January 23, 2026 5:16 PM

views 14

ওদালগুৰিত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ

■ ওদালগুৰি জিলাত আজি ৰাজ্য চৰকাৰৰ বিনামূলীয়া চাইকেল বিতৰণ আঁচনিৰ অধীনত শিক্ষাৰ্থীৰ মাজত ৬,৪৩৪খন চাইকেল বিতৰণ কৰা হয়। অনুষ্ঠানত বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদস্য ৰিহণ দৈমাৰী আৰু বিটিচিৰ পাৰিষদ অর্জুন দৈমাৰীৰ লগতে জিলা প্ৰশাসনৰ ভালেমান বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

December 5, 2025 6:46 PM

views 16

ওদালগুৰি জিলাৰ কলাইগাঁওত আৰক্ষীৰ বুজন পৰিমাণৰ ভাং জব্দ

ওদালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত গৰুবন্ধা চ'কত আজি আৰক্ষীয়ে এজন ব্যক্তিৰ জিম্মাৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰিবলৈ সমর্থ হয়। এটা গোপন সূত্ৰৰ ভিত্তিত এখন যাত্রীবাহী বাছত অভিযান চলাই মঙলদৈ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দন বৰাৰ নেতৃত্বত এই ভাংখিনি জব্দ কৰা হয়। এই সংক্রান্তত অধিক তথ্যৰ বাবে ধৃত ব্যক্তিজনক আৰক্ষীয়ে সোধা-পোছা কৰি আছে।

June 19, 2025 12:41 PM

views 32

ওদালগুৰিৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক ধৰিত্ৰী আবা জন ভাগিদাৰী শিবিৰ অনুষ্ঠিত

ওদালগুৰি জিলা প্ৰশাসনৰ উদ্যোগত ধৰিত্ৰী আবা জন ভাগিদাৰী অভিযানৰ অধীনত ওদালগুৰি জিলাৰ বিভিন্ন ব্লক আৰু ভি চি ডি চি এলেকাত দৈনিক শিবিৰ অনুষ্ঠিত হৈ আহিছে। এই শিবিৰৰ জৰিয়তে জনসাধাৰণক আধাৰকাৰ্ডৰ নামভৰ্তি, বিধৱা আৰু দিব্যাংগ পেন্সনৰ বাবে আবেদন আৰু সাহায্য, প্রধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ অধীনত পঞ্জীয়ন আৰু আন বহুতো কল্যাণমূলক আঁচনি আৰু প্ৰাপ্যৰ ক্ষেত্ৰত সেৱা আগবঢ়োৱা হৈছে।

May 29, 2025 8:37 PM

views 29

ওদালগুৰিত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ পর্যালোচনা বৈঠকত

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে আজি ওদালগুৰি জিলাত ৰূপায়ণ হৈ থকা বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ সন্দৰ্ভত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পর্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য তথা বিধায়ক গোবিন্দ বসুমতাৰী, জিলা আয়ুক্ত পুলক পাটগিৰিকে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়া উপস্থিত থাকে। শ্রীদাসে জিলাখনৰ বাবে আৱণ্টিত হোৱা ৯২ হাজাৰ গৃহৰ বাকী থকা গৃহ নিৰ্মাণৰ কামসমূহ ১৪ আগষ্টৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ কাম-কাজৰ পৰ্যা...

April 21, 2025 7:51 PM

views 20

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেইবাগৰাকীও ব্যক্তিক সম্বৰ্দ্ধনা জ্ঞাপন

নিখিল ৰাভা জাতীয় পৰিষদৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত সংগঠনটোক এসময়ত নেতৃত্ব দিয়া কেইবাগৰাকীও ব্যক্তিক আজি সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৱে জিলাখনৰ কেইবাগৰাকীও প্রয়াত নেতাৰ ঘৰে ঘৰে গৈও তেওঁলোকক মৰণোত্তৰভাৱে সন্মান প্ৰদান কৰে। সংগঠনটোৱে বঁটাবাৰী গাঁৱৰ জ্যেষ্ঠ নাগৰিক দেৱেন ৰাভা, চমুৱাপাৰাৰ মংগল ৰাভা আৰু মৌ গাঁৱৰ জনকু ৰাভাৰ লগতে মৰণোত্তৰভাৱে প্ৰয়াত ডাঃ যতীন ৰাভা আৰু পাহুৰাম ৰাভাক সম্বৰ্দ্ধনা জনায়।

April 10, 2025 8:04 PM

views 30

ওদালগুৰিত অসমী ৰুৰেল মাৰ্ট বিপনী মুকলি

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু নাবাদৰ সহযোগত আজি ওদালগুৰি জিলাত অসমী ৰুৰেল মাৰ্ট নামৰ এখন বিপনী মুকলি কৰা হয়। জিলা আয়ুক্ত পুলক পাটগীৰিয়ে এই বিপনী মুকলি কৰি ইয়াৰ জৰিয়তে জিলাৰ মহিলাসকলে নিজৰ উৎপাদিত সামগ্ৰী বিক্ৰীৰে আত্ম নিৰ্ভৰশীল হ'বলৈ সক্ষম হ'ব বুলি আশা প্ৰকাশ কৰে। জিলাখনৰ বেথেলেহম মণ্ডল পৰ্যায়ৰ জ্যোতিৰেখা আত্মসহায়ক মহিলা গোটে এই বিপনীখন পৰিচালনাৰ দায়িত্ব লাভ কৰিছে।

December 26, 2024 8:16 PM

views 36

বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ ব্যাপক প্রস্তুতি অব্যাহত

ওদালগুৰি জিলাৰ ডিমাকুছিৰ নিকটৱৰ্তী দৈমু নগৰ পথাৰত অহা ৯ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে হ'বলগীয়া বড়ো সাহিত্য সভাৰ ৬৪ সংখ্যক কেন্দ্ৰীয় অধিৱেশনৰ বাবে ব্যাপক প্রস্তুতি চলিছে। ইয়াৰ বাবে সুসজ্জিত তোৰণ, বিশাল মঞ্চ, প্রতিনিধি শিবিৰ আদি গঢ়ি তোলা হৈছে। বড়ো জাতি জনগোষ্ঠীৰ ঐতিহ্য, পৰম্পৰা, ভাষা-সাহিত্য-সংস্কৃতিক নৱপ্ৰজন্মৰ মাজত পৰিচয় কৰি দিয়াৰ উদ্দেশ্যে এখন বিশেষ প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ওদালগুৰিৰ সংবাদদাতাই জনোৱা মতে বড়ো সাহিত্য সভাৰ এই অধিৱেশনত বাংলাদেশ, নেপাল, ভুটান, আদিকে ধৰি উ...

December 19, 2024 8:13 PM

views 35

ওদালগুৰিৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু ৯৮ সংখ্যক ওপজা দিন পালন

ওদালগুৰি জিলাৰ বৰঙাজুলি শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আজি সত্ৰাধিকাৰ ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান অনুষ্ঠান আৰু তেওঁৰ ৯৮ সংখ্যক ওপজা দিন পালন কৰা হয়। প্রয়াত মহন্তই স্থাপন কৰা সত্ৰসমূহৰ ভিতৰত বৰঙাজুলি সত্ৰত মাত্ৰ বড়ো জনগোষ্ঠীৰ সত্ৰাধিকাৰ আছিল। পুৱাৰ ভাগৰ অনুষ্ঠানৰ পাছত পুৰী প্ৰকল্পৰ সভানেত্রী কণিকা পাঠকক ভকত শিৰোমণি হৰেকৃষ্ণ মহন্ত বঁটা প্ৰদান কৰা হয়।

September 28, 2024 7:48 PM

views 42

ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে ওদালগুৰি জিলাৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহৰ অংশ হিচাপে আজি ওদালগুৰি জিলাতো সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত মোৱামাৰী প্ৰাথমিক বিদ্যালয়ত বিশেষ কাৰ্যসূচী হাতত লোৱা হয়। স্থানীয় লোক বিশেষকৈ মাতৃগোটসমূহক যোগ আৰু আয়ুস চিকিৎসাৰ জৰিয়তে সুস্বাস্থ্য গঢ় দিয়াৰ ক্ষেত্ৰত সজাগ কৰাৰ সমান্তৰালকৈ এই কাৰ্যসূচীত পুষ্টিকৰ খাদ্য, শিশু স্বাস্থ্য ইত্যাদি বিষয়ত প্রদর্শনীমূলক কাৰ্যসূচী হাতত লোৱা হয়। অনুষ্ঠানত ওদালগুৰিৰ শিশু উন্নয়ন প্রকল্প বিষয়াগৰাকীয়ে পোষণ মাহ উপলক্ষে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপসমূহৰ বিষয়ে উল্লেখ কৰে। ইফালে, স...

September 7, 2024 6:34 PM

views 25

ওদালগুৰিত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত

ওদালগুৰি জিলাত আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত আজি স্বাস্থ্য প্ৰতিষ্ঠা পঞ্জীয়ন অনুষ্ঠিত হয়। এই পঞ্জীয়নৰ জৰিয়তে স্বাস্থ্য সেৱাৰ সৈতে জড়িত চিকিৎসক, নাৰ্ছকে ধৰি চিকিৎসালয়, ক্লিনিক, পৰীক্ষাগাৰ আৰু ফাৰ্মাচী আদি ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ সকলো প্ৰতিষ্ঠান আয়ুষ্মান ভাৰত ডিজিটেল মিছনৰ অধীনত পঞ্জীয়ন কৰা হয়।