January 23, 2026 4:48 PM

views 30

বতৰৰ বতৰা-

স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চল পুৱাৰ ভাগত কুঁৱলীয়ে আৱৰি থাকিব। পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সর্বোচ্চ ২৭ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ১৪ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, আৰু ত্ৰিপুৰাৰ বতৰ শুকান হোৱাৰ আৰু অৰুণাচল প্ৰদেশৰ বিভিন্ন স্থানত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা ...

December 5, 2025 4:35 PM

views 46

ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি দেশৰ কেইবাখনো ৰাজ্যত শীতপ্রবাহৰ পূৰ্বাভাস প্ৰকাশ কৰে। সেই অনুসৰি পাঞ্জাব, হাৰিয়ানা, পূৱ ৰাজস্থান আৰু ঝাৰখণ্ডত শীতৰ প্ৰভাৱ পৰিব। বতৰ বিজ্ঞান বিভাগে হিমাচল প্রদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ওড়িশাৰ বিভিন্ন অঞ্চলত কুঁৱলি পৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে। ইয়াৰোপৰি তামিলনাডু, পুডুচেৰী আৰু কাৰাইকলৰ বিভিন্ন অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ আগলি বতৰা প্ৰকাশ কৰিছে। ইপিনে, আজি পুৱাৰ ভাগত দিল্লী এন চি আৰৰ বায়ুৰ গুণগত মান অতি নিম্নমানৰ হোৱা বুলি পঞ্জীয়ন কৰা...

October 17, 2025 1:00 PM

views 46

ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা

● ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আজি ওড়িশা, তেলেংগানা, গোৱা, মধ্যপ্রদেশ, মাৰাঠৱাৰা আদি অঞ্চলত বজ্ৰপাতৰ লগতে ধুমুহাৰ আগলি বতৰা দিছে। বিভাগৰ তথ্য অনুসৰি তামিলনাড়ু, অন্ধ্ৰপ্ৰদেশৰ দক্ষিণ অংশ, কেৰালাৰ উপকূল অঞ্চল আৰু লাক্ষাদ্বীপতো আজি একেধৰণৰ পৰিৱেশে বিৰাজ কৰিব।

August 3, 2025 11:28 AM

views 47

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩১ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে বিজুলী-ঢেৰেকণিৰে বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

May 24, 2025 12:43 PM

views 167

বতৰৰ-বতৰা:

■ স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী-ঢেৰেকনিৰে দুই-এজাক বৰষুণ পৰাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩৩ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্রা ২৫ ডিগ্রী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ইফালে, বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অহা পাঁচ দিনলৈ অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জানিবলৈ দিছে। এই সময়ছোৱাত ঠাই বিশেষে ধাৰাষ...

December 30, 2024 12:56 PM

views 40

বতৰৰ বতৰা–

বতৰৰ বতৰা– বতৰৰ বতৰা– বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিয়া আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত অসম, অৰুণাচল প্ৰদেশ, আৰু মেঘালয়ত পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ বতৰ শুকান হৈ থাকিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিছে। অসমকে ধৰি আটাইকেইখন ৰাজ্যক ঘন কুঁৱলীয়ে আৱৰি ৰখাৰ সম্ভাৱনা থকাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান কেন্দ্ৰই সতর্কতা জাৰি কৰিছে। কালি গুৱাহাটীৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২৬.৯ ডিগ্ৰী ছেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১১.৪ ডিগ্রী ছেলছিয়াছ। অহা ...

December 15, 2024 7:02 PM

views 33

উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হোৱাৰ আগজাননী বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২ -৩ দিনত উত্তৰ-পশ্চিম আৰু মধ্য ভাৰতত শীত প্রবাহ অধিক হ'ব বুলি আগজাননী দিছে। আজি পাঞ্জাৱ আৰু মধ্য ভাৰতত তীব্র শীতপ্রবাহ হোৱাৰ সম্ভাৱনাৰ কথাও বিভাগটোৱে প্ৰকাশ কৰিছে। হাৰিয়ানা, চণ্ডিগড়, উত্তৰ প্ৰদেশ, চতিশগড়, পশ্চিমবংগ আৰু ওড়িশাত আজি শীত প্রবাহ তীব্র হোৱাৰ লগতে অহা দুদিনৰ ভিতৰত জম্মু কাশ্মীৰ, লাডাখ, গিলগিট, বাল্টিস্তান আৰু মুঝাফৰবাদত শীত প্রবাহ হোৱাৰ সম্ভাৱনা আছে। বতৰ বিজ্ঞান বিভাগটোৱে আৰু জনোৱা মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত অহা দুদিনত...

December 14, 2024 3:05 PM

views 35

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব

বতৰৰ বতৰাঃ বতৰৰ আগলি বতৰা অনুসৰি গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অহা ২৪ ঘণ্টাৰ বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থাকিব। ৰাজ্যত পুৱা আৰু নিশাৰ ভাগত কুঁৱলী পৰাৰ সম্ভাৱনা আছে। কালি গুৱাহাটীত সর্বোচ্চ তাপমাত্ৰা আছিল ২৫.৫ ডিগ্রী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা আছিল ১২.১ ডিগ্রী চেলছিয়াছ। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ আৰু সৰ্বনিম্ন তাপমাত্ৰা ক্ৰমে ২৫ আৰু ১৩ ডিগ্ৰী চেলছিয়াছ হ'ব বুলি অনুমান কৰা হৈছে। উত্তৰপূৰ্বাঞ্চলৰ ভিতৰত কালি ইম্ফলত সর্বনিম্ন তাপমাত্রা ৬.১ ডিগ্ৰী চেলচিয়াছ ৰেকৰ্ড কৰা হয়। কহিমাৰ সৰ্বনিম্...

October 13, 2024 9:22 PM

views 32

আগন্তুক ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণৰ সম্ভাৱনা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ৪ দিনত তামিলনাড়ু, পুডুচেৰী, কাৰাইকাল কেৰালা আৰু অন্ধ্ৰপ্ৰদেশৰ উপকূলীয় অঞ্চলত প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি আগলি বতৰা দিছে। বিভাগে লগতে গুজৰাট, কোংকণ, গোৱা, মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া, মধ্য প্ৰদেশ, বিদর্ভ আৰু ছত্তিশগড়তো এই সপ্তাহটোত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি প্ৰকাশ কৰিছে। দক্ষিণ-পশ্চিম মৌচুমী বতাহজাক, বিহাৰৰ বাকী থকা অঞ্চল, ঝাৰখণ্ড, সমগ্র পশ্চিমবংগ, ছিকিম আৰু ছত্তিশগড়ৰ আৰু অধিক অংশ, মধ্য প্ৰদেশ, ওড়িশা, অসম আৰু মেঘালয়ৰ পৰা আঁতৰি গৈছে বুলি...

September 29, 2024 7:59 PM

views 33

১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ উত্তৰ-পূৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত অহা ৫ৰ পৰা ৬ দিনলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে। বিভাগটোৱে জনোৱা মতে অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত অহা ১ অক্টোবৰৰ পৰা ৫ অক্টোবৰলৈ ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।