আঞ্চলিক সংবাদ

November 7, 2024 7:39 PM November 7, 2024 7:39 PM

views 12

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰৰ যোগদান

ভাৰতীয় তথ্য সেৱাৰ জ্যেষ্ঠ বিষয়া ৰাজীৱ লোচন বৰঠাকুৰে আজি আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উপ-সঞ্চালক হিচাপে যোগদান কৰিছে। শ্ৰী বৰঠাকুৰে আকাশবাণী গুৱাহাটীৰ লগতে কেন্দ্রীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটীস্থিত কাৰ্যালয়তো আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিব। আজি কাৰ্যালয়ত যোগদান কৰাৰ পাছত ...

November 7, 2024 7:14 PM November 7, 2024 7:14 PM

views 10

ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে বাক্সা জিলাৰ দৰঙাত ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি

প্রতিবেশী ৰাষ্ট্ৰ ভূটানৰ সৈতে পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰাৰ অংশ হিচাপে আজি বাক্সা জিলাৰ দৰঙাত এটা ইমিগ্ৰেচন তালাচী চকীৰ নতুন ভৱন মুকলি কৰা হয়। ভূটান সীমান্তৰ পৰা ৭০০ মিটাৰ নিলগত অৱস্থিত এই ভূ-বন্দৰটোৱে দুয়োখন ৰাষ্ট্ৰৰ মাজত সম্পৰ্ক সূদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। ৰাজ্যপ...

November 7, 2024 7:03 PM November 7, 2024 7:03 PM

views 8

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী

যোৰহাট জিলা আয়ুক্তৰ সভাকক্ষত আজি জিলাখনৰ আৰক্ষী আৰু পৰিবহণ বিভাগৰ বিষয়াসকলৰ বাবে প্রশিক্ষণ তথা সামর্থ বিকাশ কার্যসূচী অনুষ্ঠিত হয়। বিশ্ব বেংকৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীত দুৰ্ঘটনাৰ গোচৰত, দুৰ্ঘটনাৰ পিছৰ তদন্ত কিদৰে আগবাঢ়িব লাগে সেই বিষয়ে কাৰিকৰী বিশেষজ্ঞসকলে প্ৰশিক্ষণ প্ৰদান কৰে।

November 7, 2024 6:54 PM November 7, 2024 6:54 PM

views 10

অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনৰ পদক্ষেপ গ্ৰহণ

ৰাজ্যৰ উচ্চ শিক্ষা প্রতিষ্ঠান ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু দক্ষিণ কোৰিয়াৰ ৱৰ্ল্ড ফ্ৰাগ্ৰাণ্ট ক’ৰ্পৰ্চেনে অসমৰ শিক্ষাৰ্থীক কোৰিয়ান ভাষা শিক্ষণৰ পদক্ষেপ গ্ৰহণ কৰিছে। এই উদ্দেশ্যে দুয়োটা প্রতিষ্ঠানে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰে। এই অংশীদাৰিত্বত শিক্ষাৰ্থীসকলৰ বাবে এহেজাৰ ডলাৰ অনুদান, শৈক্ষিক স...

November 7, 2024 9:09 PM November 7, 2024 9:09 PM

views 29

ধৰ্মীয় ৰীতি-নীতিৰে ষট পূজাৰ তৃতীয় দিনত ভক্তসকলে অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়

সূৰ্য দেৱতাক ধৰ্মীয় ৰীতি-নীতিৰে আৰাধনা কৰি কল্যাণ কামনাৰে সম্পন্ন কৰা ষট পূজাৰ আজি তৃতীয় দিনা ভক্তসকলে নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। এই উপলক্ষে আজি গুৱাহাটী মহানগৰীৰ ব্ৰহ্মপুত্ৰ পাৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ নৈৰ ঘাট...

November 7, 2024 6:45 PM November 7, 2024 6:45 PM

views 15

চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ

অহা ১৩ নৱেম্বৰত ৰাজ্যৰ ৫টা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা হিমন্ত বিশ্ব শর্মাই আজি চামগুৰি আৰু বিহালী সমষ্টিৰ দলীয় প্ৰাৰ্থী দুগৰাকীৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে চামগুৰি উচ...

November 7, 2024 1:16 PM November 7, 2024 1:16 PM

views 2

আকাশবাণীত অহা শনিবাৰে দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটত প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত জৈৱ ইন্ধনঃ ভৱিষ্যতৰ অৰ্থনীতি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰ আৰু নুমলীগড় তেল শোধনাগাৰৰ কৰ্প'ৰেট পৰিক্ৰমা বিভাগৰ...

November 7, 2024 1:13 PM November 7, 2024 1:13 PM

views 4

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ত সপ্তাহজোৰা কাৰ্যসূচীৰে ভাষা গৌৰৱ সপ্তাহ উদযাপন

ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত সপ্তাহজোৰা কাৰ্যসূচীৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যাদা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। এই উপলক্ষে কালি পুৱা ছাত্র-ছাত্রীসকলে এটি শোভাযাত্রা উলিয়ায়। ছাত্র-ছাত্রীসকলে অসমীয়া ভাষা সাহিত্যৰ সেৱকসকলৰ বচন আৰু ভাষা ৰক্ষা...

November 7, 2024 1:11 PM November 7, 2024 1:11 PM

views 2

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ

শোণিতপুৰ জিলা কৃষি বিভাগৰ উদ্যোগত তেজপুৰ মাজগাঁও যুটীয়া সঞ্চালকালয়ৰ কাৰ্যালয়ত কালি ৰবি শস্যৰ বীজ বিতৰণ কাৰ্যসূচী আৰম্ভ কৰা হয়। তেজপুৰৰ ডিপোটা আৰু ঘোঁৰামাৰি কৃষি চক্ৰৰ কৃষকসকলৰ মাজত বীজ বিতৰণ কৰা হয়। অনুষ্ঠানত তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভাই সৰিয়হ, মটৰ, ঘেঁহু, মচুৰমাহৰ বীজ কৃষকসকলৰ মাজত বিতৰণ ক...

November 7, 2024 1:09 PM November 7, 2024 1:09 PM

views 17

ষট পূজা উপলক্ষে ৰাজ্যবাসীক মুখ্যমন্ত্রীৰ শুভেচ্ছা জ্ঞাপন

আজি ষট পূজাৰ তৃতীয় দিন। এই উপলক্ষে ভক্তসকলে বিভিন্ন নৈৰ পাৰত অস্তগামী সূৰ্যলৈ অৰ্ঘ্য আগবঢ়ায়। কাইলৈ পুৱা উদিত সূৰ্যৰ উপাসনাৰে এই চাৰিদিনীয়া উৎসৱৰ সামৰণি পৰিব। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাও ষট পূজা উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা শুভেচ্ছা ব...