আঞ্চলিক সংবাদ

November 19, 2024 8:40 PM November 19, 2024 8:40 PM

views 8

ছুমি বৰাৰ জামিন নাকচ চি বি আইৰ বিশেষ আদালতৰ

কেন্দ্রীয় অনুসন্ধান সংস্থা তথা চি বি আইৰ বিশেষ আদালতে আজি ট্রেডিং কেলেংকাৰিৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ছুমি বৰাৰ জামিন নাকচ কৰিছে। দীৰ্ঘদিন ধৰি শুনানিৰ অন্তত আদালতে ছুমি বৰাক জামিন দিবলৈ অস্বীকাৰ কৰে। আনহাতে ট্রেডিং কাণ্ডৰ গোচৰৰ মূল অভিযুক্ত বিশাল ফুকনৰ জামিন আবেদন বর্তমানো গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচ...

November 19, 2024 8:39 PM November 19, 2024 8:39 PM

views 16

স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত গুৱাহাটী পৌৰ নিগমৰ

গুৱাহাটী পৌৰ নিগমে আজি শাৰদীয় দুর্গোৎসৱৰ সময়ছোৱাত স্বচ্ছতা বজাই ৰখা মহানগৰীৰ ১৭৫ খন পূজা সমিতিক পুৰস্কৃত কৰে। আজি গুৱাহাটীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই এই পুৰস্কাৰসমূহ বিতৰণ কৰে। এই প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰা ২৫ খন পূজা সমিতিক ১০ ...

November 19, 2024 8:37 PM November 19, 2024 8:37 PM

views 15

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি হোৱা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত

কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দেশজুৰি যোৱা ২৫ অক্টোবৰৰ পৰা পশুধন পিয়ল কাৰ্যসূচী অব্যাহত আছে। এই পশুধন পিয়লত দেশৰ ঘৰচীয়া জীৱ-জন্তুৰ ভিতৰত অৰ্থনৈতিকভাৱে গুৰুত্ব থকা মুঠ ১৬ বিধ জীৱৰ ২১৯টা থলুৱা আৰু বৰ্ণসংকৰ জাতৰ পিয়ল কৰা হ'ব। দেশৰ অন্যান্য প্ৰান্তৰ লগতে যোৰহাট জিলাৰ ৬০৫ খন ৰাজহ চক্ৰৰ ৩২টা ৱাৰ্ড সামৰি প...

November 19, 2024 8:36 PM November 19, 2024 8:36 PM

views 11

অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে চৰাইদেউ জিলাত ধান আহৰণ প্ৰক্ৰিয়া

চৰাইদেউ জিলাত অহা ১ ডিচেম্বৰৰ পৰা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ধান আহৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। সোণাৰীৰ পথালগড়ৰ ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে এহেজাৰ মেট্রিক টন ধান আৰু সাপেখাটিৰ খণ্ড উন্নয়ন কাৰ্যালয়ৰ প্ৰাংগণত থকা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ৫০০ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্য স্থিৰ কৰিছে। ধান ক্রয় কেন্দ্ৰট...

November 19, 2024 8:34 PM November 19, 2024 8:34 PM

views 10

বিস্তৃত কাৰ্যসূচীৰে চৰাইদেউ মৈদামথলীত বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ

চৰাইদেউ মৈদামথলীত আজি বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ আৰম্ভ হৈছে। অসম প্ৰত্নতত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত অনুষ্ঠিত কাৰ্যসূচী অনুসৰি আজি পুৱা বালি মৈদামৰ পৰা চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্যক্ষেত্ৰলৈ এটা ঐতিহ্য যাত্ৰা উলিওৱা হয়। স্থানীয় বিদ্যালয়ৰ ছাত্ৰ-ছা...

November 19, 2024 8:33 PM November 19, 2024 8:33 PM

views 7

বঙাইগাঁওত কাইলৈৰ পৰা কুষ্ঠ ৰোগ চিনাক্ত অভিযান

বঙাইগাঁও জিলা স্বাস্থ্য সমিতিয়ে কাইলৈ জিলাখনত কুষ্ঠ ৰোগ চিনাক্ত অভিযান আৰম্ভ কৰিব। জিলাখনৰ আশাকৰ্মীসকলে কাইলৈৰ পৰা অহা ৩ ডিচেম্বৰলৈ নিজ নিজ এলেকাৰ লোকৰ ঘৰে ঘৰে গৈ কুষ্ঠ ৰোগী চিনাক্ত কৰি তেওঁলোকক উপযুক্ত বিনামূলীয়া চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব। জিলাখনৰ কুষ্ঠ ৰোগ চিনাক্ত অভিযানৰ ন'ডেল বিষয়া ডাº প্...

November 19, 2024 8:32 PM November 19, 2024 8:32 PM

views 19

তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন

বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্ননীল পালে কাকজানৰ ৰজা বড়োচা সমন্বয় ক্ষেত্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মৰাণ বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন ক...

November 19, 2024 8:28 PM November 19, 2024 8:28 PM

views 17

গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠানৰ আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীত অৰ্জুন ৰাম মেঘৱালৰ অংশগ্ৰহণ

সংবিধান প্রদত্ত আমাৰ অধিকাৰ আৰু কৰ্তব্যৰ প্ৰতি সজাগতা সৃষ্টি কৰাই বছৰজোৰা আমাৰ সংবিধান আমাৰ সন্মান কাৰ্যসূচীৰ মূল উদ্দেশ্য বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে প্রকাশ কৰিছে । আজি ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান গুৱাহাটীত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকী...

November 19, 2024 6:39 PM November 19, 2024 6:39 PM

views 3

হাতীৰ জাকৰ দলপতিৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াৰ ৰেডিঅ’ কলাৰ স্থাপন

বাক্সা আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী জাৰতালুক অঞ্চলত এটা হাতীৰ জাকৰ দলপতি মখনাৰ গাত বাক্সাৰ বন সংমণ্ডল বিষয়াই ৰেডিঅ' কলাৰ স্থাপন কৰে। ইয়াৰ ফলত জিলা প্ৰশাসন আৰু বন বিভাগে হাতীৰ জাকটোৰ গতি-বিধি উপগ্ৰহৰ জৰিয়তে নিৰীক্ষণ কৰিব পাৰিব। এতিয়াৰেপৰা জনাঞ্চলত হাতীৰ উপস্থিতিৰ বিষয়েও আগতীয়াকৈ জানিব পৰা হ'...

November 19, 2024 12:44 PM November 19, 2024 12:44 PM

views 9

মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণ

উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য মণিপুৰৰ পৰিস্থিতি বর্তমান নিয়ন্ত্ৰণত আছে। যোৱা নিশাৰ পৰা ৰাজ্যখনৰ কোনো অঞ্চলৰ পৰা কোনো ধৰণৰ হিংসাত্মক ঘটনাৰ বাতৰি পোৱা হোৱা নাই। অশান্ত ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে অতিৰিক্তভাৱে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ ৫০টা কোম্পানী প্ৰেৰণ কৰিব। কেন্দ্ৰীয়...