আঞ্চলিক সংবাদ

December 19, 2024 12:55 PM

views 21

অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ অভিযান আৰম্ভ

দেশৰ পাঁচ বছৰৰ তলৰ শিশুক নিউমোনিয়া ৰোগৰ পৰা ৰক্ষা কৰাৰ লক্ষ্যৰে যোৱা ১২ নৱেম্বৰৰ পৰা অহা ২৮ ফেব্ৰুৱাৰীলৈকে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ উদ্যোগত চাঁচ (SAANS) অভিযান আৰম্ভ কৰা হৈছে। শিশুৰ দেহত নিউমোনিয়াৰ লক্ষণসমূহ প্ৰত্যক্ষ কৰিলে শিশুটিক নিকটতম স্বাস্থ্যসেৱা কেন্দ্ৰলৈ লৈ যাবলৈ স্বাস্থ্য বিভাগে আ...

December 19, 2024 12:54 PM

views 35

ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত গেলফু মাইণ্ডফুলনেছ চিটী প্ৰকল্পৰ বুজ লয়। এই সময়ছোৱাত দ্রুক হ’ল্ডিং এণ্ড ইনভেষ্টমেন্ট লিমিটেডে পৰিৱেশ সংৰক্ষণৰ লগতে অর্থনৈতিক উন্নয়নৰ বাবে গ্ৰহণ কৰি অহা ভূমিকাৰ বিষয়েও উদ্যোক্তাসকলে মুখ্যমন্ত্ৰীক অৱগত কৰে। এই ভ্ৰমণকালত মুখ্যমন্ত্ৰী...

December 19, 2024 12:53 PM

views 18

ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত

ৰাজ্যত প্ৰথমবাৰৰ বাবে কালি ব্ৰহ্মপুত্ৰত পোৱা শিহুৰ শৰীৰত ক্ষুদ্ৰাকৃতিৰ ইলেকট্রনিক চিপ সংযুক্ত কৰি ইয়াৰ গতিবিধি নিৰীক্ষণৰ প্ৰক্ৰিয়া শুভাৰম্ভ কৰা হৈছে। পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ সহযোগত ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে ৰাজ্যৰ বন বিভাগ আৰু আৰণ্যকৰ সহযোগত এই প্ৰক্ৰিয়া আৰম্ভ কৰে। কুলশী ...

December 19, 2024 12:51 PM

views 23

ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক বিষয়সমূহক লৈ মন্তব্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকিবলৈ ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকললৈ নিৰ্দেশ দিছে। মন্ত্ৰীসকললৈ প্ৰেৰণ কৰা এখন পত্ৰত ড° শৰ্মাই মন্ত্ৰীসকলক সংশ্লিষ্ট বিভাগসমূহৰ উন্নয়নমূলক কাম-কাজ তথা চৰকাৰী নীতি, প্ৰকল্প আৰু কাৰ্যসূচীক লৈহে বক্তব্য দিবলৈ পৰামৰ্শ ...

December 19, 2024 12:48 PM

views 32

আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ

কেন্দ্ৰীয় চৰকাৰৰ চতুৰ্থ সুশাসন সপ্তাহৰ সৈতে সংগতি ৰাখি ৰাজ্যৰ বিভিন্ন জিলাত আজিৰ পৰা ২৪ ডিচেম্বৰলৈ প্ৰশাসন গাঁৱৰ ফালে শীৰ্ষক অভিযান আৰম্ভ কৰা হ'ব। প্ৰশাসন যন্ত্ৰক স্বচ্ছ আৰু নিকা কৰাৰ লগতে গ্ৰামাঞ্চলৰ জনতাৰ কাষলৈ লৈ যোৱাটোৱে এই সপ্তাহৰ অন্যতম প্রধান লক্ষ্য। তদুপৰি ৰাজহুৱা অভিযোগ তথা সমস্যাসমূহৰ ক্ষ...

December 19, 2024 12:46 PM

views 27

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা

ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট ব্যক্তিলৈ চলিত বৰ্ষৰ সাহিত্য একাডেমী বঁটা আগবঢ়োৱাত ৰাজ্যবাসী যথেষ্ট আনন্দিত হৈছে। বিশিষ্ট কবি সমীৰ তাঁতী, সংস্কৃত ভাষাৰ বাবে দীপক কুমাৰ শৰ্মা আৰু বড়ো ভাষাৰ ঔপন্যাসিক অৰণ ৰাজাক এই বছৰৰ সন্মানজনক সাহিত্য একাডেমী বঁটা আগবঢ়োৱা হৈছে। সাহিত্য একাডেমীয়ে কালি নতুন দিল্লীত ঘোষণা ...

December 19, 2024 12:43 PM

views 11

বিকাশৰ ১২ দিন কাৰ্যসূচীত আজি ৰাজ্যৰ কেইবাখনো জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান

ৰাজ্য চৰকাৰে অসমৰ সামগ্ৰীক বিকাশ আৰু জনতাৰ জীৱনৰ মান উন্নীতকৰণৰ লক্ষ্যৰে আৰম্ভ কৰা বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে আজি কামৰূপ মহানগৰ, শিৱসাগৰ, শোণিতপুৰ আৰু পশ্চিম কাৰ্বি আংলং জিলাত বিভিন্ন আঁচনিৰ বঁটা, সাহায্য তথা প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ'ব । অসম মাইক্ৰ' ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত...

December 18, 2024 8:39 PM

views 13

অসম অপেচাদাৰী বক্সিং সন্থাৰ প্ৰাক্তন সভাপতি কালিকান্ত বড়োৰ মৃত্যু

অসম অপেচাদাৰী বক্সিং সন্থাৰ প্ৰাক্তন সভাপতি কালিকান্ত বড়োৰ আজি মৃত্যু হয়। ভাৰতীয় অপেচাদাৰী বক্সিং ফেডাৰেচনৰ কোষাধ্যক্ষৰ দায়িত্বত থকা প্ৰয়াত বড়োৱে ৰাজ্যত বক্সিং খেলৰ প্ৰসাৰত বৰঙণি আগবঢ়াই থৈ গৈছে।

December 18, 2024 8:36 PM

views 27

বঙাইগাঁওৰ অভয়াপুৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ডায়েলেছিছ কেন্দ্র আনুষ্ঠানিকভাৱে উদ্বোধন

ৰাজ্যত ২০১৯ চনৰ পৰা মুঠ ২৫ হাজাৰ ২৪৭গৰাকী বৃক্ক ৰোগীয়ে বিনামূলীয়াকৈ ডায়েলেছিছৰ সুবিধা লাভ কৰিছে। এই ৰোগীসকলক বৰ্তমানলৈকে ৭ লাখ ৪৫ হাজাৰৰো অধিক বাৰ ডায়েলেছিছ কৰা হৈছে। চৰকাৰে বৰ্ধিত ডায়েলেছিছ ৰোগীৰ সংখ্যালৈ চাই বিভিন্ন অসামৰিক চিকিৎসালয়ত ডায়েলেছিছ সেৱাও আৰম্ভ কৰিছে। বঙাইগাঁও জিলাৰ অভিভাৱক মন্ত...

December 18, 2024 8:34 PM

views 40

খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন

গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৭ ডিচেম্বৰৰ পৰা ৭ জানুৱাৰীলৈ হ'বলগীয়া অসম গ্ৰন্থমেলাৰ আজি লাইখুঁটা স্থাপন কৰা হয়। অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সন্থাৰ যৌথ উদ্যোগত আয়োজন কৰা গ্ৰন্থমেলাৰ লাইখুঁটা স্থাপন কৰি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।