আঞ্চলিক সংবাদ

December 11, 2024 8:24 PM December 11, 2024 8:24 PM

views 4

পশ্চিমবংগৰ জোৰাই ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ; কেইবাখনো ৰে’লগাড়ীৰ যাত্ৰা পথ সলনি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ আলিপুৰ সংমণ্ডলৰ অধীনৰ অসম সীমান্তৰ ওচৰত পশ্চিমবংগৰ জোৰাই ৰে'ল ষ্টেচনত আজি কেইবাটাও কোচ-ৰাজবংশী সংগঠনে আহ্বান দিয়া অনির্দিষ্টকালীন ৰে'ল অৱৰোধৰ ফলত ৰাজধানী এক্সপ্ৰেছকে ধৰি কেইবাখনো ৰে'লগাড়ীৰ যাত্ৰা পথ সলনি কৰিবলগীয়া হয়। এই অৱৰোধৰ বাবে আজি গুৱাহাটী আৰু নিউ জলপাইগুৰিৰ মাজত ...

December 11, 2024 8:22 PM December 11, 2024 8:22 PM

views 2

কোকৰাঝাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ, চাইবাৰ সুৰক্ষাৰ বিষয়ত সজাগতা অভিযান

বি টি আৰৰ তথ্য আৰু জনসম্পৰ্কৰক্ষী বিভাগে ছাত্ৰ-ছাত্ৰীৰ মাজত সামাজিক মাধ্যমৰ প্ৰভাৱ আৰু চাইবাৰ সুৰক্ষাৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আজি কোকৰাঝাৰৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত বিশেষ সজাগতা অভিযানৰ আয়োজন কৰে। বি টি আৰৰ কাৰ্যবাহী সদস্য ড০ নিলুট স্বৰ্গীয়াৰীয়ে উদ্বোধন কৰা এই অভিযানত কেৰিয়াৰ সম্...

December 11, 2024 8:21 PM December 11, 2024 8:21 PM

views 8

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ শ্ৰোতাৰ পৰা মতামত, অভিযোগ আৰু পৰামৰ্শ গ্ৰহণৰ বাবে হোৱাটছএপ নম্বৰ মুকলি

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগে ইয়াৰ বাতৰি আৰু আন অনুষ্ঠান সম্পর্কত শ্ৰোতাসকলৰ পৰা পোনপটীয়াকৈ মতামত, অভিযোগ আৰু পৰামৰ্শ লোৱাৰ ব্যৱস্থা কৰিছে। ইয়াৰ বাবে ৯৮৬৪০-৫৫৫৬৬ নম্বৰৰ Whatsapp যোগে মতামত গ্ৰহণৰ ব্যৱস্থা মুকলি কৰা হৈছে। শ্ৰোতাসকলৰ পৰা লাভ কৰা টেক্সট বা ভইচ বাৰ্তাৰ আধাৰত প্ৰতিমাহে একোটা...

December 11, 2024 8:20 PM December 11, 2024 8:20 PM

views 5

চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ

ৰাজ্যিক নির্বাচন আয়োগৰ শেহতীয়া নিৰ্দেশনা অনুসৰি অহা বছৰৰ ১ জানুৱাৰীক ভিত্তি তাৰিখ হিচাপে গ্ৰহণ কৰি আজি চৰাইদেউ জিলা পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ অন্তৰ্গত আঞ্চলিক পঞ্চায়তসমূহৰ ফটোবিহীন খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হয়। এই সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰোৱাৰ উদ্দেশ্যে আজি জিলা আয়ুক্ত ড০ নেহা যাদৱৰ অধ্যক্...

December 11, 2024 8:18 PM December 11, 2024 8:18 PM

views 8

দিল্লীত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত গুৱাহাটীৰ তক্ষীল মজুমদাৰৰ ৰূপৰ পদক অৰ্জন

গুৱাহাটীৰ তক্ষীল মজুমদাৰে দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত অনুষ্ঠিত ৬৮সংখ্যক ৰাষ্ট্ৰীয় স্কুল ক্রীড়াত ৰূপৰ পদক অৰ্জন কৰিছে। তক্ষীলে আজি ল'ৰাৰ ১৭ বছৰ অনূৰ্ধ্বৰ কুমিটেৰ ৫০ কিলোগ্রাম ওজন শাখাত এই কৃতিত্ব অৰ্জন কৰে। সদৌ অসম কাৰাটে সন্থাৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতা আৰু সাধাৰণ সম্পাদক আদর্শ চৌধুৰীয়ে খে...

December 11, 2024 8:17 PM December 11, 2024 8:17 PM

views 6

চিৰাঙৰ আমলাইগুৰি আদৰ্শ গাঁৱৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলঙৰ আধাৰশিলা স্থাপন

চিৰাং জিলাৰ অন্তৰ্গত আমলাইগুৰি আদৰ্শ গাঁৱত আন্তঃগাঁথনি উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে গাঁওখনত আজি কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ছিদলী বিধানসভা সমষ্টিৰ নৱ-নির্বাচিত বিধায়ক নিৰ্মল কুমাৰ ব্ৰহ্মই গাঁওখনৰ ৰাষ্ট্ৰীয় পথ সংযোগী মূল দলংখনৰ আধাৰশিলা স্থাপন কৰে। এ...

December 11, 2024 8:15 PM December 11, 2024 8:15 PM

views 2

নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটা প্ৰদান; মাজুলীৰ জেংৰাই গাঁও পঞ্চায়তৰ বঁটা লাভ

ৰাষ্ট্ৰপতি শ্ৰীমতি দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত পঞ্চায়তীৰাজ মন্ত্ৰ্যালয়ে আয়োজন কৰা এটা অনুষ্ঠানত ২০২৪ বৰ্ষৰ ৰাষ্ট্ৰীয় পঞ্চায়ত বঁটাসমূহ প্ৰদান কৰে। অনুষ্ঠানত তৃণমূল পৰ্যায়ৰ প্ৰশাসন আৰু সমূহীয়া উন্নয়নৰ ক্ষেত্ৰত লাভ কৰা সাফল্যক প্রতিফলিত কৰি বিভিন্ন শাখাত মুঠ ৪৫খন পঞ্চায়তক এই...

December 11, 2024 8:14 PM December 11, 2024 8:14 PM

views 7

সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতা, স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ সকীয়নি

গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৱিষ্যতে সংযুক্ত প্রতিযোগিতামূলক পৰীক্ষাকে ধৰি সকলো পৰীক্ষা সম্পূর্ণ দায়বদ্ধতাৰে আৰু স্বচ্ছভাৱে সম্পন্ন কৰিবলৈ অসম লোকসেৱা আয়োগক সকীয়াই দিছে। ন্যায়ালয়ে আজি অসম লোকসেৱা আয়োগৰ ২০১৮ চনৰ পৰীক্ষাৰ বিসংগতি সম্পৰ্কীয় এটা গোচৰৰ ৰায়দান কৰি আয়োগক এইদৰে সতৰ্ক কৰি দিয়ে। উচ্চ ...

December 11, 2024 8:12 PM December 11, 2024 8:12 PM

views 4

সদ্যসমাপ্ত উপ-নির্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনিদিনীয়া বৈঠক

কংগ্ৰেছে সদ্যসমাপ্ত উপ-নির্বাচনত লাভ কৰা পৰাজয়ৰ কাৰণ পৰ্যালোচনাৰ উদ্দেশ্যে ১৩ ডিচেম্বৰৰ পৰা তিনি-দিনীয়া বৈঠকৰ আহ্বান কৰিছে। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে গুৱাহাটীত হ'বলগীয়া এই পর্যালোচনা বৈঠকত দলৰ উন্নয়ন খণ্ড আৰু জিলা পৰ্যায়ৰ কৰ্মকৰ্তাসকল...

December 11, 2024 8:11 PM December 11, 2024 8:11 PM

views 4

ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ত স্বাস্থ্য পৰীক্ষা শিবিৰ

আন্তঃৰাষ্ট্ৰীয় দিব্যাংগ দিৱসৰ সৈতে সংগতি ৰাখি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ধুবুৰীৰ উদ্যোগত ধুবুৰীৰ জৱাহৰ হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত আজি এটা স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীত ১৮ বছৰ বয়সৰ তলৰ সকলো ল'ৰা-ছোৱালীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া ঔষধ বিতৰণ কৰা হয়।...