খেল

July 9, 2025 2:41 PM

views 19

উইম্বলডন টেনিছ প্রতিযোগিতাৰ কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ’ব

উইম্বলডন টেনিছ প্রতিযোগিতাত আজি লণ্ডনৰ অল ইংলেণ্ড ক্লাবত কেইবাখনো কোৱাৰ্টাৰ ফাইনেল খেল অনুষ্ঠিত হ'ব। পুৰুষৰ ছিংগলছত ইটালীৰ জানিক চিনাৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বেন ছেণ্টনৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। পুৰুষ শাখাৰ আন এখন খেলত ইটালীৰ ফ্লেভিঅ' কোবোলীয়ে ২৪টাকৈ গ্রেণ্ড শ্লেম খিতাপ বিজয়ী ছাৰ্বিয়াৰ ন'ভাক জ'ক'ভিছৰ...

July 7, 2025 1:46 PM

views 17

অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটা ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদানৰ সিদ্ধান্ত অসম অলিম্পিক সন্থাৰ

ক্রীড়া এতিয়া কেৱল এক অতিৰিক্ত কার্যকলাপ নহয়, ৰাষ্ট্ৰ নিৰ্মাণৰ গুৰুত্বপূর্ণ স্তম্ভ- অসম অলিম্পিক সন্থাৰ সভাপতি সৰ্বানন্দ সোণোৱালে কালি নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে তিনিটাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰি এইদ...

July 7, 2025 1:37 PM

views 17

এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাৰ দ্ৱিতীয় টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাস্ত ভাৰতৰ

এজবেষ্টন টেষ্টত ইংলেণ্ডক ৩৩৬ ৰানত পৰাজিত কৰি এণ্ডাৰছন-তেণ্ডুলকাৰ টেষ্ট শৃংখলাত ভাৰতে ১-১ৰ সমতা কৰিছে। খেলখনৰ কালি পঞ্চম দিনা ভাৰতে ইংলেণ্ডৰ দ্বিতীয় ইনিংছৰ বাকী থকা ৭টা উইকেট দখল কৰি এই ঐতিহাসিক বিজয় সাব্যস্ত কৰে। এয়া হৈছে ৫৮ বছৰৰ পাছত এজবেষ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ প্ৰথম জয়লাভ। কালি পঞ্চম দিন...

July 6, 2025 8:38 PM

views 25

অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ’ব

অর্জুন ভোগেশ্বৰ বৰুৱাৰ নামেৰে ৩ টাকৈ ৰাষ্ট্ৰীয় ক্রীড়া বঁটা প্ৰদান কৰা হ'ব। অসম অলিম্পিক সন্থাৰ সভাপতি সর্বানন্দ সোণোৱালে আজি এই কথা সদৰি কৰিছে। নেহৰু ষ্টেডিয়ামৰ অসম অলিম্পিক সন্থাৰ কার্যালয়ত আযোজিত সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দেশৰ ক্ৰীড়া ক্ষেত্ৰক আগবঢ়াই নিয়াত প্রধানমন্ত্ৰী নৰে...

July 6, 2025 1:45 PM

views 19

ডিব্ৰুগড় জিলা ক্রীড়া সন্থাৰ উদ্যোগত খেলুৱৈৰ বাবে আয়োজিত গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ  সামৰণি

ডিব্ৰুগড় জিলা ক্রীড়া সন্থাই যোৱা ২ জুলাইৰ পৰা খেলুৱৈসকলৰ বাবে আয়োজন কৰা গ্রীষ্মকালীন ৪ দিনীয়া শিবিৰৰ কালি সামৰণি পৰে। খেল পথাৰত এগৰাকী খেলুৱৈয়ে নিজকে মানসিকভাৱে প্ৰস্তুত কৰিবলৈ কেনেধৰণৰ পৰিকল্পনা কৰিব লাগে, সেই বিষয়ে খেলুৱৈসকলক প্ৰশিক্ষণ দিয়া হয়। এই শিবিৰত অসম ক্রিকেট সন্থাৰ স্বীকৃতিপ্রাপ্ত ...

July 5, 2025 8:48 PM

views 20

পেৰা আৰ্চাৰী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি

বেইজিঙত অনুষ্ঠিত পেৰা আৰ্চাৰী এছিয়ান চেম্পিয়নশ্বিপত ভাৰতীয় পেৰা ধনুৰ্বিদে আজি দুটা সোণৰ পদক অৰ্জন কৰে। ইয়াৰ ফলত ভাৰতৰ মুঠ পদকৰ সংখ্যা সাতলৈ বৃদ্ধি পালে। শীতল দেৱী আৰু জ্যোতিক লৈ গঠিত ভাৰতীয় কম্পাউণ্ড দলটোৱে চীনৰ দলটোক ১৪৮-১৪৩ ফলাফলত পৰাজিত কৰি সোণৰ পদক হস্তগত কৰে। হৰবিন্দ সিং আৰু ভাবনাই মিক্স ৰ...

July 4, 2025 12:17 PM

views 21

শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ

ভাৰতৰ এন শ্রীৰাম বালাজীয়ে উইম্বলডন টেনিচ প্রতিযোগিতাৰ পুৰুষৰ ডাবলছৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। বালাজী আৰু মেক্সিক'ৰ মিণ্ডবেল ৰেয়েছ-ববেলাই কালি লগুনত অনুষ্ঠিত প্রতিযোগিতাৰ প্ৰথম ৰাউণ্ডৰ এখন খেলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ লার্নাৰ টিয়েন আৰু আলেকজেণ্ডাৰ ক'ভাছেভিকক ৬-৪, ৬-৪ পোনপটীয়া ছেটত পৰাস্ত কৰে। বালাজ...

July 4, 2025 1:08 PM

views 34

Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাত ডি গুকেশৰ অগ্ৰগতি

বিশ্ব চেম্পিয়ন ডি গুকেশে কালি Super United Rapid & Blitz Croatia দবা প্ৰতিযোগিতাৰ ৰেপিড শিতানৰ ষষ্ঠ ৰাউণ্ডত বিশ্বৰ ১ নম্বৰ স্থানৰ খেলুৱৈ আৰু পাঁচবাৰৰ চেম্পিয়ন মেগনাছ কাৰ্লছেনক পৰাস্ত কৰে। ইয়াৰ পূৰ্বে গুকেশে নৰৱে দবা প্ৰতিযোগিতাত কাৰ্লছেনক পৰাজিত কৰিছিল। গুকেশে একেৰাহে পাঁচখন খেলত জয়লাভ কৰি ১...

July 3, 2025 8:31 PM

views 36

ৰাঁচীত পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ উদ্বোধন

পঞ্চদশ হকী ইণ্ডিয়া চাব জুনিয়ৰ ৰাষ্ট্ৰীয় মহিলা চেম্পিয়নশ্বিপ ২০২৫ আজি ৰাঁচীৰ মাৰাং গম্‌কে জয়পাল সিং হকী ষ্টেডিয়ামত ঝাৰখণ্ডৰ ক্ৰীড়া মন্ত্ৰী সুবিদ্য কুমাৰে উদ্বোধন কৰে। হকী কৰ্ণাটক আৰু কেৰালা হকীৰ মাজত আজি অনুষ্ঠিত উদ্বোধনী মেচখন হয়। পুল চিৰ আজি পুৱা অনুষ্ঠিত তিনিখন খেলত হকী হিমাচল প্রদেশ দলটোৱে...

July 3, 2025 1:25 PM

views 18

আমেৰিকাৰ বার্মিংহামত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইৰ স্বর্ণপদক

আমেৰিকাৰ বার্মিংহামত চলিত বিশ্ব আৰক্ষী চেম্পিয়নশ্বিপত অসমৰ ৰিম্পী বুঢ়াগোহাঁইয়ে লং জাম্প ইভেণ্টত স্বর্ণপদক জয় কৰিছে। অসম ৰাইফল্‌ছক প্রতিনিধিত্ব কৰা অসম কন্যাগৰাকীয়ে ২১ ফুট জঁপিয়াই এই পদক অৰ্জন কৰে। শিৱসাগৰ জিলাৰ বকতাৰ জীয়ৰী ৰিম্পী বৰ্তমান অসম ৰাইফল্‌ছত কৰ্মৰত।

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।