খেল

June 8, 2024 8:46 PM

views 15

টি-২০ বিশ্বকাপত নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত আফগানিস্তানৰ, শ্ৰীলংকাৰ বিৰুদ্ধে বাংলাদেশৰ জয়

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰা টি-২০ বিশ্বকাপৰ আজিৰ ৪খন খেলৰ দুখন খেল ইতিমধ্যে অনুষ্ঠিত হৈছে। গায়ানাত অনুষ্ঠিত প্ৰথমখন খেলত আফগানিস্তানে নিউজিলেণ্ডক ৮৪ ৰানত পৰাস্ত কৰে। প্ৰথমে বেট ধৰি আফগানিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ১৫৯ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নিৰ্ধাৰিত লক্ষ...

June 8, 2024 2:29 PM

views 17

নেহেৰু ষ্টেডিয়ামত কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানত পৰাস্ত

গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কনকলতা বৰুৱা মহিলা আন্তঃজিলা ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত কালি ধেমাজিয়ে কৰিমগঞ্জক ১৮৪ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। টছত জিকি প্রথমে বেটিঙৰ সিদ্ধান্ত লোৱা ধেমাজিয়ে এটা উইকেট হেৰুৱাই ২০৮ ৰান সংগ্ৰহ কৰে। বিজয় বিশাল লক্ষ্য সন্মুখত লৈ কৰিমগঞ্জে মাত্র ২৪ ৰানতে ইনি...

June 8, 2024 1:49 PM

views 20

ফ্ৰেন্স অপেন টেনিছত পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কাৰ্লোচ অলকৰাজ গার্ফিয়া

স্পেইনৰ কাৰ্লোচ অলকৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। কার্লোচ অলকৰাজে কালি ছেমি ফাইনেলত ইটালীৰ জানিক ছিনৰক ২-৬, ৬-৩, ৩-৬, ৬-৪, ৬-৩ ছেটত পৰাস্ত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। ইপিনে, কালি অনুষ্ঠিত আনখন ছেমি ফাইনেলত চতুর্থ বাছনিপ্ৰাপ্ত জাৰ্মানীৰ আলেকজেণ্...

June 7, 2024 6:13 PM

views 27

বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ভাৰতৰ অমন চেহৰাৱটৰ ৰূপৰ পদক অৰ্জন

ভাৰতৰ অমন চেহৰাৱটে হাংগেৰীত অনুষ্ঠিত বুডাপেষ্ট ৰেংকিং চিৰিজ-২০২৪ মল্লযুঁজ প্ৰতিযোগিতাত ৰূপৰ পদক অৰ্জন কৰিছে। অমনে ৫৭ কিলোগ্রাম ওজন শাখাৰ পুৰুষৰ ফ্ৰিষ্টাইল ফাইনেলত বিশ্ব ছেম্পিয়নশ্বিপৰ ৰূপৰ পদক বিজয়ী জাপানৰ ৰেই হিগুচিৰ হাতত ১-১১ ফলাফলত পৰাজয় বৰণ কৰে। এই পদক জয়ৰ লগে লগে সমাগত পেৰিছ অলিম্পিকত অমনৰ ...

June 7, 2024 6:11 PM

views 15

সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ’ল শূন্যভাৱে সমাপ্ত

ভাৰতৰ তাৰকা ফুটবল খেলুৱৈ সুনীল চেত্ৰীৰ দেশৰ হৈ কুৱেইটৰ বিৰুদ্ধে খেলা অন্তিমখন খেল কালি গ'ল শূন্যভাৱে সমাপ্ত হয়। চল্টলেকত অনুষ্ঠিত খেলখন গ'লশূন্যভাবে সমাপ্ত হোৱাৰ ফলত ফিফা ৱলৰ্ডকাপৰ তৃতীয় ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জনৰ ক্ষেত্ৰত ভাৰতৰ আশা ক্ষীণ হৈ পৰিল। ভাৰতে তালিকাত ৫ পইণ্টৰে কুৱেইট আৰু আফগানিস্তানতকৈ...

June 7, 2024 6:08 PM

views 36

চুমিত নাগলে হেইল ব্ৰ’নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ

ভাৰতৰ চুমিত নাগলে জার্মানীত যোৱা নিশা অনুষ্ঠিত হেইল ব্ৰ'নাৰ নেকাৰ কাপ ছেলেঞ্জাৰ টুর্নামেণ্টৰ পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰবেশ কৰিছে। তেওঁ স্পেইনৰ প্ৰতিদ্বন্দী জেভিআৰ বেৰেংক' অছেন'ক ৬-৪, ৬-১ পোনপটীয়া ছেটত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সুমিতে আজি সন্ধিয়া ৰাছিয়াৰ ইভানজাকভৰ সন্মুখীন হ'ব।

June 7, 2024 11:52 AM

views 24

টি-২০ বিশ্বকাপ ক্রিকেটৰ এখন খেলত নামিবিয়াৰ বিৰুদ্ধে স্কটলেণ্ডৰ জয়লাভ

স্কটলেণ্ডে আজি বাৰ্ব্বাডোজৰ ব্ৰীজটাউনত অনুষ্ঠিত টি-টুৱেন্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ এখন খেলত নামিবিয়াক ৫ উইকেটত পৰাস্ত কৰিছে। স্কটলেণ্ডে ১৫৬ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু তিনিটা বলত নিৰ্ধাৰিত লক্ষ্য অতিক্ৰম কৰে। ইয়াৰ পূৰ্বে নামিবিয়াই প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইক...

June 6, 2024 8:59 PM

views 23

লক্ষ্য সেন ইণ্ডোনেছিয়া অ’পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ লক্ষ্য সেনে ইণ্ডোনেছিয়া অ'পেন ছুপাৰ থাউজেণ্ড বেডমিণ্টন প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লক্ষ্য সেনে আজি জাকার্টাত অনুষ্ঠিত প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কেণ্টা নিছিম'ট'ক ২১-৯, ২১-১৫ পোনপটীয়া গেমত পৰাস্ত কৰে।

June 6, 2024 8:58 PM

views 22

ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাত সৰৱজোট সিঙৰ সোণৰ পদক অৰ্জন

ভাৰতৰ সৰৱজোট সিঙে জাৰ্মানীৰ মিউনিখত অনুষ্ঠিত ISSF বিশ্বকাপ শ্বুটিং প্রতিযোগিতাৰ পুৰুষৰ ১০ মিটাৰ এয়াৰ পিষ্টল শিতানত সোণৰ পদক অৰ্জন কৰিছে। খেলুৱৈগৰাকীয়ে আজি ফাইনেলত ২৪২ দশমিক ৭ পইণ্টেৰে সোণৰ পদক হস্তগত কৰে। চীনৰ শুৱে হাং বুৱে ২৪২ দশমিক ৫ পইণ্টেৰে ৰূপৰ পদক আৰু জার্মানীৰ ৰবীন ৱাল্টাৰে ২২০ পইণ্টেৰে ব্ৰ...

June 6, 2024 11:45 AM

views 27

আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতে যোৱানিশা নিউয়ৰ্কৰ নাচাউ কাউণ্টী আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই চি চি টি-টুৱেণ্টী বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ পৰ্যায়ৰ এখন খেলত আয়াৰলেণ্ডক ৮ উইকেটত পৰাস্ত কৰে। খেলখনত প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি আয়াৰলেণ্ডে ১৬ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ৯৬ ৰান সংগ্ৰহ কৰে। ভাৰত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।