আঞ্চলিক সংবাদ

December 23, 2024 8:11 PM December 23, 2024 8:11 PM

views 6

মৰিগাঁও জিলাত ১৯ ডিচেম্বৰৰ পৰা সু-শাসন সপ্তাহ-২০২৪ উদযাপন

দেশজুৰি উদযাপিত সু-শাসন সপ্তাহ ২০২৪ৰ অংশ হিচাপে মৰিগাঁও জিলাত যোৱা ১৯ ডিচেম্বৰৰ পৰা ২৪ ডিচেম্বৰলৈ বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। এই উপলক্ষে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা পৰ্যায়ৰ কর্মশালা অনুষ্ঠিত হয়। কৰ্মশালাৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই সু-শাসন সপ্তাহৰ মূল লক্ষ্যসমূহ ব্যাখ্যা কৰে...

December 23, 2024 8:08 PM December 23, 2024 8:08 PM

views 7

পঞ্চায়ত নিৰ্বাচনৰ বাবে ৩১খন জিলাত বিজেপিৰ তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি

সমাগত পঞ্চায়ত নিৰ্বাচনৰ বাবে বিজেপিয়ে ৩১খন জিলাত তত্ত্বাৱধায়ক আৰু সহ-তত্ত্বাৱধায়কক নিযুক্তি দিছে। তত্ত্বাৱধায়কৰ দায়িত্ব দিয়াসকলৰ ভিতৰত ভালেকেইগৰাকী কেবিনেট মন্ত্ৰী আছে। নির্বাচন পৰিচালনা সমিতিৰ আহ্বায়ক হিচাপে প্রাক্তন সাংসদ পল্লৱ লোচন দাসক দায়িত্ব অর্পণ কৰা হৈছে। ইস্তাহাৰ সমিতিৰ আহ্বায়ক পদ...

December 23, 2024 8:06 PM December 23, 2024 8:06 PM

views 6

উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ ব্যাপক প্ৰস্তুতি, আলোকসজ্জাৰে সজ্জিত গিৰ্জাসমূহ

বৰদিনলৈ মাজত এদিন বাকী থকা অৱস্থাত উত্তৰ-পূৰ্বাঞ্চলৰ খ্ৰীষ্টধৰ্মী ৰাজ্যসমূহত বৰদিনৰ আনন্দোল্লাস আৰম্ভ হৈছে। এই উপলক্ষে গিৰ্জাঘৰৰ লগতে নিজ নিজ বাসগৃহসমূহ ৰং-বিৰঙী ফুল, তৰা, খ্ৰীষ্টমাছ ট্ৰী আৰু আলোকসজ্জাৰে সজ্জিত কৰি তোলা হৈছে। কাইলৈ মাজনিশাৰ পৰা গির্জাসমূহত বৰদিনৰ বিশেষ সমূহীয়া প্ৰাৰ্থনাৰ লগতে কেৰল ...

December 23, 2024 8:04 PM December 23, 2024 8:04 PM

views 3

কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ‘মধুপুৰ মহোৎসৱ’

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু সাহিত্য চৰ্চা কেন্দ্ৰ, অসমৰ সহযোগত কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে মধুপুৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ সৈতে সংগতি ৰাখি কাইলৈ সাহিত্য বিষয়ক এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। মাজুলী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্ব...

December 23, 2024 12:57 PM December 23, 2024 12:57 PM

views 3

আকাশবাণীৰ অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ প্রার্থীৰ পৰা আবেদন আহ্বান

আকাশবাণী গুৱাহাটী কেন্দ্ৰত অংশকালীন সংবাদদাতা হিচাপে ডিব্ৰুগড়, ধেমাজি, বিশ্বনাথ, হোজাই, কামৰূপ, বজালী, পশ্চিম কাৰ্বি আংলং আৰু কাছাৰ জিলাৰ আগ্ৰহী প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে। সবিশেষ জানিবলৈ আৰু আবেদন পত্র ডাউনলোড কৰিবলৈ প্ৰাৰ্থীয়ে www.newsonair.gov.in ত লগ ইন কৰিব পাৰে। অহা ১০ জানুৱাৰী ২০২৫ৰ ভিত...

December 23, 2024 12:54 PM December 23, 2024 12:54 PM

views 12

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ বৈঠক

ডিব্ৰুগড়ৰ অসম সচিবালয়ত আজি অসম মন্ত্ৰীসভাৰ এখন বৈঠক অনুষ্ঠিত হব। তিনিদিনীয়া উজনি অসমৰ ভ্ৰমণসূচীৰে বৰ্তমান ডিব্ৰুগড়ত বাহৰ পাতি থকা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এই বৈঠকত অধ্যক্ষতা কৰিব। আজি সন্ধিয়া চাৰে ৬ বজাত অনুষ্ঠিত হ'বলগীয়া বৈঠকখনত পৰিবহন মন্ত্রী যোগেন মহন, উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী ...

December 23, 2024 12:37 PM December 23, 2024 12:37 PM

views 9

ৰাজ্য চৰকাৰৰ সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ৰ সদৌ অসম ভিত্তিত কুইজ প্রতিযোগিতাৰ আয়োজন

ৰাজ্য চৰকাৰৰ খিলঞ্জীয়া আৰু জনজাতীয় বিশ্বাস আৰু সংস্কৃতি বিভাগৰ সংগ্ৰহালয় সঞ্চালকালয়ে অহা পহিলা জানুৱাৰীত ছাত্ৰ-ছাত্ৰীৰ মাজত সদৌ অসম ভিত্তিত এখন কুইজ প্রতিযোগিতাৰ আয়োজন কৰিছে। ভাৰতীয় সংস্কৃতি, ঐতিহ্য আৰু সংগ্ৰহালয় বিষয়ক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত এই কুইজ প্রতিযোগিতাত আ...

December 23, 2024 12:34 PM December 23, 2024 12:34 PM

views 3

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়লৈ ১২০ কোটি টকা মুকলি

পি এম শ্ৰী আঁচনিৰ অধীনত অসমৰ ৩৮২ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কেন্দ্ৰীয় চৰকাৰে ১২০ কোটি টকা মুকলি কৰি দিছে। কেন্দ্ৰীয় চৰকাৰে পি এম শ্ৰী আঁচনিৰ অধীনত দেশৰ ১২,০৮৪ খন বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষা বিভাগৰ এটা সূত্রই জানিবলৈ দিয়া মতে দুটা পৰ্যায়ত অসমৰ নিৰ্বা...

December 23, 2024 12:31 PM December 23, 2024 12:31 PM

views 7

বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা অভিযানত গ্ৰেপ্তাৰ হোৱা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি

অসম আৰক্ষীয়ে বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যখনত চলোৱা তৃতীয়টো বিশেষ অভিযানত গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৩০ লৈ বৃদ্ধি পাইছে। আৰক্ষী সূত্ৰই জনোৱা অনুসৰি এই সন্দৰ্ভত বৰ্তমানলৈকে ৩৪৫ টা গোচৰ ৰুজু কৰা হৈছে। অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই কয়, যে তিনিটা পৰ্যায়তে ধুবুৰী জিলাত সৰ্বাধিক গ...

December 23, 2024 12:27 PM December 23, 2024 12:27 PM

views 10

আকাশবাণীৰ পাব্লিক স্পীকত আজি ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা আলোচনা প্ৰচাৰ

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা চাৰে ৯ বজাত চৰকাৰৰ অটল উদ্ভাৱন অভিযান : ভাৰতৰ উদ্ভাৱন আৰু উদ্যোগীকৰণৰ পৰিৱেশতন্ত্র শক্তিশালী কৰা সন্দৰ্ভত নীটি আয়োগৰ অটল উদ্ভাৱন অভিযানৰ সঞ্চালক ডº চিন্তন বৈষ্ণৱৰ সৈতে হোৱা এটা বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্ৰোতাসক...

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।