December 3, 2025 11:08 AM

views 42

বতৰৰ বতৰা:

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ আশিংকভাৱে ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ২৮ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৬ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 26, 2025 12:09 PM

views 50

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত নাগালেণ্ড আৰু মিজোৰামত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইফালে, অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞ...

September 14, 2025 12:24 PM

views 55

উত্তৰ-পূৰ্বাঞ্চলকে ধৰি হিমালয়ৰ পাদদেশীয় অঞ্চলত প্ৰৱল বৰষুণৰ আগজাননী

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ লগতে ছিক্কিম, পশ্চিমবংগৰ হিমালয়ৰ পাদদেশীয় অঞ্চল, বিহাৰ আৰু গোৱাৰ কোনো কোনো এলেকাত প্ৰৱল বৰষুণৰ আগজাননী দিছে। বিভাগে লগতে নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, উত্তৰাখণ্ড, হিমাচল প্রদেশ, চত্তিশগড়, অন্ধ্রপ্রদেশ, মধ্যপ্রদেশ, মহাৰাষ্ট্ৰ, উত্তৰ কৰ্ণাটকৰ ভিতৰুৱা এলেকা ওড়িশা আৰু তেলেংগানাত কাইলৈ পৰ্যন্ত মুষলধাৰ বৰষুণ অব্যাহত থাকিব বুলিও সকীয়াই দিছে। ইপিনে, অহা দুই-তিনিদিনলৈ জম্মু-কাশ্মীৰ, লাডাখ, গিলগিত, বাল্টিস্তান, মুজফফৰাবাদ আৰু তেল...

September 13, 2025 12:03 PM

views 46

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৭ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে গাজনি-ঢেৰেকনীৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

September 12, 2025 12:33 PM

views 44

দেশৰ কেইবাখনো ৰাজ্যত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাত বিজুলী ঢেৰেকনীৰে প্ৰচুৰ বৰষুণ হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে লগতে অন্ধ্রপ্রদেশ, অৰুণাচল প্রদেশ, অসম, মেঘালয়, বিহাৰ, ছত্তিশগড়, কৰ্ণাটকৰ ভিতৰুৱা অঞ্চল আৰু মধ্য মহাৰাষ্ট্ৰত প্ৰবল বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। ওড়িশা, ছিকিম, তামিলনাড়ু, পুডুচেৰী, তেলেংগানা, উত্তৰাখণ্ডটো একে পৰিৱেশ বাহাল থাকিব বুলি বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে।

August 24, 2025 1:10 PM

views 65

বতৰৰ বতৰা–

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনীৰে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৪ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকনীৰ সৈতে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ...

July 4, 2025 12:39 PM

views 28

৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগলি বতৰা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৬ জুলাই পর্যন্ত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হ’ব পাৰে বুলি আগলি বতৰা দিছে। বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি বংগোপ সাগৰৰ পৰা জলীয় বাস্ত্ৰৰ প্ৰভাৱত আজিৰপৰা ৬ জুলাইলৈ ৰাজ্যৰ ঠাইবিশেষে বিজুলী থেৰেকণিৰে ধাৰাসাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। আজি বৰপেটা আৰু বঙাইগাঁৱৰ কেতবোৰ ঠাইত ৭ ৰ পৰা ১১ ছেণ্টিমিটাৰৰ পৰা ১২ৰ পৰা ২০ ছেণ্টিমিটাৰ পৰ্যন্ত বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ কৰিছে। একেদৰে কাইলৈ আৰু পৰহিলৈ পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ ঠাই বিশেষে বৰ...

June 27, 2025 11:58 AM

views 27

অসমৰ লগতে উত্তৰ-পূৱৰ ৰাজ্যকেইখনত আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত গৰম আৰু আদ্ৰ পৰিৱেশ অব্যাহত থাকিব বুলি প্ৰকাশ কৰিছে। বিভাগে প্ৰকাশ কৰা অনুসৰি পৰৱৰ্তী তিনি-চাৰিদিন পর্যন্ত উত্তৰ ৰাজস্থান, পঞ্জাব, হাৰিয়ানা আৰু দিল্লীত মৌচুমী বায়ুৰ প্ৰভাৱত বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইপিনে, পূৱ ৰাজস্থান, গুজৰাট, উত্তৰাখণ্ড আৰু পশ্চিম মধ্য প্ৰদেশত ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি বিভাগে জানিবলৈ দিছে। বতৰ বিজ্ঞান বিভাগৰ আগলি বতৰা অনুসৰি কৰ্ণাটকৰ উপকূলীয় অঞ্চল, কেৰালা, মাহে, গোৱা আৰু মধ্য মহাৰাষ্ট্ৰতো এক...

June 11, 2025 6:47 PM

views 80

প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত ৰাজ্যঃ ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ৰাজ্যত সতর্কতা জাৰি

অসম প্ৰচণ্ড গ্রীষ্ম প্ৰৱাহৰ কৱলত পৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে ৰাজ্যখনত সতর্কতা জাৰি কৰাৰ লগতে স্বাভাৱিক উষ্ণতাতকৈ এইবেলি উষ্ণতা অধিক হোৱা বুলি সদৰি কৰি এই তাপমাত্ৰা অহা ২-৩ দিনলৈ বাহাল থাকিব পাৰে বুলি সম্ভাৱনা প্রকাশ কৰে। বিভাগটোৱে এই গ্ৰীষ্ম প্ৰৱাহৰ পৰা সতৰ্ক হৈ থাকিবলৈ ৰাইজলৈ আহ্বান জনাই শিশু, বয়োজ্যেষ্ঠ, গৰ্ভৱতী মহিলা তথা ৰুগীয়া লোকক বিশেষ সাৱধানতা অৱলম্বন কৰাৰ পৰামৰ্শ দিয়ে। ৰাজ্যখনত নিশাৰ ভাগত তাপমাত্রা স্বাভাৱিক তাপমাত্ৰালৈ ৩ৰ পৰা ৫ ডিগ্রী ছেলছিয়াছ অধিক হৈ থাকিব বুলি বিভাগটোৱে সতর্...

May 23, 2025 8:31 PM

views 62

দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি

ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আই এম ডিয়ে দক্ষিণ কোংকন উপকূলীয় ঘাট, কৰ্ণাটক, মধ্য মহাৰাষ্ট্ৰ, আৰু গোৱাত প্ৰচণ্ড বৰষুণৰ বাবে ৰেড এলাৰ্ট আৰু অৰেঞ্জ এলার্ট জাৰি কৰিছে। আকাশবাণীৰ বাতৰি বিভাগৰ সৈতে হোৱা কথা বতৰাত আই এম ডিৰ জ্যেষ্ঠ বিজ্ঞানী ড° আৰ. কে জেনামণিয়ে কয় যে দক্ষিণ কোংকন-গোৱা উপকূলৰ ওচৰত পূব- মধ্য আৰব সাগৰৰ ওপৰত এটা নিম্ন চাপৰ অঞ্চল সৃষ্টি হৈছে আৰু ই অধিক তীব্ৰতৰ হোৱাৰ আশংকা কৰা হৈছে। তেওঁ আৰু কয় যে অহা দুই-তিনি দিনত কেৰালাত মৌচুমী বায়ুৰ প্ৰৱেশৰ বাবে সকলো পৰিস্থিতি অনুকূল হৈ আছে। ইফালে, অহা দ...