ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

দেশৰ কেইবাটাও স্থানত অহা ২৫ তাৰিখ পর্যন্ত অ’ৰেঞ্জ এলার্ট ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

■ ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ পূব আৰু দক্ষিণ প্ৰান্তত অহা ২৫ তাৰিখ পর্যন্ত ধাৰাষাৰ বৰষুণৰ আগলি বতৰা দি অ’ৰেঞ্জ এলার্ট জাৰি কৰিছে । বতৰ বিজ্ঞান বিভাগে কৈছে যে এই সময়ছোৱাত বাংলাদেশৰ মধ্য ভাগত সৃষ্টি হোৱা নিম্নচাপৰ প্ৰভাৱত অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো পৰহি নিশাৰেপৰা দি থকা নেৰানেপেৰা বৰষুণৰ ফলত চানমাৰি, শিলপুখুৰী, ছয়মাইল, পাঞ্জাবাৰী, বেলতলা আদি বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰে । ঠায়ে ঠায়ে সৃষ্টি হোৱা কৃত্ৰিম বানৰ ফলত যান-বাহন চলাচলত ব্যাঘাত জন্মাৰ লগতে জীৱনযাত্ৰা প্ৰভাৱিত হয়।
পশ্চিমবংগ, বিহাৰ, ঝাৰখণ্ড আৰু ওড়িশাকে ধৰি দেশৰ পূব অংশতো পৰৱৰ্তী কেইদিনমানত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।