আঞ্চলিক সংবাদ

December 10, 2024 7:38 PM

views 33

মঙলদৈৰ দৰং কৰ্কট কেন্দ্ৰত কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী

মঙলদৈত থকা দৰং কৰ্কট কেন্দ্ৰত আজি দৰং আৰু ওদালগুৰি জিলাৰ মহিলা আৰক্ষীসকলৰ বাবে কৰ্কট সজাগতাৰ লগতে বিনামুলীয়া পৰীক্ষা আৰু প্ৰাথমিক চিকিৎসা কার্যসূচী সম্পন্ন হয়। জিলা দুখনৰ ৫০ গৰাকী মহিলা আৰক্ষীয়ে অংশ লোৱা এই দিনযোৰা কাৰ্যসূচীত কৰ্কট কেন্দ্ৰটোত উপলব্ধ চিকিৎসা সেৱা সমূহৰ লগতে কৰ্কট ৰোগৰ লক্ষণ, কাৰক ...

December 10, 2024 7:34 PM

views 30

শিৱসাগৰৰ বৰপুখুৰীত উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন

শিৱসাগৰ নগৰৰ মাজমজিয়াৰ বৰপুখুৰীত কালি উদ্ধাৰ হোৱা পাৱাৰগ্ৰীড ক’পৰেচনৰ অভিযন্তা চিন্ত কুমাৰ পালৰ শৱদেহৰ মৰণোত্তৰ পৰীক্ষা আজি সম্পন্ন কৰা হয়। কালি পুৱাৰ ভাগত প্ৰাতঃভ্ৰমণৰ বাবে অহা লোকে বৰপুখুৰীত এটা মৃতদেহ ওপঙি থকা দেখি আৰক্ষীক খবৰ দিয়ে। আমাৰ শিৱসাগৰৰ সংবাদদাতাই জনোৱা মতে সহজে ধন উপাৰ্জনৰ ফান্দত ভৰ...

December 10, 2024 7:22 PM

views 23

অহা ২৯ ডিচেম্বৰত হ’বলগীয়া টে’ট পৰীক্ষাৰ পূৰ্বে শিক্ষা বিভাগৰ পৰীক্ষাৰ পাঠ্যক্ৰম সলনিৰ সন্দৰ্ভত ছাত্ৰ মুক্তি সংগ্রাম সমিতিৰ বিক্ষোভ

অহা ২৯ ডিচেম্বৰত হ'বলগীয়া নিম্ন প্ৰাথমিক আৰু উচ্চ প্রাথমিক টে’ট পৰীক্ষাৰ কেইদিনমান পূৰ্বে যোৱা ৪ ডিচেম্বৰত অসম চৰকাৰৰ শিক্ষা বিভাগে এই পৰীক্ষাৰ পাঠ্যক্ৰম সলনি কৰা সন্দৰ্ভত আজি শিৱসাগৰত ছাত্ৰ মুক্তি সংগ্রাম সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে। সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পাপু দত্তই শিক্ষা বিভাগৰ এই ...

December 10, 2024 7:05 PM

views 15

ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জয়ন্তী পালন

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৯০ সংখ্যক জয়ন্তী পালন কৰা হয়। জয়ন্তীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচ'ৰাৰ দাঁতিত প্ৰয়াত বৰুৱাদেৱৰ ব্ৰঞ্জৰ এটা পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি উন্মোচন কৰা হয় । অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক ড০ নগেন শ‍ইক...

December 10, 2024 6:57 PM

views 36

জামুগুৰিহাটত ছহিদ দিৱসত ১৫৯টা ছহিদ পৰিয়ালক সম্বৰ্ধনা মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ

ঐতিহাসিক অসম আন্দোলনৰ ৮৬০ গৰাকী ছহিদ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে আজি ৰাজ্যৰ বিভিন্ন স্থানত ছহিদ দিৱস পালন কৰা হয়। শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ উদ্যোগত কেন্দ্রীয়ভাৱে আয়োজিত ছহিদ দিৱসত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি ১৫৯টা ছহিদ পৰিয়ালক...

December 10, 2024 6:50 PM

views 22

মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ দেহাৱসান

মঙলদৈৰ বৰনগাওঁ নিৱাসী সৰবৰহী মহিলা ধৰ্মেশ্বৰী দেৱীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৩ বছৰ। প্ৰয়াত দেৱী স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত আছিল।

December 10, 2024 6:44 PM

views 29

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটাকৈ অনুষ্ঠান প্ৰচাৰৰ দিহা কৰিছে

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পৰ্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৯৮৬৪০-৫৫৫৬৬ নম্বৰৰ Whatsapp যোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটা...

December 10, 2024 6:32 PM

views 42

মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ

বাক্সা জিলাৰ কমলাবাৰী ষ্টেডিয়ামত আজি মানাহ বিধানসভা সমষ্টি ভিত্তিক ৩ দিনীয়াকৈ খেল মহাৰণৰ দ্বিতীয় সংস্কৰণ আৰম্ভ কৰা হয়। বিধায়ক ফনীধৰ তালুকদাৰে উদ্বোধন কৰা এই অনুষ্ঠানত বিটিআৰৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

December 10, 2024 6:30 PM

views 31

বে-আইনীভাৱে মাটি কটা ৰোধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ দৰঙৰ জিলা দণ্ডাধীশৰ টাস্কফোৰ্চ গঠন

দৰঙৰ জিলা দণ্ডাধীশে ছিপাঝাৰ সম জিলাৰ অন্তৰ্গত বিভিন্ন স্থানত কেতবোৰ লোকে বেআইনীভাৱে মাটি কটা ৰোধ কৰাৰ বাবে কাৰ্যব্যৱস্থা গ্ৰহণ কৰিবলৈ এটা টাস্কফোৰ্চ গঠন কৰি দিছে। ইতিমধ্যে জিলা দণ্ডাধীশে জিলাখনৰ মাজেৰে বৈ যোৱা সকলো নদীৰ মথাউৰিৰ দুয়োকাষে অকৰ্তৃত্বশীলভাৱে মাটি খননত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু এই নিৰ্দে...

December 10, 2024 6:28 PM

views 28

ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছেঃ পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

নৱ নিযুক্ত পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয়, যে ৰাজ্য চৰকাৰে কামাখ্যা মন্দিৰৰ পৰ্যটনৰ প্ৰসাৰৰ দিশটোক অগ্ৰাধিকাৰ দিছে। প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ অগণন ভক্তই কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কামাখ্যাৰ উন্নয়নৰ বাবে যৎপৰোনাস্তি প্রয়াস চলোৱা হ'ব বুলি ঘোষণা কৰে। ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।