খেল

June 25, 2025 9:56 PM

views 15

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ ফাইনেলত তামিলনাডু-মহাৰাষ্ট্র

পুৰুষৰ হকী ইণ্ডিয়া মাষ্ট্ৰাছ ক্লাব প্ৰতিযোগিতাৰ প্ৰথমখন ছেমিফাইনেলত তামিলনাডুৱে আজি চণ্ডীগড়ক ৩ গ’লত পৰাজিত কৰে। দ্বিতীয়খন ছেমিফাইনেল মহাৰাষ্ট্ৰই-ওড়িশাক ৪-১ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰিছে। পৰহিলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাৰ ফাইনেল খেলত তামিলনাড়ু-মহাৰাষ্ট্ৰৰ মুখামুখি হ'ব।

June 25, 2025 8:47 PM

views 16

হাৰিয়ানাৰ ৰ’হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত অসমৰ চাৰিটা ব্ৰঞ্জৰ পদক

অসমে হাৰিয়ানাৰ ৰ'হটকত অনুষ্ঠিত ১৭ বছৰ অনূৰ্ধ্ব ষষ্ঠ ৰাষ্ট্ৰীয় জুনিয়ৰ বক্সিং প্রতিযোগিতাত চাৰিটা ব্ৰঞ্জৰ পদকেৰে অভিযান সামৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমৰ হৈ মনিকা দলে ৪৪ৰ পৰা ৪৬, নমিতা সিঙে ৫২ৰ পৰা ৫৬, ধান্তি শ‍ইকীয়াই ৬০ৰ পৰা ৬৩ আৰু জয়শ্ৰী ডেকাই ৭৫ৰ পৰা ৯০ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদ...

June 24, 2025 8:58 PM

views 15

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান

হেডিংলী টেষ্টত ইংলেণ্ডৰ অপেনাৰদ্বয়ৰ দৃঢ় বেটিঙেৰে ঘৰুৱা দলটো জয়ৰ কঠিন লক্ষ্যৰ ফালে ধাৱমান হৈছে। আজি খেলখনৰ পঞ্চম তথা অন্তিম দিনা ইংলেণ্ডে কালি কোনো উইকেট নেহেৰুৱাকৈ সংগ্ৰহ কৰা ২১ ৰানৰ পৰা খেলিবলৈ লৈ ভোজন বিৰতিৰ পৰলৈকে কোনো উইকেটৰ পতন নঘটাকৈ দ্বিতীয় ইনিংছত ১২০ ৰান সংগ্ৰহ কৰে। ভোজন বিৰতিৰ পিছত খেল ...

June 24, 2025 7:13 PM

views 17

অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত নীৰজ চোপ্ৰাৰ অংশগ্রহণ

জেকিয়াত আজি হ'বলগীয়া অষ্ট্ৰাভা গোল্ডেন স্পাইক ২০২৫ এথলেটিকত ভাৰতৰ তাৰকা খেলুৱৈ তথা বিশ্ব জেভলিন চেম্পিয়ন নীৰজ চোপ্ৰাই অংশগ্রহণ কৰিব। ভাৰতীয় সময় অনুসৰি আজি নিশা চাৰে দহ বজাত নীৰাজ চোপ্ৰাৰ প্ৰদৰ্শন আৰম্ভ হ'ব। উল্লেখযোগ্য, যে খেলুৱৈগৰাকীয়ে ২০২৩ আৰু ২০২৪ দুয়োটা বর্ষতে গোল্ডেন স্পাইকত প্রতিদ্বন্দ্...

June 24, 2025 7:12 PM

views 14

ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন স্পীনাৰ দিলীপ দোছিৰ মৃত্যু

ভাৰতীয় ক্রিকেট দলৰ প্ৰাক্তন বাওঁহতীয়া স্পীনাৰ দিলীপ দোছিৰ যোৱানিশা লণ্ডনত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৭ বছৰ। ৩২ বছৰ বয়সত ভাৰতীয় টেষ্ট দলত অন্তৰ্ভুক্ত হোৱা দিলীপ দোছীয়ে ভাৰতৰ হৈ ৩৩ খন টেষ্ট মেচ খেলি ১১৪ টা উইকেট অধিকাৰ কৰে। কপিল দেৱৰ নেতৃত্বাধীন ভাৰতীয় ...

June 23, 2025 7:54 PM

views 22

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা ৩ দিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত

গোৱালপাৰা সৈনিক স্কুলত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে পূব ভাৰতৰ আন্তঃ সৈনিক স্কুল হকী প্রতিযোগিতা অনুষ্ঠিত হৈছে। ১৫ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ১৭ বছৰ অনুৰ্ধৰ ল'ৰা আৰু ছোৱালীৰ বাবে এই প্ৰতিযোগিতা জিলা আৰক্ষী অধীক্ষক তথা সৈনিক স্কুলখনৰ প্ৰাক্তন ছাত্ৰ নৱনীত মহন্তই শুভাৰম্ভ কৰে। শ্ৰী মহন্তই উদ্বোধনী ভাষণত ...

June 23, 2025 7:52 PM

views 16

হেডিংলী টেষ্টৰ চতুর্থ দিনত ভাৰতৰ দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ

হেডিংলী টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে দ্বিতীয় ইনিংছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰত্যাহ্বানমূলক স্কৰ কৰাৰ দিশত অগ্ৰসৰ হৈছে। কালি ২ উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা ৯০ ৰাণৰ পৰা দ্বিতীয় ইনিংছ আৰম্ভ কৰি ভাৰতে সোনকালেই অধিনায়ক শুভমন গীলৰ উইকেট হেৰুৱায়। তৃতীয় উইকেটৰ পতনৰ পাছত উপ- অধিনায়ক ঋষভ পণ্ট বেট কৰিবলৈ আহে আ...

June 23, 2025 5:40 PM

views 17

হেডিংলি টেষ্টৰ চতুর্থ দিনত ভাৰতে তৃতীয় দিনত সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব

হেডিংলি টেষ্টৰ আজি চতুর্থ দিনা ভাৰতে কালি তৃতীয় দিনা সংগ্ৰহ কৰা ৯০ ৰানৰ পৰা খেল পুনৰ আৰম্ভ কৰিব। কালি দিনান্তত কে এল ৰাহুলে ৪৭ ৰান আৰু অধিনায়ক শুভমন গীলে ৬ ৰান কৰি বেট ধৰি আছিল৷ ইয়াৰ পূৰ্বে ইংলেণ্ডে ভাৰতৰ প্ৰথম ইনিংছৰ ৪৭১ ৰানৰ প্ৰত্যুতৰত আটাইকেইটা উইকেট হেৰুৱাই ৪৬৫ ৰান সংগ্ৰহ কৰে। ফলত ভাৰতে খেলখন...

June 22, 2025 8:09 PM

views 17

২০২৬ চনৰ পুৰুষৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত

ভাৰত আৰু শ্ৰীলংকাত হ'বলগীয়া ২০২৬ চনৰ আই চি চি পুৰুষৰ টি টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাত কানাডাৰ অংশগ্রহণ নিশ্চিত হৈছে। আমেৰিকা কোৱালিফায়াৰ প্ৰতিযোগিতাত বাহামাজৰ বিৰুদ্ধে জয়লাভ কৰি একেৰাহে পঞ্চমখন খেলত বিজয় সাব্যস্ত কৰাৰ জৰিয়তে কানাডাই বিশ্বকাপ প্রতিযোগিতাৰ বাবে নিজৰ স্থান নিশ্চিত কৰে। মা...

June 21, 2025 8:29 PM

views 38

ভিয়েটনামৰ ভুং টাঅ’ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ মহিলা মল্লযোদ্ধাসকলৰ দলীয় খিতাপ অৰ্জন

ভাৰতৰ মহিলা মল্লযোদ্ধাসকলে ১০ টা শাখাৰ প্ৰতিটোতে পদক জয় কৰি ভিয়েটনামৰ ভুং টাঅ'ত অনুষ্ঠিত ২৩ বছৰ অনুৰ্ধৰ এচিয়ান চেম্পিয়নশ্বিপৰ দলীয় খিতাপ অৰ্জন কৰিছে। ভাৰতে এই প্ৰতিযোগিতাত চাৰিটা সোণ আৰু পাঁচটা ৰূপৰ পদক লাভ কৰিছে। প্রিয়াংঞ্চি প্রজাপতে ৫০ কিলোগ্ৰাম, ৰিনাই ৫৫ কিলোগ্ৰাম, সৃষ্টিয়ে ৬৮ কিলোগ্ৰাম আৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।