নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে

♦ নির্বাচন আয়োগে ওদালগুৰি জিলাৰ আয়ুক্তক বদলিৰ নিৰ্দেশ দিছে। কালি জাৰি কৰা এই নিৰ্দেশত জিলা আয়ুক্তগৰাকীক সোনকালে জিলাখনৰ তেওঁৰ পৰৱৰ্তী জ্যেষ্ঠ বিষয়াগৰাকীক দায়িত্ব অর্পণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

Read More : 

উল্লেখযোগ্য যে, জিলাখনত ভি ভি পেট মেছিনৰ পৰীক্ষণৰ সময়ত এটা মেছিনৰ সন্ধান লাভ নকৰাৰ সন্দৰ্ভত মুখ্য নির্বাচনী বিষয়াৰ কাৰ্যালয়ে অনুসন্ধান কৰি দেশৰ নিৰ্বাচন আয়োগলৈ প্ৰতিবেদন প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে আয়োগে এই নিৰ্দেশ জাৰি কৰে। আয়োগে দেশৰ আন ৪ খন ৰাজ্যৰ ৮ খন জিলাৰ দণ্ডাধীশ আৰু ১২ গৰাকী আৰক্ষী অধীক্ষকক বদলিৰ নিৰ্দেশ দিছে।