January 5, 2026 12:49 PM

views 36

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি-কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি

সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিজেপি আৰু কংগ্ৰেছকে ধৰি ৰাজনৈতিক দলসমূহৰ তৎপৰতা বৃদ্ধি পাইছে। নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে আজিৰেপৰা ৰাজ্যজুৰি দেৱাল লিখন কাৰ্যসূচীৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়াৰ উপস্থিতিত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই খানাপাৰাৰ কেন্দ্ৰীয় বিদ্যালয়ৰ সন্মুখত এই দেৱাল লিখন কাৰ্যসূচী শুভাৰম্ভ কৰিব। এই কাৰ্যসূচীত বিজেপিৰ সাংসদ মন্ত্রী, বিধায়ক, ৰাজ্যিক মৰ্চাৰ সভাপতি, জিলা পৰিষদৰ সদস্যকে ধৰি সকলো কাৰ্যকৰী সদস্যই অংশ ল'ব। মুখ্যমন্ত্রী ড° শৰ্মাই সমাগত বি...

September 16, 2025 7:37 PM

views 134

বিটিচি নিৰ্বাচনঃ ওদালগুৰিত মুখ্যমন্ত্রীৰ নিৰ্বাচনী প্ৰচাৰ

বিটিচি নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি পৰিবলৈ মাজত মাথো তিনিটা দিন বাকী থকা অৱস্থাত প্ৰচাৰ অভিযান তুংগত উঠিছে। ওদালগুৰি জিলাত বিজেপি দলে ১০ টা সমষ্টিৰ ভিতৰত সাতটাত প্রতিদ্বন্দ্বিতা কৰিছে। জিলাখনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকে ধৰি বিজেপিৰ কেইবাগৰাকীও শীর্ষ নেতাই ব্যাপক প্ৰচাৰ চলাই আছে। ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খালিংদুৱাৰ সমষ্টিত দলীয় প্ৰাৰ্থী অৰ্জুন দৈমাৰীৰ সমৰ্থনত পলাহগড়ত প্ৰচাৰ চলায়। তেওঁ আজি ৰাজগড়ত নোনাই চেৰফাং সমষ্টিৰ প্ৰাৰ্থী ৰণজিৎ তাঁতিৰ হৈ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। সভাত...

April 5, 2025 8:58 PM

views 25

শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যত প্ৰথম পৰ্যায়ত পঞ্চায়ত নির্বাচন হ'বলগীয়া জিলাকেইখনৰ লগতে শ্ৰীভূমি জিলাত পঞ্চায়ত নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে। অধিসূচনা অনুসৰি ১১ এপ্ৰিলৈ চৰকাৰী বন্ধ বাদ দি বাকী দিনসমূহত পুৱা ১১ বজাৰ বিয়লি ৩ বজাৰ ভিতৰত প্ৰাৰ্থীয়ে কাৰ্যালয়ৰ কৰ্তৃত্বপ্রাপ্ত বিষয়াক মনোনয়ন পত্র প্ৰাৰ্থীয়ে নিজে বা প্ৰস্তাৱকৰ জৰিয়তে দাখিল কৰিব পাৰিব। ১২ এপ্ৰিলৰ পুৱা ১০.৩০ বজাৰ পৰা একে স্থানতে মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব। ১৭ এপ্ৰিলৰ বিয়লি ৩ বজাৰ ভিতৰত একেস্থানতে মনোনয়ন প্ৰত্যাহাৰৰ বাবে দাখিল কৰিব পাৰিব। জিল...

March 18, 2025 9:11 PM

views 18

২ এপ্ৰিলত ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন

অহা ২ এপ্ৰিলত হ'বলগীয়া ৰাভা-হাচং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ ভোটগ্রহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে নিয়োগ কৰা মাণ্ডলিক বিষয়া আৰু ছেক্টৰ বিষয়াসকলৰ সৈতে আজি গোৱালপাৰা জিলা প্ৰশাসনৰ এখন বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত তথা ৰিটার্নিং বিষয়া খনীন্দ্ৰ চৌধুৰীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিষয়াসকলৰ পৰা ভোটগ্রহণ কেন্দ্ৰসমূহৰ বিষয়ে বুজ লোৱা হয়। এই বৈঠকত নিৰ্বাচনৰ বাবে অহা পৰ্যবেক্ষক ৰঞ্জিত কুমাৰ লস্কৰ আৰু ত্ৰিপুৰেন্দ্ৰ পাৰ্টৰ উপস্থিত থাকে। উল্লেখযোগ্য যে এই নিৰ্বাচনৰ মনোনয়ন পত্ৰসমূহ কালি পৰীক্ষা ...

October 18, 2024 12:28 PM

views 47

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি

ৰাজ্যৰ ৫টা সমষ্টিত হ’বলগীয়া উপ-নিৰ্বাচনৰ বাবে আজি অধিসূচনা জাৰি কৰা হৈছে। ইয়াৰ লগে লগে সমষ্টিকেইটাত বিজেপি, কংগ্ৰেছ, অগপ, এ ইউ ডি এফ, তৃণমূল কংগ্ৰেছ, বিপিএফ, ইউ পি পি এলকে ধৰি বিভিন্ন ৰাজনৈতিক দলসমূহৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি কংগ্ৰেছ নেতৃত্বাধীন সংযুক্ত বিৰোধী মৰ্চাৰ এখন বৈঠক অনুষ্ঠিত হৈছে। বৈঠকত কংগ্ৰেছৰ তত্ত্বাৱধায়ক ড০ জিতেন্দ্র সিং উপস্থিত থাকে। বৈঠকত কংগ্ৰেছৰ নেতাসকলৰ লগতে বিৰোধী মৰ্চাৰ নেতাসকলো উপস্থিত থাকে। এই বৈঠকতে আসন্ন উপ-নির্বাচনৰ বাবে প্রার্থিত্বৰ ভাগ-বাটোৱাৰা সন্দ...

August 7, 2024 7:44 PM

views 24

অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা নিৰ্বাচন আয়োগৰ

নিৰ্বাচন আয়োগে অসমৰ দুখন আসনসহ ৯ খন ৰাজ্যৰ ১২ খন ৰাজ্যসভা আসনৰ নিৰ্বাচনৰ সূচী ঘোষণা কৰিছে। অসমৰ সৰ্বানন্দ সোণোৱাল আৰু কামাখ্যা প্ৰসাদ তাছা শেহতীয়া লোকসভালৈ নিৰ্বাচিত হোৱা খালী হোৱা আসন দুখনৰ বাবে নির্বাচন হ'ব। অহা ১৪ আগষ্টত নিৰ্বাচনৰ অধিসূচনা জাৰি কৰা হ'ব। ইচ্ছুক প্ৰাৰ্থীয়ে ২১ আগষ্ট পর্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব আৰু ২২ আগষ্টত মনোনয়নসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিন ২৬ আৰু ২৭ আগষ্ট ধাৰ্য কৰা হৈছে। ৩ ছেপ্তেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ'ব।

June 4, 2024 5:27 PM

views 18

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ইতিমধ্যে ৪খন আসনত জয়লাভ কৰাৰ উপৰি ৯৩ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। কৰ্ণাটকৰ হাভেৰি সমষ্টিৰ পৰা বিজেপিৰ বাসৱৰাজ বোম্মাই বিজয়ী হৈছে। মধ্য প্ৰদেশৰ ইন্দোৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী শংকৰ লালৱানি জয়ী হৈছে। মেঘালয়ৰ তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছলেং এ চাংমা এন পি পিৰ আগাথা কে ছাংমা...

June 4, 2024 4:44 PM

views 17

ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ২ খন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰি আছে

♦ দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে দুখন আসনত জয় লাভ কৰাৰ লগতে আন ২৩৮ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে এখন আসনত জয়লাভ কৰাৰ উপৰি ৯৮ খন আসনত আগবাঢ়ি আছে। গুজৰাটৰ চুৰাট আসনত ইতিমধ্যে বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। উল্লেখযোগ্য যে চৰকাৰ গঠনৰ বাবে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ যিকোনো এটা দলকে ২৭২ খন আসনৰ প্ৰয়োজন হ'ব। ৰাজস্থানৰ জয়পুৰ চহৰ সমষ্টিত বিজেপিৰ মঞ্জু শৰ্মা আৰু কৰ্ণাটকৰ চিত্ৰদুৰ্গ সমষ্টিত বিজেপিৰ গোবিন্দ মাকথাপ্পা কার্জ’ল বিজয়ী হৈছে। আনহাতে, ...

June 4, 2024 4:15 PM

views 40

অসমত বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত আজি পুৱাৰে পৰা লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ প্ৰক্ৰিয়া পূর্ণগতিত অব্যাহত আছে। গণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপি মিত্রজোঁটে ১০ খন আৰু কংগ্ৰেছৰ প্ৰাৰ্থীয়ে ৪ খন আসনত অগ্ৰগতি লাভ কৰি আছে। দৰং-ওদালগুৰি সমষ্টিত বিজেপিৰ দিলীপ শ‍ইকীয়া নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছৰ প্ৰাৰ্থী মাধৱ ৰাজবংশীতকৈ প্রায় এক লাখ ৯৬ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। যোৰহাটত কংগ্ৰেছ দলৰ গৌৰৱ গগৈ, বিজেপিৰ তপন কুমাৰ গগৈতকৈ সামগ্রিকভাৱে এক লাখ ২৩ হাজাৰৰো অধিক ভোটত আগবাঢ়ি আছে। আনহ...

June 1, 2024 1:57 PM

views 15

৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে জিলা প্রশাসনৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ

অহা ৪ জুনত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ বাবে ৰাজ্যৰ জিলা প্রশাসনসমূহৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। ৰাজ্যৰ ৫০ খন জিলাৰ নিৰ্বাচনী জিলাত স্থাপিত ৫২টা ভোটগ্রহণ কেন্দ্ৰত ভোটগণনাৰ বাবে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে। বৰপেটা লোকসভা সমষ্টিৰ অধীনৰ বঙাইগাঁও বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে প্ৰস্তুতিৰ বিষয়ে প্রকাশ কবি প্রশাসনে জনাইছে যে, ৪ জুনৰ পুৱা ৮ বজাৰ পৰা বঙাইগাঁও মহাবিদ্যালয়ৰ মুঠ ১৪ খন মেজত ১৬টা দফাত গণনা কার্য সম্পন্ন হ'ব। লোকসভা নিৰ্বাচনৰ ভোটগণনাক কেন্দ্ৰ কৰি ওদালগুৰি জিলা প...