December 27, 2025 7:44 PM

views 25

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ- জম্মু মাৰাথন-২০২৫ আয়োজন

জম্মুৰ গুলছন খেলপথাৰত জম্মু-কাশ্মীৰ আৰক্ষীৰ উদ্যোগত কাইলৈ একতাৰ দৌৰ-জম্মু মাৰাথন-২০২৫ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰীয় একতা, স্বাস্থ্যকৰ জীৱন-যাপন আৰু সামূহিক অংশগ্রহণ বৃদ্ধিৰ উদ্দেশ্যেই ইয়াৰ আয়োজন কৰা হৈছে। অধিক লোকৰ অংশগ্ৰহণৰ লক্ষ্যৰে একতাৰ দৌৰত ১০টা বিভাগ অন্তৰ্ভুক্ত কৰা হৈছে। সেই অনুসৰি পুৰুষ,মহিলা,জুনিয়ৰ,বৰ্ষীয়ান, ছাব জুনিয়ৰ আৰু জ্যেষ্ঠ নাগৰিকসকলে বিভিন্ন বিভাগত যোগদান কৰিব পাৰিব। এই প্ৰতিযোগিতাত প্ৰধান প্ৰধান বিভাগ সমূহৰ প্ৰথম তিনি গৰাকী বিজয়ীক ক্ৰমে ৫০হাজাৰ, ৩০ হাজাৰ আৰু ২০ হাজাৰ টকাৰ পু...

October 22, 2025 3:07 PM

views 37

গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়

■ গৃহ মন্ত্ৰালয়ৰ এখন উচ্চ পৰ্যায়ৰ সমিতিয়ে আজি নতুন দিল্লীত লাডাখৰ নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। কেন্দ্ৰীয় শাসিত অঞ্চলটোত বিগত মাহত হোৱা হিংসাত্মক ঘটনাৰ পাছত প্ৰথমবাৰৰ বাবে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আনুষ্ঠানিক বৈঠক অনুষ্ঠিত হৈছে। লাডাখ সন্দৰ্ভত গৃহ মন্ত্ৰালয়ৰ উচ্চ পৰ্যায়ৰ সমিতিৰ জৰিয়তে এপেক্স বডি লেহ চমুকৈ এ বি এল আৰু কাৰ্গিল ডেমক্রেটিক এলায়েন্স চমুকৈ কে ডি এৰ সৈতে আলোচনাৰ ব্যৱস্থা কৰা হৈছে। আকাশবাণী লেহৰ সংবাদদাতাই প্ৰকাশ কৰা মতে এই প্রতিনিধিসকলে লাডাখক ৰাজ্য হিচাপে স্বীকৃতি আৰু ষষ...

October 2, 2025 8:58 PM

views 48

জম্মু-কাশ্মীৰত হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত ৩ জন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু

■ পাকিস্তান অধিকৃত জম্মু-কাশ্মীৰত বিগত তিনি দিন ধৰি হৈ থকা হিংসাত্মক প্ৰতিবাদ আৰু সংঘৰ্ষত তিনিজন আৰক্ষী জোৱানকে ধৰি কমেও ২১জন লোকৰ মৃত্যু হৈছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, এই সংঘৰ্ষৰ ফলত ১৭২ জন আৰক্ষী জোৱান আৰু ৫০ জন সাধাৰণ নাগৰিক আহত হৈছে। উল্লেখযোগ্য যে পাক অধিকৃত কাশ্মিৰৰ যুটীয়া আৱামী একচন কমিটীৰ নেতা শৌকত নৱাজ মিৰে অঞ্চলটোৰ প্ৰনাসনীয় সংস্কাৰ আৰু ৰাজহুৱা সা-সুবিধা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল। পৰৱৰ্তী সময়ত তেওঁলোকে এই দাবী সন্দৰ্ভত চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছিল। পাকিস্তানৰ ...

September 25, 2025 10:11 PM

views 32

জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত পাকিস্তানী সন্ত্রাসবাদীক আটক

জম্মু-কাশ্মীৰৰ জন্মৰ আৰ এছ পুৰা সীমান্তত আজি এজন পাকিস্তানী সন্ত্রাসবাদীক আটক কৰা হৈছে। আকাশবাণীৰ জন্মৰ সংবাদদাতাই জনোৱা মতে তহলদাৰী সীমান্ত সৰক্ষা বাহিনীৰ জোৱানে পাকিস্তানৰ দিশৰ পৰা অহা এগৰাকী ব্যক্তিক ভাৰতৰ ভূখণ্ডত প্ৰৱেশ কৰাৰ পাছতে কৰায়ত্ব কৰে। এয়া হৈছে চলিত মাহত সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানে দ্বিতীয়গৰাকী পাকিস্তানী লোকক আটক কৰাৰ ঘটনা। যোৱা ৮ ছেপ্তেম্বৰত আৰ এছ পুৰা অঞ্চলৰ অক্টৰৈৰ পৰা আন এজন পাকিস্তানী নাগৰিকক আটক কৰিছে।

May 10, 2025 11:58 AM

views 28

নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে ২৬টা স্থানত পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ প্ৰতিহত ভাৰতৰ

পাকিস্তানৰ সৈতে থকা নিয়ন্ত্ৰণৰেখা আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বাৰামুল্লাৰ পৰা ভূজলৈকে প্ৰায় ২৬টা স্থানক লক্ষ্য কৰি যোৱানিশা পাকিস্তানে চলোৱা ড্রোন আক্ৰমণ ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই সফলতাৰে প্ৰতিহত কৰে। এই ড্রোনসমূহৰ ভিতৰত অসামৰিক তথা সামৰিক ঘাটিৰ বাবে ভাবুকি সৃষ্টি কৰিব পৰা ড্রোনো আছিল। প্ৰতিৰক্ষা সূত্ৰসমূহে প্ৰকাশ কৰা অনুসৰি বাৰামুল্লা, শ্ৰীনগৰ, অৱন্তিপুৰ, নাগবোটা, জম্মু, ফিৰোজপুৰ, পাঠানকোট, ফাজিল্কা, লালগড় জট্টা, জয়ছলমেৰ, বাড়মেৰ, ভূজ, কোৱাৰবেট আৰু লখীনালা আদি অঞ্চলত এই ড্রোনসমূহ প্রত্য...

April 20, 2025 8:50 PM

views 92

জম্মুৰ ৰামৱান জিলাত ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত ৩ জন লোকৰ মৃত্যু; উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত

জম্মুৰ ৰামৱান জিলাৰ চেৰিৱাগনা অঞ্চলত কালি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত ভূমিস্খলন হোৱাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। এই ঘটনাত দুগৰাকী শিশু আৰু এগৰাকী বয়োজ্যেষ্ঠ লোককে ধৰি মুঠ ৩ জন লোকৰ মৃত্যু হৈছে। ১০০কৈও অধিক লোকক উদ্ধাৰ কৰা হৈছে। চৰকাৰী সূত্ৰই জনোৱা মতে যোৱানিশা অঞ্চলটোত প্ৰচণ্ড শিলা বৃদ্ধি কেইবাটাও ঠাইত ভূমিস্খলন আৰু প্ৰবল ধুমুহা হৈছিল। ভূমিস্খলন আৰু কৃত্ৰিম বানৰ ফলত অঞ্চলটোৰ বহু সা-সম্পত্তি আৰু যান-বাহনৰ ক্ষতি হয়। ইপিনে, তুষাৰপাতৰ ফলত এটা দিনৰ বাবে গাড়ীৰ চলাচল ব...

October 14, 2024 6:14 PM

views 55

২ গৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ জম্মু কাশ্মীৰ চৰকাৰৰ নিৰ্দেশ

জম্মু কাশ্মীৰত চৰকাৰে দুয়োগৰাকী সংমণ্ডলীয় আয়ুক্তকে ধৰি ২০গৰাকী আয়ুক্তক নিজৰ নিজৰ অধীনৰ অঞ্চলসমূহৰ মন্দিৰৰ ভূমিৰ সীমা নিৰ্দ্ধাৰণ আৰু বেদখল আঁতৰোৱা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। জম্মু-কাশ্মীৰৰ মুখ্য সচিবে অলপতে জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ দ্বাৰা দিয়া এটা নির্দেশত কেন্দ্রীয় শাসিত প্ৰদেশৰ মন্দিৰসমূহৰ বৰ্তমানৰ অৱস্থাৰ বিতং তথ্য জনাবলৈ নিৰ্দেশ দিছিল উল্লেখযোগ্য যে এই নিৰ্দেশৰ পাছত কেন্দ্ৰীয় শাসিত অঞ্চলত মন্দিৰ পুনৰুদ্ধাৰ সন্দৰ্ভত মুখ্য সচিবগৰাকী আলোচনাত মিলিত হয় আৰু মন্দিৰৰ চোৱাচ...

October 1, 2024 2:47 PM

views 40

জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতৰ কাৰ্যভাৰ গ্ৰহণ

ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া নলীন প্রভাতে কালি জম্মু-কাশ্মীৰৰ আৰক্ষী সঞ্চালকপ্ৰধান হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আমাৰ সংবাদদাতাই জানিবলৈ দিয়া অনুসৰি গৃহ মন্ত্ৰ্যালয়ে চলিত বৰ্ষৰ আগষ্ট মাহত তেওঁৰ নিযুক্তিৰ কথা ঘোষণা কৰিছিল।

September 23, 2024 2:39 PM

views 39

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সামৰণি

জন্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযানৰ আজি সন্ধিয়া সামৰণি পৰিব। এই পৰ্যায়ত ৫ খন জিলাৰ ২৬ টা বিধানসভা সমষ্টিত পৰহিলৈ ভোটগ্রহণ অনুষ্ঠিত হ'ব। ভোটগ্রহণ অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে - জম্মু খণ্ডত ৰিয়াচি, ৰাজৌৰী আৰু পুঞ্চ। আনহাতে, কাশ্মীৰ উপত্যকাৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া জিলাকেইখন হৈছে শ্ৰীনগৰ আৰু বাদগাম। উল্লেখযোগ্য যে তিনিটা পৰ্যায়ত জম্মু-কাশ্মীৰ নিৰ্বাচন অনুষ্ঠিত হৈছে। ইফালে, দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযান তীব্ৰ গত...

September 14, 2024 2:58 PM

views 38

জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত ৩ টা অচিনাক্ত সন্ত্রাসবাদী নিহত

কেন্দ্ৰীয় শাসিত জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাত আজি পুৱা সুৰক্ষা বাহিনীৰে হোৱা সংঘৰ্ষত তিনিটা অচিনাক্ত সন্ত্রাসবাদী নিহত হয়। এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে ক্ৰীৰি অঞ্চলত সন্ত্ৰাসবাদী দলে সুৰক্ষা বাহিনীলৈ লক্ষ্য কৰি গুলি বৰ্ষণ কৰে। সুৰক্ষা বাহিনীয়েও গুলিৰে প্ৰত্যুত্তৰ দিয়ে। নিহত সন্ত্রাসবাদী কেইটাক চিনাক্ত কৰাৰ প্ৰক্ৰিয়া চলি আছে।