খেল

July 19, 2025 12:28 PM

views 37

উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

অসম আৰ্চাৰী একাডেমী ডিব্ৰুগড়ৰ উদ্যোগত আৰু অসম আৰ্চাৰী সন্থা, ডিব্ৰুগড় জিলা ক্রীড়া সন্থা তথা ডিব্ৰুগড় ক্রীড়া বিষয়াৰ কাৰ্যালয়ৰ সহযোগত উজনি অসমত প্ৰথমবাৰলৈ আৰ্চাৰী খেলৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। মণিপুৰৰ প্ৰশিক্ষক ছানাটোম্বা সিঙে প্রশিক্ষণ দি থকা আৰু শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা এই শিবিৰ...

July 18, 2025 10:57 AM

views 29

অইল আইটা ছুপাৰ ছিৰিজ টেনিছত কৃষ্টি হালৈৰ ফাইনেলত প্ৰৱেশ

■ অসমৰ কৃষ্টি হালৈয়ে গুৱাহাটীত চলি থকা অইল আইটা ছুপাৰ ছিৰিজ টেনিছ প্রতিযোগিতাৰ ছোৱালীৰ ছিংগলছৰ ১২ আৰু ১৪ বছৰ অনুৰ্থ উভয় শাখাৰে ফাইনেলত প্ৰৱেশ কৰিছে। কৃষ্টিয়ে কালি ১৪ বছৰ অনুৰ্থ শাখাৰ ছেমি ফাইনেলত অসমৰে সংস্কৃতি বৰাক ৬-১, ৬-৪ ছেটত পৰাস্ত কৰে।

July 17, 2025 2:00 PM

views 12

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ

ৱেষ্ট ইণ্ডিজৰ তাৰকা খেলুৱৈ অল ৰাউণ্ডাৰ আন্দ্ৰে ৰাছেলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল'ব। খেলুৱৈগৰাকীয়ে অহা ২০ আৰু ২২ জুলাইত ঘৰুৱা খেলপথাৰ ছাবিনা পাৰ্কত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টী-২০ৰ প্ৰথম দুখন খেলত অংশগ্রহণেৰে তেওঁৰ অন্তিম দুখন আন্তঃৰাষ্ট্ৰীয় খেল খেলিব। উল্লেখযোগ্য যে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে হ'...

July 17, 2025 1:59 PM

views 16

ভাৰত-ইংলেণ্ডৰ তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত ইংলেণ্ড চাৰি উইকেটত পৰাস্ত

ভাৰত আৰু ইংলেণ্ডৰ মাজত ছাওথাম্পটনৰ ৰ'জ বাউলত অনুষ্ঠিত তিনিখনীয়া এদিনীয়া শৃংখলাৰ প্ৰথমখন খেলত কালি নিশা ভাৰতে ঘৰুৱা দলটোক চাৰি উইকেটত পৰাস্ত কৰে। খেলখনত ইংলেণ্ডে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লয় আৰু নিৰ্ধাৰিত ৫০ অ’ভাৰত ছটা উইকেট হেৰুৱাই ২৫৮ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ হৈ ছফিয়া ডাংকলেই ৯২ টা বলত...

July 16, 2025 10:07 PM

views 17

হাটশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰ

দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসনৰ সহযোগত জিলা শিক্ষা বিভাগে হাতশিঙিমাৰীত ছাত্ৰ-ছাত্ৰীৰ বাবে ৭ দিনীয়া গ্রীষ্মকালীন বেডমিণ্টন প্রশিক্ষণ শিবিৰৰ আয়োজন কৰিছে। ১৪ জুলাইৰ পৰা চলি থকা এই বেডমিণ্টন প্ৰশিক্ষণ শিবিৰত অসম বেডমিণ্টন দলৰ প্ৰাক্তন প্রশিক্ষক নুৰাল আখতাৰ হুছেইনে মুখ্য প্রশিক্ষক হিচাপে অংশগ্রহণ ...

July 16, 2025 9:54 PM

views 17

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ ১৭জনীয়া এটি ফুটবল দলে স্পেইন ভ্ৰমণ কৰিব

গুৱাহাটী ক্রীড়া সন্থাৰ উদ্যোগত ৰাজ্যৰ ১৯ বছৰ অনূৰ্ধ্ৱ এটি ১৭জনীয়া ফুটবল দল এইমাহৰ শেষ ভাগলৈ স্পেইনলৈ যাব। এই দলটোৱে স্পেইনত মাৰভেলো ফুটবল ক্লাবত ১৪ দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰিব। এই দলটোত ৭০ সংখ্যক বৰদলৈ ট্ৰফী ফুটবল প্রতিযোগিতাত ভাল প্ৰদৰ্শন কৰা কেইবাগৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰা হৈছে ৷

July 15, 2025 12:17 PM

views 14

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ শৃংখলাত ইংলেণ্ডৰ ২-১ ৰ অগ্রগতি লাভ

এণ্ডাৰ্ছন-তেণ্ডুলকাৰ ট্ৰফীৰ তৃতীয়খন টেষ্টত ইংলেণ্ডে ভাৰতক ২২ ৰানত পৰাস্ত কৰি শৃংখলাত ২-১ৰ অগ্রগতি লাভ কৰিছে। লর্ডছত কালি অনুষ্ঠিত তৃতীয় টেষ্টৰ অন্তিম দিনা ১৯৩ ৰানৰ বিজয় লক্ষ্যৰে খেলিবলৈ নমা ভাৰতে ১৭০ ৰানতেই আটাইকেইটা উইকেট হেৰুৱায়। ৰবীন্দ্ৰ জাদেজা ৬১ ৰানত অপৰাজিত হৈ ৰয়। ইংলেণ্ডৰ বেন ষ্ট’কছ আৰু ...

July 15, 2025 12:13 PM

views 27

জাপান অ’পেন ছুপাৰ-750 প্রতিযোগিতাত সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীৰ ভাৰতক প্রতিনিধিত্ব

আজি টকিঅ'ত আৰম্ভ হ'বলগীয়া জাপান অ'পেন ছুপাৰ-750 প্রতিযোগিতাত ভাৰতৰ শীর্ষ বেডমিণ্টন যুটি সাত্বিক-ছাইৰাজ ৰেংকিৰেড্ডী আৰু চিৰাগ শ্বেট্টীয়ে ডাবলচ্ শাখাত দেশক প্রতিনিধিত্ব কৰিব। মালয়েছিয়া অ'পেন, ইণ্ডিয়া অ'পেন তথা ছিংগাপুৰ অ'পেনৰ ছেমি ফাইনেলত আৰু ইণ্ডোনেছিয়া অ'পেনৰ কোৱাৰ্টাৰ ফাইনেল পৰ্যায়ত শেহতীয়া...

July 15, 2025 12:09 PM

views 23

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলী ফিডে মহিলা দবা বিশ্বকাপৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ আৰ বৈশালী আৰু হৰিকা দ্ৰোণাৱলীয়ে জর্জিয়াৰ বাটুমিত অনুষ্ঠিত ফিডে মহিলা দবা বিশ্বকাপৰ তৃতীয় ৰাউণ্ডৰ এখন খেলত টাই-ব্ৰেকত জয়লাভ কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ভাৰতৰ কনেৰু হাম্পি আৰু দিব্যা দেশমুখো ইতিমধ্যে প্রি- কোৱাৰ্টাৰ ৰাউণ্ডলৈ অগ্ৰসৰ হৈছে। পূৰ্বৰ গেমসমূহ ড্র' হোৱাৰ পাছত ১০+১০ ৰেপি...

July 15, 2025 12:02 PM

views 25

বিহাৰৰ দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫’ৰ খিতাপ অৰ্জন

বিহাৰে দশম জুনিয়ৰ ৰাষ্ট্ৰীয় ৰাগবী 7-S চেম্পিয়নশ্বিপ ২০২৫'ৰ খিতাপ অৰ্জন কৰিছে। দলটোৱে কালি ডেৰাডুনৰ মহাৰাণা প্রতাপ স্প'ৰ্টছ কলেজত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত যোৱাবাৰৰ বিজয়ী ওড়িশাক ১৭-১৫ গ'লত পৰাস্ত কৰি ল'ৰাৰ ১৮ বছৰ অনুৰ্ধৰ খিতাপ দখল কৰে৷ ইয়াৰ পূৰ্বে চণ্ডীগড়, হাৰিয়ানা, পঞ্জাৱ, পশ্চিমবংগ আৰু মহা...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।