ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়াক পদৰ পৰা অপসাৰণ

♦ ওদালগুৰি আৰু মঙলদৈ জিলাৰ নিৰ্বাচনী বিষয়া দুগৰাকীক আজি ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই পদৰ পৰা অপসাৰণ কৰে৷ ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়াই ওদালগুৰি জিলাৰ নিৰ্বাচনী বিষয়া কুলভূষণ পেগু আৰু মঙলদৈৰ নিৰ্বাচনী বিষয়া দেৱাশীষ বৰঠাকুৰক পদৰ পৰা অপসাৰণ কৰে। একেটা আদেশযোগে ওদালগুৰি জিলাৰ অতিৰিক্ত আয়ুক্ত ছৰফৰাজ হকক জিলাখনৰ নিৰ্বাচনী বিষয়া আৰু দৰঙৰ অতিৰিক্ত জিলা আয়ুক্ত মানস কুমাৰ শ‍ইকীয়াক মঙলদৈৰ ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে।