আজিৰ পৰা মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাব

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰিছে যে মধ্য ভাৰত আৰু দেশৰ উত্তৰ-পশ্চিম অংশত প্ৰৱল গ্ৰীষ্ম প্ৰৱাহ আজিৰ পৰা লাহে লাহে হ্ৰাস পাব। হাৰিয়ানা, চণ্ডীগড়, দিল্লী, ৰাজস্থান, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, ওড়িশা আৰু পঞ্জাৱৰ কিছু অংশত গ্ৰীষ্ম প্ৰৱাহ হ্ৰাস পাবলৈ আৰম্ভ কৰিব বুলি বিভাগটোৱে সদৰি কৰিছে। অহা চাৰিদিনৰ ভিতৰত এই অঞ্চলসমূহৰ তাপমাত্ৰা সৰ্বাধিক ২ৰ পৰা ৪ ডিগ্ৰী ছেলছিয়াছ হ্ৰাস পাব বুলি বিভাগটোৱে প্ৰকাশ কৰিছে। অৱশ্যে মধ্য প্ৰদেশ বিদর্ভ আৰু উত্তৰাখণ্ডত আজি গ্রীষ্ম প্ৰৱাহ অব্যাহত থাকিব। ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা অনুসৰি দক্ষিণ-পশ্চিম মৌচুমী কেৰালা তথা উত্তৰ-পূৰ্বাঞ্চলৰ অধিকসংখ্যক স্থানৰ ওপৰেৰে আগবাঢ়িছে। বিভাগটোৱে প্ৰকাশ কৰিছে যে অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা আৰু ছিকিমত পৰৱৰ্তী ছদিনত বিজুলী-ঢেৰেকণিৰে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। বিহাৰ, ঝাৰখণ্ড, পশ্চিমবংগ, ওড়িশা, ছট্টিশগড়, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্ৰত অহা ৩ দিন ধৰি একেই বতৰ অব্যাহত থাকিব। আনহাতে, দক্ষিণ ভাৰতৰ কেৰালা, কৰ্ণাটক, তামিলনাডু, পণ্ডীচেৰী, অন্ধ্র প্রদেশ, তেলেংগানা, লাক্ষাদ্বীপ তথা আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জতো পৰৱৰ্তী ছদিনত মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। 

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।