আঞ্চলিক সংবাদ

November 22, 2024 12:08 PM November 22, 2024 12:08 PM

views 5

নগাঁৱৰ কলিয়াবৰত শিলগুটি দলিয়াই এটা বাঘ আহত কৰা ঘটনাত জড়িত ৯জন লোকক আটক

নগাঁও জিলাৰ কলিয়াবৰৰ সোণাৰি-কামাখ্যা গাঁৱৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা কালি পিঞ্জৰাবদ্ধ কৰা বাঘটোক কলং নৈৰ পাৰত আশ্ৰয় লৈ থকা অৱস্থাত শিলগুটি দলিয়াই আহত কৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যোৱানিশা ৯ জন লোকক আটক কৰে। ঘটনাটোৰ ভিডিঅ' ফুটেজৰ আধাৰত চিনাক্ত কৰা এনে একাংশ লোকৰ বাসগৃহত কালি আৰক্ষীয়ে অভিযান চলায়।...

November 22, 2024 12:06 PM November 22, 2024 12:06 PM

views 9

আকাশবাণী গুৱাহাটীত কাইলৈ নিশা ৮.০২ বজাত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত বিশেষ দৃষ্টিপাত অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত বিধানসভাৰ উপ-নির্বাচন আৰু দুখন ৰাজ্য বিধানসভাৰ নিৰ্বাচনৰ ফলাফল সম্পর্কত এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানত নিৰ্বাচনী ফলাফলৰ পৰ্যালোচনা আগবঢ়াব জ্যেষ্ঠ সাংবাদিক ৰণেন কুমাৰ গোস্বামী আৰু সুশান্ত তালুকদাৰে। এই অনুষ্ঠানটো...

November 22, 2024 12:05 PM November 22, 2024 12:05 PM

views 2

কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অহা দেওবাৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্র প্রার্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশপত্ৰ নোপোৱা প্ৰাৰ্থীসকলে আজিৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্ৰ সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ...

November 21, 2024 7:48 PM November 21, 2024 7:48 PM

views 3

মানকাচৰত হত্যা কৰাৰ অভিযোগত ১৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড

২০২১ চনৰ ১৩ মে’ত মানকাচৰৰ পুৰাণদিয়াৰা গাঁৱত দুজন লোকক হত্যা কৰাৰ অভিযোগত দোষী সাব্যস্ত, ১৪ জন লোকক আজি হাটশিঙিমাৰীৰ জিলা আৰু ছেচন আদালতে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে। জিলা আৰু ছেচন ন্যায়াধীশ সঞ্জয় হাজৰিকাই তিনি বছৰ ধৰি চলা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত যোৱা মঙলবাৰে এই লোককেইজনক দোষী সাব্যস্ত কৰিছি...

November 21, 2024 7:44 PM November 21, 2024 7:44 PM

views 4

কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণৰ বাবে জাননী জাৰি

অসম চৰকাৰে কৰিমগঞ্জ জিলাক শ্রীভূমি জিলা হিচাপে নতুনকৈ নামকৰণ কৰি জাননী জাৰি কৰিছে। অসম মন্ত্রীসভাই এই নতুন নামকৰণ সন্দৰ্ভত অলপতে সিদ্ধান্ত লোৱাৰ পাছত ৰাজ্যপালৰ অনুমোদনমৰ্মে আজি ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে এই নিৰ্দেশনা জাৰি কৰিছে। উল্লেখযোগ্য যে পৰহি অনুষ্ঠিত অসম মন্ত্ৰীসভাৰ বৈঠকত কৰিমগঞ্জৰ সম...

November 21, 2024 7:40 PM November 21, 2024 7:40 PM

views 3

চৰাইদেউ মৈদামথলীত বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন

চৰাইদেউ মৈদামথলীত পৰহিৰেপৰা বিস্তৃত কাৰ্যসূচীৰে বিশ্ব ঐতিহ্য সপ্তাহ-২০২৪ উদযাপন কৰা হৈছে। অসম প্রত্নতত্ত্ব সঞ্চালকালয়ৰ দ্বাৰা স্বৰ্গদেউসকলৰ স্মৃতি তৰ্পণ সমিতিৰ সহযোগত আয়োজিত এই কার্যসূচী উপলক্ষে প্রতিদিনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল আজি চৰাইদেউ মৈদামত উপ...

November 21, 2024 7:21 PM November 21, 2024 7:21 PM

views 4

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মিত স্তম্ভ মুকলি

অসম বিধানসভাৰ নতুন চৌহদত প্ৰাচীন অসমৰ কীৰ্তি দৰ্শাই নিৰ্মাণ কৰা আকৰ্ষণীয় স্তম্ভ, কমাণ্ড এণ্ড কন্ট্রোল চেণ্টাৰ, ডিজিটেল কৰ্ডিৰ আৰু কেফেটৰীয়া আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্রাচীন কছাৰী ৰাজ্যৰ সুন্দৰ কাৰুকাৰ্য খোদিত আৰু সমৃদ্ধ ইতিহাস বহন কৰা শিলৰ এই স্তম্ভৰ ...

November 21, 2024 6:29 PM November 21, 2024 6:29 PM

views 5

২৭ ডিচেম্বৰত গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা আৰম্ভ

অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৭ ডিচেম্বৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হ'ব। নুনমাটিৰ পৰা আমবাৰীলৈকে উৰণ সেতুৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে চানমাৰিত হৈ থকা যান-জঁটৰ পৰিপ্ৰেক্ষিত...

November 21, 2024 6:26 PM November 21, 2024 6:26 PM

views 4

দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা

আকাশবাণী গুৱাহাটীৰ অংশকালীন ঘোষকৰ লিখিত পৰীক্ষা অহা দেওবাৰে কটন বিশ্ববিদ্যালয়ৰ নতুন কলা ভৱনত অনুষ্ঠিত হ'ব। পৰীক্ষাৰ প্ৰৱেশপত্ৰ প্ৰাৰ্থীসকললৈ ইতিমধ্যে ই-মেইলযোগে প্ৰেৰণ কৰা হৈছে। প্ৰৱেশ পত্ৰ নোপোৱা প্ৰাৰ্থীসকলে কাইলৈৰ ভিতৰত কেন্দ্ৰলৈ আহি ব্যক্তিগতভাৱে প্ৰৱেশপত্র সংগ্ৰহ কৰিব পাৰিব বুলি আকাশবাণীৰ এখন ...

November 21, 2024 6:23 PM November 21, 2024 6:23 PM

views 6

বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতানুষ্ঠান

গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত আজি মহাবিদ্যালয়খনৰ প্ৰাক্তন অধ্যাপিকা তথা বিশিষ্ট শিল্পী প্রয়াত ৰুণুমী ঠাকুৰ সোঁৱৰণী বক্তৃতা অনুষ্ঠিত হয়। অনুষ্ঠানত বিশিষ্ট সাংবাদিক মুনীন বায়নে সাহিত্য সংস্কৃতিৰ শেহতীয়া প্ৰেক্ষাপট : আনন্দ বিষাদ বিষয়ত বক্তৃতা প্রদান কৰে। বক্তৃতা অনুষ্ঠানত বিশ্বায়...