খেল

May 17, 2024 12:28 PM May 17, 2024 12:28 PM

views 13

আই পি এল ক্রিকেটত আজি ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ছানৰাইজাৰ্ছ হায়দৰাবাদে প্রতিযোগিতাত প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু গুজৰাট টাইট...

May 17, 2024 12:25 PM May 17, 2024 12:25 PM

views 6

২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাত মেহদি হাছানৰ সোণৰ পদক অৰ্জন

ভূৱনেশ্বৰৰ কলিংগ ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ২৭ সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন ছিনিয়ৰ এথলেটিক্‌ছ প্রতিযোগিতাৰ পুৰুষৰ ১৫০০ মিটাৰ দৌৰত অসমৰ মেহদি হাছানে সোণৰ পদক অৰ্জন কৰে। দৌৰ প্রতিযোগিতাত মেহদি হাছানে এহেজাৰ ৫০০ মিটাৰ ৩ মিনিট ৪২ ছেকেণ্ড ৮২ মিলিছেকেণ্ডত সম্পূৰ্ণ কৰে।

May 16, 2024 8:39 PM May 16, 2024 8:39 PM

views 12

থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰতৰ মীৰাবা লুৱাং মেইছনাম

ভাৰতৰ মীৰাবা লুৱাং মেইছনামে থাইলেণ্ড অপেন বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। ২১ বছৰীয়া খেলুৱৈগৰাকীয়ে আজি বেংককত অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ পৰ্যায়ৰ এখন খেলত ডেনমার্কৰ মেডছ্ ক্রিষ্টোফাৰছেনক ২১-১৪, ২২-২০ পোনপটীয়া গেমত পৰাস্ত কৰে।

May 16, 2024 8:27 PM May 16, 2024 8:27 PM

views 12

বৰপেটাত অসম ক্রিকেট সন্থাৰ প্রতিভাশালী পেচ বলাৰৰ সন্ধানত অনুষ্ঠিত শিবিৰত ৪০০ৰো অধিক খেলুৱৈৰ অংশগ্ৰহণ

অসম ক্রিকেট সন্থাই প্রতিভাশালী পেচ বলাৰৰ সন্ধানত আজি বৰপেটা জিলাত এটি শিবিৰ অনুষ্ঠিত কৰে। প্ৰতিভাসম্পন্ন বলাৰসকলক বিচাৰি উলিয়াই তেওঁলোকক উপযুক্ত প্রশিক্ষণ প্ৰদান কৰি দক্ষ খেলুৱৈ হিচাপে গঢ় দিয়াৰ উদ্দেশ্যেৰে এই শিবিৰৰ আয়োজন কৰা হৈছে। জিলা ক্রীড়া সন্থাৰ সহযোগত অনুষ্ঠিত এই শিবিৰত ১৪ বছৰ অনূৰ্ধ্ব, ১...

May 16, 2024 8:26 PM May 16, 2024 8:26 PM

views 13

ডেৰাডুনত অনুষ্ঠিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰৰ পৱিত্ৰ পেগুৰ ব্ৰঞ্জৰ পদক লাভ

উত্তৰাখণ্ডৰ ডেৰাডুনত আয়োজিত সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতাত লখিমপুৰ জিলাৰ তাৰিয়নি জেংৰাই গাঁৱৰ পৱিত্ৰ পেগুৱে ব্ৰঞ্জৰ পদক লাভ কৰিছে। তেওঁ লগতে আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাৰ বাবে মনোনীত হৈছে। ৮ৰ পৰা ১২ মে'লৈ ডেৰাডুনত এই সৰ্বভাৰতীয় কাৰাটে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।

May 16, 2024 6:34 PM May 16, 2024 6:34 PM

views 16

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীৰ অৱসৰৰ কথা ঘোষণা

ভাৰতৰ ফুটবল তাৰকা সুনীল চেত্ৰীয়ে খেলুৱৈ জীৱনৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত খেলুৱৈগৰাকীয়ে কয় যে কলকাতাৰ ছল্টলেক ষ্টেডিয়ামত অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে খেলিবলগীয়া খেলখন হ'ব তেওঁৰ কেৰিয়াৰৰ অন্তিমখন খেল। ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ বৰ্তমানৰ অধিনায়ক চেত্ৰীয়ে ২০০৫ চনৰ ১২ ...

May 16, 2024 6:32 PM May 16, 2024 6:32 PM

views 8

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুজৰাট টাইটানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ মেচ

আই পি এল ক্রিকেট প্রতিযোগিতাৰ হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ ছানৰাইজাৰ্ছ হায়দৰাবাদৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। হায়দৰাবাদে বৰ্তমানলৈকে ১৪ পইণ্ট অৰ্জন কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত আছে। শুভমন গিল ন...

May 16, 2024 11:29 AM May 16, 2024 11:29 AM

views 18

গুৱাহাটীত অনুষ্ঠিত আই পি এলৰ খেলত ৰাজস্থান ৰয়েলছক পাঞ্জাব কিংছৰ ৫ উইকেটত পৰাস্ত

পাঞ্জাব কিংছে যোৱানিশা গুৱাহাটীত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছক ৫ উইকেটত পৰাস্ত কৰে। খেলখনত ৰাজস্থান ৰয়েলছে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ১৪৪ ৰান কৰে। ৰাজস্থানৰ হৈ ৰিয়ান পৰাগে ৩৪টা বলত ৪৮ ৰান কৰে। পাঞ্জাব কিংছে আৰম্ভণিতে ...

May 16, 2024 11:25 AM May 16, 2024 11:25 AM

views 15

ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত নীৰজ চোপ্ৰাৰ সোণৰ পদক অর্জন

অলিম্পিকত সোণৰ পদক বিজেতা নীৰজ চোপ্ৰাই কালি ভূৱনেশ্বৰত অনুষ্ঠিত ফেডাৰেচন কাপ প্রতিযোগিতাৰ পুৰুষৰ জেভলিন থ্রোত সোণৰ পদক অর্জন কৰে। ২৬ বছৰীয়া চোপ্ৰাই প্রতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত সংঘর্ষ কৰিবলগীয়া হয় আৰু প্ৰথম তিনিটা ৰাউণ্ডৰ অন্তত দ্বিতীয় স্থানত থাকে। খেলুৱৈগৰাকীয়ে চতুৰ্থ ৰাউণ্ডত ২৮ দশমিক ২-৭ মিটাৰল...

May 15, 2024 6:05 PM May 15, 2024 6:05 PM

views 14

আই পি এল ক্রিকেটত আজি ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি গুৱাহাটীত হ'বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ আৰু পাঞ্জাৱ কিংছ মুখামুখি হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। বৰ্তমানলৈকে ১৬ পইণ্ট অর্জন কৰা ৰাজস্থান ৰয়েলছে আজিৰ খেলখনত জয়লাভ কৰি প্লে অফ পৰ্যায়ত স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব। উল্লেখযোগ্য যে গুৱাহাটীত অহা ১৯ ...