আঞ্চলিক সংবাদ

January 30, 2025 2:19 PM

views 44

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান

প্রাচ্যতত্ববিদ বিশিষ্ট সাহিত্যিক, অধ্যাপক থানেশ্বৰ শৰ্মা আৰু মহেশ্বৰ হাজৰিকালৈ আজি অসম সাহিত্য সভাৰ সদস্য মহীয়ান সন্মান আগবঢ়োৱা হ'ব। একেদৰে গৱেষক, সাহিত্যিক, অধ্যাপক আনন্দ বৰমুদৈ, বিশিষ্ট সাহিত্যিক, অধ্যাপক ইদ্রিছ আলী, বিশিষ্ট ভাষাবিদ, অধ্যাপক ভীমকান্ত বৰুৱা আৰু গৱেষক সাহিত্যিক, অধ্যাপক কৰবী ডেকা ...

January 29, 2025 8:39 PM

views 28

এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ ল’লে মন্ত্ৰী বিমল বৰাই

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে অসমক বিনিয়োগৰ থলী আৰু দেশৰ শীৰ্ষৰ ৰাজ্যসমূহৰ অন্যতমৰূপে গঢ়ি তোলাৰ লক্ষ্যত অটল হৈ আছে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভান্টেজ আছাম দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতিৰ বুজ লৈ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা কোম্পানী বিভাগৰ মন্ত্ৰী বিমল বৰাই...

January 29, 2025 8:32 PM

views 30

অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ

বজালী জিলাৰ পাঠশালাত পৰহিলৈৰ পৰা হ'বলগীয়া অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। বজালীৰ ভট্টদেৱ ক্ষেত্ৰত পাঁচদিনীয়াকৈ হ'বলগীয়া এই অধিৱেশনৰ বাবে নাট্য নগৰী পাঠশালাৰ জনসাধাৰণৰ মাজত ব্যাপক উৎসাহ-উদ্দীপনা বিৰাজ কৰিছে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা...

January 29, 2025 8:29 PM

views 21

ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙৰ দায়িত্ব গ্ৰহণ

ৰাজ্যৰ ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক প্রধান হিচাপে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া হৰমিত সিঙে আজি দায়িত্বভাৰ গ্ৰহণ কৰে। গুৱাহাটীৰ উলুবাৰীত থকা অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত হৰমিত সিঙে জি পি সিঙৰ পৰা দায়িত্ব গ্ৰহণ কৰে। পূৰ্বৰ আৰক্ষী সঞ্চালক প্রধান জ্ঞানেন্দ্র প্রতাপ সিঙক কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ স...

January 29, 2025 1:13 PM

views 20

সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ সামৰণি

সাপ আৰু মানুহৰ সহাৱস্থান, নীতিগতভাৱে সাপ উদ্ধাৰ আৰু সৰ্পদংশন প্ৰতিৰোধী দক্ষতা বৃদ্ধিৰ উদ্দেশ্যেৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ উদ্যোগত কঁহৰাত অনুষ্ঠিত দুদিনীয়া কৰ্মশালাৰ কালি সামৰণি পৰে এই কৰ্মশালাত কাজিৰঙা, নগাঁও, বিশ্বনাথ, শিৱসাগৰ, গোলাঘাট, ডিব্ৰুগড় আৰু তিনিচুকীয়াকে ধৰি ৰাজ্যৰ বিভিন্ন প...

January 29, 2025 1:12 PM

views 41

অসম আৰক্ষীৰ বিশেষ অভিযানত প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ

অসম আৰক্ষীয়ে যোৱানিশা বিশেষ অভিযান চলাই প্রায় ৩ কোটি টকা মূল্যৰ মাদকদ্রব্য জব্দ কৰে। কাৰ্বি আংলং আৰক্ষীয়ে বোকাজানৰ অমৰাজানত এখন বাহনৰ পৰা ৭৪৫ গ্রাম হেৰ'ইন জব্দ কৰে আৰু এই সংক্ৰান্তত দুজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা হেৰ’ইনখিনিৰ মূল্য প্রায় ২ কোটি হ'ব বুলি অনুমান কৰা হৈছে। ইপিনে, নগাঁও আৰক্ষীয়ে ...

January 29, 2025 1:11 PM

views 21

জি পি সিঙক আনুষ্ঠানিকভাৱে ৰাজ্যপাল, মুখ্যমন্ত্ৰীৰ বিদায় সম্ভাষণ

ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যই অসম আৰক্ষীৰ বিদায়ী সঞ্চালক প্রধান জি পি সিঙক কেন্দ্রীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ সঞ্চালকপ্ৰধানৰ দায়িত্বভাৰ গ্ৰহণৰ পূৰ্বে কালি আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায়। শ্রী আচার্যই সঞ্চালকপ্ৰধানগৰাকীক নতুন দায়িত্ব নিৰ্বাহৰ পূৰ্বে অভিনন্দন জ্ঞাপন কৰে। এই উপলক্ষে ৰাজভৱনত আ...

January 29, 2025 12:59 PM

views 18

আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা

গুৱাহাটী ক্রীড়া সন্থা আৰু ক্ৰীড়া সঞ্চালকালয়ৰ উদ্যোগত লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাখন আজিৰেপৰা ৰাজ্যৰ বিভিন্ন জিলাসমূহত অনুষ্ঠিত হ'ব। আজি গুৱাহাটীৰ ভাৰতীয় ক্রীড়া প্ৰাধিকৰণৰ খেলপথাৰত এই প্রতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উদ্বোধনী খেলখনত এফ চি গ্রীণ ভেলী অসম পুলিচৰ ...

January 29, 2025 12:57 PM

views 19

সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি

শিৱসাগৰ জিলাত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাৰ কালি সামৰণি পৰে। অন্তিম দিনৰ কাৰ্যসূচীত তলাতল ঘৰৰ বাকৰিৰ পৰা এটা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। লোক সংস্কৃতিৰ সাধক তথা শিক্ষাবিদ ড° অনিল শ‍ইকীয়াই উদ্বোধন কৰা অসমৰ বাৰেৰহনীয়া সংস্কৃতিক প্ৰতিফলিত কৰা এই শোভাযাত্ৰাত আছুৰ...

January 29, 2025 12:55 PM

views 32

ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল কাইলৈ প্ৰয়াগৰাজলৈ ৰাওনা

উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত চলি থকা দেশৰ অন্যতম ধর্মীয় মহোৎসৱ মহাকুম্ভ মেলালৈ কাইলৈ সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱগোস্বামীৰ নেতৃত্বত মাজুলীৰ আউনীআটী সত্ৰৰ এটা ৪০জনীয়া বৈষ্ণৱ শিল্পীৰ দল ৰাওনা হ'ব। দলটোৱে কুম্ভমেলাত মাজুলী সত্ৰীয়া পৰিবেশ আৰু সত্ৰিয়া সংস্কৃতি প্ৰদৰ্শন কৰিব। তেওঁলোকে মহাপুৰুষ শ্ৰীমন্ত শংক...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।