনিচিয়ান, এজন সহকাৰী লাইনমেন, এজন বন বিভাগৰ কৰ্মচাৰী আৰু স্বাস্থ্য আৰু চিকিৎসা বিভাগৰ এজন গাড়ীচালক আছে।

May 22, 2025 3:27 PM

views 32

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত আজি পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ এটা ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নির্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনাৰ এটা যুটীয়া অভিযানকাৰী দলে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। এই অভিযানৰ সময়ছোৱাত দুই-তিনিজন সন্ত্রাসবাদী অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা বুলি নিৰাপত্তাবাহিনীৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। বাতৰি যুগুতোৱাৰ পৰলৈ উভয় পক...

November 10, 2024 8:12 PM

views 155

জম্মু-কাশ্মীৰৰ উপৰাজ্যপাল মনোজ সিনহাক শিখ সহযোগিতা সমিতিৰ প্রতিনিধি দলৰ সাক্ষাৎ

জম্মু-কাশ্মীৰৰ শিখ সহযোগিতা সমিতিৰ অধ্যক্ষ এছ অজিত সিঙৰ নেতৃত্বত এটা প্রতিনিধি দলে উপৰাজ্যপাল মনোজ সিনহাক আজি জম্মুৰ ৰাজভৱনত সাক্ষাৎ কৰে। দলটোৱে কেন্দ্ৰীয় শাসিত অঞ্চলটোৰ শিখ সম্প্ৰদায়ৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোকপাত কৰি এলানি দাবী উত্থাপন কৰে। এই দাবীসমূহৰ ভিতৰত শ্ৰীনগৰত মহাৰাজা ৰণজিত সিঙৰ মুৰ্তি প্ৰতিষ্ঠা, পাঞ্জাবী ভাষাৰ সংবর্ধন, পাহাৰী স্থানীয় গোটত যোগ্য শিখ জনসাধাৰণৰ অন্তৰ্ভুক্তি অন্যতম। তদুপৰি অধ্যক্ষগৰাকীয়ে উধমপুৰৰ ৰামনগৰৰ চেৰ মঞ্জলা ঐতিহাসিক গাঁৱত গুৰুদ্বাৰা চাহিবৰ পুনৰ নিৰ্মাণৰ ...

October 1, 2024 12:51 PM

views 36

জম্মু-কাশ্মীৰত অন্তিম পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন

জম্মু-কাশ্মীৰত আজি তৃতীয় তথা চূড়ান্ত পৰ্যায়ৰ বিধান সভাৰ নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰথম দুঘণ্টাত ১১.৬০ শতাংশ ভোটদান সম্পন্ন হৈছে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি জনসাধাৰণে নিজৰ ভোটৰ অধিকাৰ সাব্যস্ত কৰাৰ বাবে পুৱাৰে পৰা দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে। কটকটীয়া নিৰাপত্তা বেষ্টনিৰ মাজত ৭ খন জিলাৰ ৪০টা বিধানসভা সমষ্টিৰ বাবে ৫ হাজাৰ ৬০ টা কেন্দ্ৰত ভোটদান অব্যাহত আছে। পুৱা ৭ বজাৰ পৰা আৰম্ভ হোৱা এই ভোটগ্রহণ প্রক্রিয়া সন্ধিয়া ৬ বজাত সমাপ্ত হ'ব। ভোটদাতাৰ বাবে প্ৰতিটো ভোটকেন্দ্ৰত ন্যূনতম মৌলিক সুবিধ...

September 16, 2024 6:11 PM

views 33

জম্মু আৰু কাশ্মীৰৰ ড’ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত গৃহমন্ত্রী অমিত শ্বাহৰ অংশগ্রহণ

জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি জম্মু আৰু কাশ্মীৰৰ ড'ডা জিলাত তিনিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্রহণ কৰে। আকাশবাণীৰ সংবাদদাতাই জনাইছে যে – দলীয় প্ৰাৰ্থীৰ সমৰ্থনত ৰামবান, কিণ্টৱাৰ আৰু পাড্ডাৰত হ'বলগীয়া নির্বাচনী প্ৰচাৰ সভাত তেওঁ অংশগ্ৰহণ কৰে। জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰৰ আজি অন্তিমদিন হোৱাৰ পৰিপ্ৰেক্ষিতত বিজেপিৰ প্ৰচাৰ অভিযান তীব্ৰগতিত চলা পৰিলক্ষিত হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই অহা ২০ ছেপ্তেম্বৰত জম্মু ভ্ৰমণ কৰা...

September 15, 2024 8:30 PM

views 37

জম্মু-কাশ্মীৰৰ কাঠুৱা জিলাত সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ

জম্মু-কাশ্মীৰৰ জম্মু সংমণ্ডলৰ কাঠুৱা জিলাৰ এখন বনাঞ্চলত আজি সন্ত্ৰাসবাদী আৰু আৰক্ষীৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। ইফালে পুঞ্চ জিলাত কালি নিশা আৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা সংঘৰ্ষত এটা সন্ত্ৰাসবাদী আহত হোৱাৰ সন্দেহ কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই প্ৰকাশ কৰা অনুসৰি আজি বিয়লিৰ ভাগত কাঠুৱা জিলাৰ বাণী অঞ্চলত আৰক্ষীৰ এটা দলে তালাচী চলাই থকাৰ সময়তেই গুলীচালনা সংঘটিত হয়। আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জনোৱা মতে অঞ্চলটোত দুটামান সন্ত্রাসবাদী লুকাই থকা বুলি সম্ভেদ পোৱা গৈছে।

September 8, 2024 7:13 PM

views 48

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ

জম্মু-কাশ্মীৰত বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল আৰু প্ৰত্যাহাৰৰ প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছত ব্যাপক ৰূপত নিৰ্বাচনী প্ৰচাৰ চলি আছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি আজি ৰামবন আৰু বানিহালত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নির্বাচনী সভাত ভাষণ দিব। ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়ে জম্মু কাশ্মীৰ ভ্ৰমণ কৰিছে। কালি জন্মৰ পলৌৰা অঞ্চলত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে ভাষণ দিয়ে। শ্রীশ্বাহে উন্নয়ন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি চৰকাৰৰ দায়...

September 2, 2024 8:22 PM

views 30

জম্মু-কাশ্মীৰত বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন তীর্থযাত্রী নিহত

জম্মু-কাশ্মীৰত পাঞ্চি হেলিপেডৰ সমীপত মাতা বৈষ্ণোদেৱী মন্দিৰলৈ যোৱা পথৰ ভূমিস্খলন হোৱাৰ ফলত দুগৰাকী মহিলা তীর্থযাত্রী নিহত হোৱাৰ লগতে এটি কন্যা শিশু গুৰুতৰভাৱে আহত হয়। ভূমিস্খলনৰ ফলত পথছোৱাত এটা বৃহৎ শিল বাগৰি পৰাৰ ফলত এগৰাকী তীর্থযাত্রী ঘটনাস্থলীতে নিহত হয়। আনহাতে, চিকিৎসালয়ে লৈ যোৱা অৱস্থাতে আনগৰাকী তীর্থযাত্ৰীৰ মৃত্যু হয়। আহত শিশুটিৰ চিকিৎসা অব্যাহত আছে।

August 13, 2024 3:25 PM

views 49

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ

জম্মু আৰু কাশ্মীৰত ৭৮ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে জম্মু এলেকাত অভূতপূৰ্ব নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা মতে প্ৰশাসনে নিৰাপত্তা আৰু স্বাধীনতা দিৱসৰ অনুষ্ঠান সুকলমে উদযাপন কৰাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায়, তাৰ নিশ্চিত ব্যৱস্থা হাতত লৈছে। স্বাধীনতা দিৱসৰ মূল অনুষ্ঠান শ্ৰীনগৰৰ বাক্সি ষ্টেডিয়ামত অনুষ্ঠিত হ'ব আৰু লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিন্হাই অভিবাদন গ্রহণ কৰাৰ লগতে অনুষ্ঠানত সভাপতিত্ব কৰিব। হাজাৰতকৈও অধিক লোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।

August 12, 2024 5:52 PM

views 34

হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণে গ্ৰহণ কৰা পদক্ষেপক প্রধানমন্ত্ৰীৰ প্ৰশংসা

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৈছে যে জম্মু-কাশ্মীৰৰ জনসাধাৰণে চলাই থকা তিৰংগা যাত্ৰা অনুপ্ৰেৰণাদায়ক । প্রধানমন্ত্ৰীয়ে হৰ ঘৰ তিৰংগা অভিযানৰ প্ৰচাৰৰ বাবে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই গ্ৰহণ কৰা পদক্ষেপক প্ৰশংসা কৰে।