আঞ্চলিক সংবাদ

December 13, 2024 6:21 PM

views 42

যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি যোৰহাট নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন কৰে। যোৰহাট জিলাৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে জিলাখনৰ মুঠ ১২ হেজাৰ ৬৪৭ গৰাকী ঋণীলৈ মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত ঋণ মকুব প্ৰমাণ পত্ৰ বিতৰণ কৰা হয়। আজিৰ এই অনুষ্ঠানতে প্রধানমন্ত্রী ক্ষুদ্র ...

December 13, 2024 5:39 PM

views 41

কাইলৈ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলৰ বাতৰি সম্পৰ্কীয় মতামত, অভিযোগ আৰু পৰামৰ্শ অনুষ্ঠান প্ৰচাৰ কৰিব। ইয়াত Whatsapp নম্বৰ ৯৮৬৪০-৫৫৫৬৬ যোগে লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ লগতে অনুষ্ঠান চলি থকাৰ সময়তো আগ্রহী শ্রোতাই ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫...

December 13, 2024 10:43 AM

views 10

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন

শংকৰদেৱ শিক্ষা আৰু গৱেষণা ন্যাসৰ উদ্যোগত আজিৰে পৰা ১৫ ডিচেম্বৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আয়োজন কৰা হৈছে। এই সাহিত্য উৎসৱত আলোচনা চক্র, লেখক সাহিত্যিকৰ বাৰ্তালাপ, কর্মশালা, প্রদর্শনী, বহুভাষিক কবি সন্মিলনকে ধৰি সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত...

December 13, 2024 10:40 AM

views 26

১৭ ডিচেম্বৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ ভুটান ভ্ৰমণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ১৭ ডিচেম্বৰত ভাৰতৰ প্ৰতিবেশী দেশ ভুটানলৈ যাব। ড০ শৰ্মাই ভূটানৰ ৰাষ্ট্ৰীয় দিৱসৰ কাৰ্যসূচীত বিশেষ অতিথি হিচাপে উপস্থিত থাকিব। মুখ্যমন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ কালত গুৱাহাটীৰ পৰা ভূটানৰ গেলেপুলৈকে ৰে'লপথ নিৰ্মাণৰ অভিলাষী প্ৰস্তাৱিত আঁচনিখন ৰূপায়ণৰ ৰূপৰেখা তৈয়াৰ কৰা...

December 13, 2024 10:33 AM

views 12

অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত কেন্দ্ৰৰ অনুমোদন

উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ উন্নয়নৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰীৰ উন্নয়নমূলক উদ্যোগ আঁচনিৰ অধীনত অসমকে ধৰি উত্তৰ পূবৰ ৰাজ্যসমূহৰ বাবে মুঠ ৩৫টা প্ৰকল্পত অনুমোদন জনাইছে। অনুমোদিত ৩৫টা প্ৰকল্পৰ ভিতৰত অসমত সাতটা প্ৰকল্প ৰূপায়ণ হ'ব। এই প্ৰকল্পসমূহৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৫৪০ কোটি টকা ধা...

December 12, 2024 8:37 PM

views 36

প্ৰচণ্ড কুঁৱলীৰ বাবে কেইবাখনো ৰে’লগাড়ীৰ চলাচল বাতিল, সময়ৰ সালসলনি

ভাৰতীয় ৰে'লৱেই প্ৰচণ্ড কুঁৱলীৰ ফলত ৰে'লপথৰ দৃশ্যমানতা কমি যোৱাৰ বাবে উত্তৰ ভাৰত আৰু উত্তৰ-পূব ভাৰতলৈ চলাচল কৰা কেইবাখনো ৰে'লগাড়ীৰ চলাচল বাতিল অথবা সময়ৰ সালসলনি ঘটাইছে। সেই অনুসৰি ডিব্ৰুগড় আৰু চণ্ডীগড়ৰ মাজত চলাচল কৰা চণ্ডীগড় এক্সপ্ৰেছ ৰে'লগাড়ী দুখন অহা ২৮ ফেব্ৰুৱাৰীলৈকে বাতিল কৰা হৈছে। সেইদৰে ...

December 12, 2024 8:11 PM

views 19

ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ আবেদন আদালতত গ্রহণ নকৰিবলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ

উচ্চতম ন্যায়ালয়ে ধর্মীয় উপাসনা স্থান আইনৰ অধীনত নতুনকৈ কোনো আবেদন আদালতত গ্রহণ নকৰিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ এখন খণ্ড বিচাৰপীঠে আজি বৰ্তমান বিচাৰাধীন হৈ থকা কোনো আবেদনৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ৰ আদেশ অবিহনে অন্য আদালতে কোনো নিৰ্দেশ দিব নোৱা...

December 12, 2024 8:05 PM

views 14

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব : গাডকাৰী

যোৰহাট-জাঁজী ৰাষ্ট্ৰীয় ঘাইপথছোৱা পুনৰ নিৰ্মাণৰ কাম অহা বছৰৰ ফেব্ৰুৱাৰীত সম্পূৰ্ণ হ'ব বুলি আজি লোকসভাত কেন্দ্রীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে প্ৰকাশ কৰিছে। লোকসভাৰ প্রশ্নোত্তৰ কালত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে এই পথছোৱা দীৰ্ঘদিন ধৰি ব্যৱহাৰৰ অনুপযো...

December 12, 2024 12:22 PM

views 13

আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰাৰ বাবে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

ৰাজ্য চৰকাৰে আধাৰ কাৰ্ড প্রদান ব্যৱস্থা অধিক কঠোৰ কৰি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গুৱাহাটীৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কয়, যে কোনো সন্দেহযুক্ত নাগৰিক...

December 12, 2024 12:19 PM

views 32

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কেইবাখনো জিলাৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ

সমাগত পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ মহানগৰ জিলাৰ অন্তৰ্গত আৰু নতুনকৈ সীমা নিৰ্ধাৰণ কৰা দীপৰ বিল, ৰাণী চাপৰি, বৰখাট, ডিমৰীয়া, সোণাপুৰ আৰু প্ৰাগজ্যোতিষপুৰ জিলা পৰিষদৰ খচৰা ভোটাৰ তালিকা কালি প্ৰকাশ কৰা হয়। ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।