আঞ্চলিক সংবাদ

December 11, 2024 8:18 PM

views 15

দিল্লীত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত গুৱাহাটীৰ তক্ষীল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন

গুৱাহাটীৰ তক্ষীল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। তক্ষীলে আজি ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্বৰ কুমিটেৰ ৫০ কিলোগ্রাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদর্শ চৌধুৰীয়ে খে...

December 11, 2024 8:17 PM

views 18

চিৰাঙৰ আমলাইগুৰি আদৰ্শ গাঁৱৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলঙৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ অন্তৰ্গত আমলাইগুৰি আদৰ্শ গাঁৱত আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গাঁওখনত আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ছিদলী বিধানসভা সমষ্টিৰ নৱ-নির্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই গাঁওখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলংখনৰ আধাৰশিলা স্থাপন কৰে। এ...

December 11, 2024 8:15 PM

views 22

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান; মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তৰ বঁটা লাভ

ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক প্রতিফলিত কৰি বিভিন্ন শাখাত মুঠ ৪৫খন পঞ্চায়তক এই...

December 11, 2024 8:14 PM

views 25

সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতা, স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকীয়নি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৱিষ্যতে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতাৰে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক সকীয়াই দিছে। ন্যায়ালয়ে আজি অসম লোকসেৱা আয়োগৰ ২০১৮ চনৰ পৰীক্ষাৰ বিসংগতি সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি আয়োগক এইদৰে সতৰ্ক কৰি দিয়ে। উচ্চ ...

December 11, 2024 8:12 PM

views 10

সদ্যসমাপ্ত উপ-নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৈঠক

কংগ্ৰেছে সদ্যসমাপ্ত উপ-নির্বাচনত লাভ কৰা পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনি-দিনীয়া বৈঠকৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৱাহাটীত হ'বলগীয়া এই পর্যালোচনা বৈঠকত দলৰ উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকল...

December 11, 2024 8:11 PM

views 9

ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ১৮ বছৰ বয়সৰ তলৰ সকলো ল'ৰা-ছোৱালীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।...

December 11, 2024 8:09 PM

views 12

গুৱাহাটীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯.৫ গ্রাম হেৰ’ইন জব্দ, এজনক গ্ৰেপ্তাৰ

বিশেষ টাস্ক ফ’ৰ্চৰ এটা দলে আজি গোপন সূত্ৰৰ পম খেদি মহানগৰীৰ বেতকুছিৰ আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা প্ৰায় ২৩৯ দশমিক ৫ গ্রাম হেৰ’ইন জব্দ কৰে। আন্তঃৰাষ্ট্ৰীয় বজাৰত এই হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি টকা হ'ব বুলি অনুমান কৰা হৈছে। টাস্ক ফ’ৰ্চে এই ঘটনা সংক্ৰান্তত নুৰুল হক নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

December 11, 2024 1:53 PM

views 26

হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত চীনৰ

চীনৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্র মাও নিঙে কয় যে হংকঙৰ কাম-কাজত হস্তক্ষেপক লৈ চীনে আমেৰিকাৰ জোৱানসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ আমেৰিকাই হংকঙৰ প্ৰশাসনিক আৰু চৰকাৰী বিষয়াসকলৰ ভিছাত নিষেধাজ্ঞা আৰোপ কৰাৰ সিদ্ধান্ত গ্ৰহণৰ প্ৰতিক্ৰিয়াৰূপে বেইজিঙত অনুষ্ঠিত সংবাদমেলত মুখপাত্ৰগৰ...

December 11, 2024 1:36 PM

views 24

সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীৰ যুটীয়া অভিযানত মাদক দ্ৰব্যসহ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

বৰপেটা জিলাৰ সৰ্থেবাৰী আৰু মাজদিয়া আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই কালি এজন মাদক দ্ৰব্যৰ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে লোকজনৰ পৰা বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰিছে বুলি প্ৰকাশ কৰিছে। ধৃত লোকজনৰ বিৰুদ্ধে সৰ্থেবাৰীৰ থানাত আৰক্ষীয়ে ...

December 11, 2024 1:30 PM

views 25

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ’ব

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বিশ্বনাথ জিলাত কাইলৈৰ পৰা ২৬ ডিচেম্বৰলৈ কুষ্ঠৰোগ চিনাক্তকৰণ অভিযান ৰূপায়ণ কৰা হ'ব। ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ নিৰ্মূলকৰণ আঁচনিৰ অধীনত জিলা স্বাস্থ্য বিভাগ আৰু বিশ্বনাথ শাখা স্বাস্থ্য অভিযানৰ অধীনত এই অভিযান ৰূপায়ণ কৰা হ'ব। জিলাখনৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে কালি এখন সংবাদ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।